ETV Bharat / sukhibhava

নিদ্ৰাহীনতাই কেনেদৰে প্ৰভাৱিত কৰে আপোনাৰ চকুজুৰিক ?

author img

By

Published : May 2, 2022, 12:02 PM IST

টোপনি নহা বা অনিদ্ৰাৰ ফলত কেৱল শাৰীৰিক নহয়, মানসিকভাৱেও বহুতো স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ'ব পাৰে । শেহতীয়া এক অধ্যয়নত দেখা গৈছে যে, নিদ্ৰাহীনতা বা অনিদ্ৰাই চকুজুৰিৰ স্বাস্থ্যক বাৰুকৈয়ে প্ৰভাৱিত কৰিব পাৰে ৷ সবিশেষ চাওক এই প্ৰতিবেদনত ৷

How insomnia affects eye health and what foods can help?
নিদ্ৰাহীনতাই কেনেদৰে প্ৰভাৱিত কৰে আপোনাৰ চকুজুৰিক ?

পৰ্যাপ্ত টোপনিৰ অভাৱ অথবা নিদ্ৰাহীনতা হৈছে স্বাস্থ্যৰ এক গুৰুতৰ সমস্যা ৷ যিয়ে এগৰাকী ব্যক্তিৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে । লগতে এগৰাকী ব্যক্তিয়ে চকুৰ সমস্যা যেনে শুষ্কতা আৰু খজুৱতি আদিত ভোগাৰ সম্ভাৱনা থাকে ৷ সাধাৰণতে টোপনি খতি কৰাৰ বাবে এনে হোৱা দেখা যায় ৷ অপৰ্যাপ্ত টোপনিৰ ফলত চকুৰ গুৰুতৰ ৰোগ হোৱাৰো সম্ভাৱনা বৃদ্ধি পায় ৷

এগৰাকী ব্যক্তিৰ চকুজুৰিক আৱৰি ৰাখে "স্বচ্ছ কলাৰ স্তৰে" যাক সহজ ভাষাত কৰ্ণিয়া বুলি জনা যায় ৷ চকুৰ স্বাস্থ্য অটুট ৰখাৰ বাবে ইয়াৰ ভূমিকা নিতান্তই প্ৰয়োজনীয় ৷ এই কৰ্ণিয়াক ৰক্ষণাবেক্ষণ দিয়ে কৰ্ণিয়াষ্টেমে, যিয়ে মৰা কোষবোৰ আঁতৰ কৰাৰ লগতে চকুত পোৱা সৰু-সুৰা আঘাতবোৰৰ উপশম ঘটায় ৷ তদুপৰি নতুন কৰ্ণিয়া কোষৰ পৰ্যাপ্ত উৎপাদন নিশ্চিত কৰিবলৈ কৰ্ণিয়াষ্টেমে চকুৰ কোষৰ কাৰ্য-কলাপসমূহ সঠিকভাৱে নিয়ন্ত্ৰিত কৰে ৷ কৰ্ণিয়াৰ ষ্টেম কোষবোৰ নিয়ন্ত্ৰণহীন হোৱাৰ ফলত চকুৰ ৰোগ আৰু দৃষ্টিশক্তি হ্ৰাস হ'ব পাৰে ।

Stem Cell Reports ত প্ৰকাশিত শেহতীয়া এক অধ্যয়ন অনুসৰি, বিশিষ্ট গৱেষক ৱেই লি, জুগৌ লিউ আৰু জিয়ামেন বিশ্ববিদ্যালয়, চীন আৰু হাৰ্ভাৰ্ড মেডিকেল স্কুল, আমেৰিকা যুক্তৰাষ্ট্ৰৰ সহকৰ্মীসকলে পৰ্যাপ্ত টোপনিৰ অভাৱে কৰ্ণিয়াৰ ষ্টেম কোষবোৰত কেনেদৰে প্ৰভাৱ পেলায়, সেই সন্দৰ্ভত পৰীক্ষা-নিৰীক্ষা চলাইছিল ৷

গৱেষকৰ দলটোৱে নিগনিক উদাহৰণ হিচাপে লৈ কৰা পৰীক্ষা পাইছিল যে, পৰ্যাপ্ত টোপনিৰ অভাৱৰ ফলত কৰ্ণিয়াৰ ষ্টেম কোষবোৰ বহুগুণে বৃদ্ধি পাইছিল । একে সময়তে, টোপনিৰ অভাৱৰ ফলত চকুজুৰিক সুৰক্ষা প্ৰদানৰ বাবে বাহিৰ হোৱা চকুপানীৰ পৰিৱৰ্তন ঘটে ৷ গৱেষকসকলে প্ৰকাশ কৰা অনুসৰি, কৰ্ণিয়াৰ ষ্টেম কোষৰ কাৰ্য-কলাপৰ ওপৰত চকুপানীয়ে প্ৰত্যক্ষ প্ৰভাৱ পেলায় ৷ অধ্যয়নটোত প্ৰকাশ পাইছিল যে, নিদ্ৰাহীনতাৰ ফলত কৰ্ণিয়াৰ স্বাস্থ্যৰ ওপৰত গুৰুতৰ প্ৰভাৱ পৰে ৷ যেনে- পূৰ্বৰ তুলনাত কৰ্ণিয়া পাতল হৈ পৰা, দৃষ্টিশক্তি হ্ৰাস পোৱা ইত্যাদি ৷

অৰ্থাৎ টোপনিৰ অভাৱৰ ফলত কৰ্ণিয়াৰ ষ্টেম কোষবোৰ নেতিবাচকভাৱে প্ৰভাৱিত হয়, যাৰ ফলত দীঘলীয়া সময়ৰ বাবে দৃষ্টিশক্তি হ্ৰাস হ’ব পাৰে ৷ নিগনিক বাদ দি মানৱ কৰ্ণিয়াৰ ষ্টেম কোষ আৰু ৰোগীৰ ক্ষেত্ৰত একে ধৰণৰ প্ৰক্ৰিয়া অব্যাহত থকাতো নিশ্চিত কৰিবলৈ পৰৱৰ্তী অধ্যয়নৰ প্ৰয়োজনীয়তা আছে ।

তেনেহ’লে কেনেকৈ পৰিহাৰ কৰিব পাৰি নিদ্ৰাহীনতা ?

এই সন্দৰ্ভত আগবঢ়োৱা হৈছে 6 বিধ উৎকৃষ্ট খাদ্য ৷ যিয়ে নিদ্ৰাহীনতা দূৰ কৰি চকুজুৰিৰ স্বাস্থ্য অটুট ৰখাত আপোনাক সহায় কৰিব পাৰে :

  • গৰম গাখীৰ (Warm Milk) :

আপুনি নিশ্চয় আপোনাৰ আইতাৰ পৰা শুনিছে, শোৱাৰ আগতে এগিলাচ গৰম গাখীৰ খোৱাৰ কথা । ইয়াৰ আঁৰৰ প্ৰকৃত কাৰণ হৈছে গাখীৰত ট্ৰিপ্ট’ফেন থাকে ৷ লগতে থাকে কেলচিয়াম, মেলাট’নিন আৰু ভিটামিন ডি ৷ এই চাৰিওটা হৈছে টোপনিৰ বাবে সহায়কাৰী উপাদান । যদিহে আপুনি ইয়াৰ সোৱাদ আৰু ৰং বৃদ্ধি কৰিব বিচাৰে, তেন্তে ইয়াত সামান্য পৰিমাণে হালধি যোগ দিব পাৰে ৷

  • বাদাম (Nuts) :

সকলো ধৰণৰ বাদামতে পৰ্যাপ্ত পৰিমাণে থাকে বিভিন্ন পৰিমাণৰ মেগনেছিয়াম, ট্ৰিপ্ট’ফেন আদি খনিজ পদাৰ্থৰ লগতে চকুৰ বাবে প্ৰয়োজনীয় মেলাট’নিন ৷ এই উপাদানবোৰৰ সংমিশ্ৰণে অনিদ্ৰাৰ সৈতে চকুজুৰিক মোকাবিলা কৰাত সহায় কৰিব পাৰে ৷

  • কেমোমাইল চাহ (Chamomile Tea) :

কেমোমাইল চাহ সেৱনে সহজে টোপনি অহাত সহায় কৰে ৷ ইয়াত ফ্লেভোনইড, এপিগেনিন আৰু এণ্টি অক্সিডেণ্ট থাকে, যিয়ে অনিদ্ৰা হ্ৰাস কৰে ৷

  • কিৱি (Kiwi) :

ভিটামিন চি সমৃদ্ধ এবিধ ফল হৈছে কিৱি ৷ কম কেলৰিযুক্ত কিৱিত অধিক পৰিমাণে পুষ্টি থাকে । তদুপৰি এণ্টি অক্সিডেণ্ট, মেলাট’নিন, ফ’লেট, মেগনেছিয়াম আদিৰ দৰে চকুৰ লগতে শৰীৰৰ বাবে প্ৰয়োজনীয় উপাদানসমূহো এই ফলবিধত পোৱা যায় । এই সকলোবোৰে টোপনি বৃদ্ধিত সহায় কৰে ৷

  • টাৰ্কি (Turkey) :

নিশাৰ আহাৰত টাৰ্কি অন্তৰ্ভুক্ত কৰক ৷ ইয়ে আপোনাক প্ৰদান কৰিব এক সুন্দৰ টোপনি ৷ টাৰ্কিত প্ৰ’টিনৰ লগতে ট্ৰিপ্ট’ফেন থাকে, যিয়ে এগৰাকী ব্যক্তিক ভাগৰুৱা অনুভৱ কৰোৱাই ভালদৰে টোপনি যোৱাত সহায় কৰে ।

  • চৰ্বীযুক্ত মাছ (Fatty Fish) :

ভিটামিন ডি আৰু অ’মেগা-3 ফেটি এচিডৰ উৎকৃষ্ট উৎস হৈছে চৰ্বীযুক্ত মাছ ৷ সাগৰীয় বিশেষকৈ চালমন, টুনা, মেকৰেল ইত্যাদি মাছে চেৰ’টনিন নিয়ন্ত্ৰণত সহায় কৰে । যিয়ে টোপনি অহাত সহায় কৰে ৷

লগতে চাওক: গ্ৰীষ্মকালত আপোনাক সজীৱ কৰি ৰাখিবলৈ গ্ৰহণ কৰক এই 8 বিধ ফল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.