ETV Bharat / state

অসমীয়া চিনেমা চাবলৈ প্ৰতি গৰাকী দৰ্শক দৌৰি দৌৰি যাব: জুবিন গাৰ্গ

author img

By

Published : May 4, 2022, 5:15 PM IST

বিহালী বৰগাঙত শান্তিপূৰ্ণ ভাৱে সামৰণি পৰিল যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গৰ সাংস্কৃতিক অনুষ্ঠান (Zubeen Garg stage programme) ৷ হাজাৰ-হাজাৰ দৰ্শকে জুবিনৰ গানত নাচিলে কঁকাল ঘুৰাই ৷ মঞ্চত গীত পৰিৱেশন কৰি জুবিনে ‘‘অসমীয়া চিনেমা প্ৰতি গৰাকী দৰ্শকে চাবলৈ দৌৰি দৌৰি যাব, আমি জীয়াই ৰাখিব লাগিব অসমীয়া চিনেমা’’ বুলি হাজাৰ হাজাৰ দৰ্শকক আহ্বান জনায় (Zubeen Garg on Assamese film)।

zubeen-garg-stage-programme-at-behali-in-biswanath
অসমীয়া চিনেমা প্ৰতি গৰাকী দৰ্শকে চাবলৈ দৌৰি দৌৰি যাব...: জুবিন গাৰ্গ

বিহালী, 4 মে’: দুটা বছৰৰ পিছত অসমবাসীয়ে উপভোগ কৰিবলৈ সক্ষম হ'ল অসমীয়াৰ বাপোতি সাহোন ৰঙালী বিহু । বিগত দুটা বছৰ কভিড-19ৰ বাবে কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰিব পৰা নাছিল অসমবাসীয়ে । যাৰ ফলত শিল্পী সকলো ঘৰৰ ভিতৰতে থাকিব লগা হৈছিল ।

শেহতীয়াকৈ দেশত ক’ভিড পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘুৰি অহাত এই বছৰ ৰাজ্যত উলহ মালহেৰে পালন কৰা হৈছে বহাগ বিহু । ৰাজ্যৰ চুকে কোণে অনুষ্ঠিত হৈছে বহাগ বিহুৰ সাংস্কৃতিক অনুষ্ঠান । কিন্তু ৰাজ্যত অনুষ্ঠিত হোৱা বহাগ বিহুৰ সাংস্কৃতিক অনুষ্ঠানসমূহত বিভিন্ন অপ্ৰীতিকৰ পৰিস্থিতি, বোকা নাচকে ধৰি বিভিন্ন ঘটনা সংঘটিত হৈছে যদিও সোমবাৰে নিশা তাৰ সম্পূৰ্ণ বিপৰীত দৃশ্য দেখা গ'ল বিশ্বনাথ জিলাৰ বিহালীৰ বৰগাঙত অনুষ্ঠিত হোৱা যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ'ব জুবিন গাৰ্গৰ সাংস্কৃতিক অনুষ্ঠানত (Zubeen Garg stage programme) ।

zubeen-garg-stage-programme-at-behali-in-biswanath
অসমীয়া চিনেমা প্ৰতি গৰাকী দৰ্শকে চাবলৈ দৌৰি দৌৰি যাব...: জুবিন গাৰ্গ

জুবিন গাৰ্গৰ দৰে জনপ্ৰিয় গায়ক এজনৰ সাংস্কৃতিক অনুষ্ঠান সুকলমে অনুষ্ঠিত কৰিব পৰাটো বৰ্তমান সময়ত সহজসাধ্য বিষয় নহয় যদিও সেয়া বৰগাং কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতি আৰু বিহালীবাসীয়ে শান্তি-শৃংখলা বজাই ৰাখি দাঙি ধৰিলে এক সুন্দৰ নিদৰ্শন ৷ সোমবাৰে নিশা বিহালী বৰগাঙৰ ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰায় 5 কিলোমিটাৰ দূৰত্বৰ পৰা শুকানখুঁটি খেল পথাৰ পৰ্যন্ত মানুহৰ ভিৰ পৰিলক্ষিত হয় কেৱল জুবিনক চাবলৈ ৷

zubeen-garg-stage-programme-at-behali-in-biswanath
অসমীয়া চিনেমা প্ৰতি গৰাকী দৰ্শকে চাবলৈ দৌৰি দৌৰি যাব...: জুবিন গাৰ্গ

কটকটীয়া নিৰাপত্তাৰে বিশ্বনাথ আৰু বিহালী আৰক্ষীৰ লগতে সেনাবাহিনীৰ দলে দৰ্শকক কোনো অসুবিধা নিদিয়াকৈ সুন্দৰভাৱে পৰিচালনা কৰি এক সুন্দৰ দৃশ্য দাঙি ধৰিবলৈ সক্ষম হয় । ইফালে এই সাংস্কৃতিক অনুষ্ঠানতে প্ৰিয় শিল্পীগৰাকীক এখন চিত্ৰ আঁকি উপহাৰ দিয়ে বিহালীৰ প্ৰণৱ দাসে ৷

zubeen-garg-stage-programme-at-behali-in-biswanath
অসমীয়া চিনেমা প্ৰতি গৰাকী দৰ্শকে চাবলৈ দৌৰি দৌৰি যাব...: জুবিন গাৰ্গ

শিল্পী প্ৰণৱ দাসক জুবিনে মঞ্চতে ভৱিষ্যতে সহায়-সহযোগিতা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে । লগতে মঞ্চৰ পৰাই জুবিনে ‘‘অসমীয়া চিনেমা প্ৰতি গৰাকী দৰ্শকে চাবলৈ দৌৰি দৌৰি যাব, আমি জীয়াই ৰাখিব লাগিব অসমীয়া চিনেমা’’ বুলি দৰ্শকসকলক আহ্বান জনায় (Zubeen Garg on Assamese film) ।

এইদৰে শান্তি শৃংখলা বজাই ৰাখি সাংস্কৃতিক অনুষ্ঠানটো উপভোগ কৰা জুবিন গাৰ্গৰ প্ৰতিগৰাকী অনুৰাগী আৰু বৰগাং বিহালীবাসীৰ লগতে জিলা আৰক্ষী প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰে উদযাপন সমিতিৰ সভাপতি তথা বিধায়ক ৰঞ্জিত দত্ত আৰু সম্পাদক মুকুট ভট্টাচাৰ্যই ৷

লগতে পঢ়ক: চৰকাৰৰ বৰ্ষপুৰ্তি: কাজিৰঙাত মুখ্যমন্ত্ৰীয়ে লব মন্ত্ৰী-বিধায়কৰ কামৰ খতিয়ান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.