ETV Bharat / state

নগাঁৱৰ নিচামুক্তি কেন্দ্ৰত আতিশায্যৰ বলি চিকিৎসাধীন যুৱক

author img

By

Published : May 4, 2022, 6:22 PM IST

Updated : May 4, 2022, 6:32 PM IST

নগাঁৱৰ এটা নিচামুক্তি কেন্দ্ৰৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ (Rehabilitation centre in Nagaon)৷ ‘চেষ্টা’ নামৰ এটা নিচামুক্তি কেন্দ্ৰৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ কেন্দ্ৰটোত চিকিৎসাধীন হৈ থকা যুৱকসকলক বিভিন্ন প্ৰকাৰে অত্যাচাৰ চলোৱা বুলি অভিযোগ উঠিছে কৰ্তৃপক্ষৰ বিৰুদ্ধে ৷

Rehabilitation centre in Nagaon
নিচামুক্তি কেন্দ্ৰত আতিশায্যৰ বলি চিকিৎসাধীন যৱক!

নগাঁও, 4 মে’: নিচামুক্তি কেন্দ্ৰত যুৱকৰ ওপৰত আতিশায্য চলোৱাৰ অভিযোগ উত্থাপিত হৈছে নগাঁৱত (Allegation against rehabilitation centre in Nagaon)৷ নিচাসক্ত যুৱকক পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰাই অনাৰ বাবে নগাঁৱত স্থাপিত কেইবাটাও নিচামুক্তি কেন্দ্ৰত চৰম অনিয়ম চলাৰ অভিযোগ উত্থাপিত হৈছে । শেহতীয়াকৈ নগাঁৱৰ ‘চেষ্টা’(Sesta foundation) নামৰ এটা নিচামুক্তি কেন্দ্ৰৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ আনিছে কলিয়াবৰৰ এগৰাকী শিল্পীয়ে ।

শিল্পীগৰাকীক ১৫ দিন পূৰ্বে পৰিয়ালৰ লোকে কেন্দ্ৰটোত ভৰ্তি কৰোৱাইছিল । কিন্তু নগাঁও চহৰৰ তেলিয়াগাঁওস্থিত নিচামুক্তি কেন্দ্ৰটোত শিল্পীগৰাকীৰ ওপৰত চৰম শাৰিৰীক আৰু মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে শিল্পীগৰাকীয়ে । এই বিষয়ে পৰিয়ালৰ লোকে জানিব পাৰি হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীৰ সহযোগত উদ্ধাৰ কৰে যুৱকজনক । ইপিনে চৰম অস্বাস্থ্যকৰ পৰিৱেশত ৰখা যুৱকসকলক নিচামুক্তি কেন্দ্ৰৰ কৰ্তৃপক্ষই ব্যাপক নিৰ্যাতন চলোৱাৰ অভিযোগ তুলিছে শিল্পীগৰাকীয়ে ।

নগাঁৱৰ নিচামুক্তি কেন্দ্ৰত আতিশায্যৰ বলি চিকিৎসাধীন যুৱক

আনহাতে নিচামুক্তি কেন্দ্ৰলৈ যোৱা যুৱকসকলৰ পৰা ব্যাপক হাৰত ধন লোৱাৰ লগতে তেঁওলোকৰ সামগ্ৰীও চুৰি কৰাৰ অভিযোগ কৰিলে কেন্দ্ৰটোৰ দায়িত্বত থকা লোকসকলৰ ওপৰত । উল্লেখযোগ্য যে, আজিৰ পৰা ১৫ দিন পূৰ্বে নগাঁৱৰ ফ্ৰেণ্ডছ নামৰ এটা নিচামুক্তি কেন্দ্ৰত এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰিও চহৰখনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল । আনহাতে নিচামুক্তি কেন্দ্ৰত ধন দিলেই সহজে উপলব্ধ হয় গুটখা, চিগাৰেট আদি ধপাত জাতীয় সামগ্ৰী বুলিও অভিযোগ উত্থাপিত হৈছে ।

লগতে পঢ়ক: কঠিয়াতলীত দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট ; আহত ৯

Last Updated :May 4, 2022, 6:32 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.