ETV Bharat / city

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : May 2, 2022, 2:59 PM IST

news-at-3
3 বজাৰ শীৰ্ষ 10 টা বাতৰি

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

মোৰ গ্ৰেপ্তাৰৰ ঘটনা পূৰ্ব পৰিকল্পিত : জিগনেশ মেৱানী

গুজৰাটৰ কংগ্ৰেছ বিধায়ক জিগনেশ মেৱানীৰ গ্ৰেপ্তাৰ(Arrest of MLA Jignesh Mevani)ৰ আঁৰত জড়িত স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ! এয়া কোনো হঠাতে হোৱা ঘটনা নহয় ৷ বৰং ই পূৰ্ব পৰিকল্পিত ষড়যন্ত্ৰ ৷ সোমবাৰে সংবাদমেল সম্বোধন(Press meet of Jignesh Mevani) কৰি এই দাবী কৰিছে সদ্য জামিনত মুক্তিপ্ৰাপ্ত বিধায়ক তথা দলিত নেতাগৰাকীয়ে ৷

Mithun Chakraborty latest updates: হাস্পতালৰ বিচনাত মিথুন চক্ৰৱৰ্তীৰ ফটো দেখা পাই শংকাত অনুৰাগী

সামাজিক মাধ্যমত সাংঘাতিক ধৰণে ভাইৰেল হৈছে অভিনেতা মিথুন চক্ৰৱৰ্তীৰ এখন ফটো (Mithun Chakraborty latest updates) ৷ এই লৈ এতিয়া শংকাত ভূগিছে অভিনেতাগৰাকীৰ অনুৰাগীসকল ৷

পৌৰ নিগমৰ মেয়ৰ পদত মহিলাৰ পৰিৱৰ্তে পুৰুষ কাউন্সিলৰ হোৱাৰ সম্ভাৱনা

ঈদৰ পাছতহে নিৰ্বাচিত হ'ব গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ, গঠন হ'ব পৌৰ নিগমৰ পাৰিষদ । কিন্তু কোন হ'ব গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ (Who is the next Mayor of GMC?) পুৰুষ নে মহিলা ? তাক লৈ চলিছে সৰৱ চৰ্চা ।

Dharmendra latest news: হাস্পতালৰ পৰা ঘৰলৈ উভতিল ধৰ্মেন্দ্ৰ

বিগত সপ্তাহৰ আৰম্ভণিতে শ্বুটিঙৰ সময়ত পিঠিৰ মাংসপেশীত চাপ অনুভৱ কৰি হাস্পতালত ভৰ্তি হয় অভিনেতা ধৰ্মেন্দ্ৰ ৷ মুম্বাইৰ ব্ৰীচ্ছ কেণ্ডি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল অভিনেতাজনক (Dharmendra latest news) ৷

Tanzania star Kili Paul:তাঞ্জানিয়াৰ তাৰকা কিলি পলক লাঠি আৰু চুৰিৰে আক্ৰমণ দুৰ্বৃত্তৰ

তাঞ্জানিয়াৰ ইন্টাৰনেট চেনচেছন কিলি পলক অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণ ৷ দুৰ্বৃত্তৰ লাঠি আৰু চুৰিৰে আক্ৰমণ গুৰুতৰভাৱে আহত কিলি পল (Tanzania star Kili Paul) । কিলিৰ ভনীয়েকে শ্বেযাৰ কৰিছে তেওঁৰ এটা ভিডিঅ' ৷ য'ত কিলিক অচেতন অৱস্থাত পৰি থকা দেখিবলৈ পোৱা গৈছে ।

ভূ-মাফিয়াৰ আক্ৰমণৰ বলি কংগ্ৰেছৰ সেৱাদলৰ মুখ্য আহ্বায়ক চন্দন বৰুৱা

ভূ-মাফিয়াৰ বিৰুদ্ধে ৰাজ্য চৰকাৰ তথা আৰক্ষীয়ে ধাৰাবাহিকভাৱে অভিযান চলাই থকাৰ সময়তে মঙলদৈত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ মঙলদৈত ভূ-মাফিয়াৰ আক্ৰমণৰ বলি প্ৰদেশ কংগ্ৰেছৰ সেৱাদলৰ মুখ্য আহ্বায়ক চন্দন বৰুৱা(Land mafia attack Congress leader) । সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা চন্দন বৰুৱাৰ ৷

Janhvi Kapoor instagram: ৰেখাৰ বিখ্যাত ইন আখো কি মস্তি গানত নৃত্য কৰিলে জাহ্নৱী কাপুৰে

জাহ্নৱী কাপুৰে ৰেখা অভিনীত উমৰাও জান ছবিখনৰ জনপ্ৰিয় গীত ইন আখো কি মস্তিত নৃত্য কৰা এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে (Janhvi Kapoor instagram) ৷ অভিনেত্ৰী গৰাকীয়ে বৰ্তমান বিভিন্ন প্ৰকাৰৰ নৃত্য শিকি আছে ৷ কৰণ জোহৰৰ নতুন ছবি Takht ৰ বাবে জাহ্নৱীয়ে কথক নৃত্যৰো প্ৰশিক্ষণো গ্ৰহণ কৰি আছে ৷

নিদ্ৰাহীনতাই কেনেদৰে প্ৰভাৱিত কৰে আপোনাৰ চকুজুৰিক ?

টোপনি নহা বা অনিদ্ৰাৰ ফলত কেৱল শাৰীৰিক নহয়, মানসিকভাৱেও বহুতো স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ'ব পাৰে । শেহতীয়া এক অধ্যয়নত দেখা গৈছে যে, নিদ্ৰাহীনতা বা অনিদ্ৰাই চকুজুৰিৰ স্বাস্থ্যক বাৰুকৈয়ে প্ৰভাৱিত কৰিব পাৰে ৷ সবিশেষ চাওক এই প্ৰতিবেদনত ৷

নগাঁৱত অবৈধ চোৰাং কাঠভৰ্তি ট্ৰাক জব্দ; আটক এজন

মধ্য অসমৰ মাজেৰে চলি আছে চোৰাং কাঠৰ অবৈধ সৰবৰাহ(Illegal wood seized at Nagaon) । নগাঁও আৰক্ষীৰ তৎপৰতাত পোহৰলৈ আহিছে চোৰাং কাঠ সৰবৰাহৰ তথ্য । নগাঁৱৰ বেবেজীয়াৰ পৰা জব্দ প্ৰায় ২০ লক্ষাধিক টকাৰ ম্যানমাৰৰ চেগুন কাঠ ।

ৰাইজৰ ৰোষত KAAC ৰ কাৰ্যবাহী সদস্য খনছিং ৰংপি

ডলামৰা ৰাজ্যিক চিকিৎসালয় কেন্দ্ৰ স্থানান্তৰকৰণৰ বিপক্ষে জনসাধাৰণ ৷ উত্তেজিত ৰাইজে আৱদ্ধ কৰিলে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য খনছিং ৰংপিৰ বাহন((Khonsing Rongpi face public fire at Bokakhat)) ৷ অৱশ্যে কাৰ্যবাহী সদস্যজনে ৰাইজৰ সৈতে মুখামুখি হৈ একেমুখে এই বাতৰি নস্যাৎ কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.