ETV Bharat / bharat

মোৰ গ্ৰেপ্তাৰৰ ঘটনা পূৰ্ব পৰিকল্পিত : জিগনেশ মেৱানী

author img

By

Published : May 2, 2022, 2:24 PM IST

গুজৰাটৰ কংগ্ৰেছ বিধায়ক জিগনেশ মেৱানীৰ গ্ৰেপ্তাৰ(Arrest of MLA Jignesh Mevani)ৰ আঁৰত জড়িত স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ! এয়া কোনো হঠাতে হোৱা ঘটনা নহয় ৷ বৰং ই পূৰ্ব পৰিকল্পিত ষড়যন্ত্ৰ ৷ সোমবাৰে সংবাদমেল সম্বোধন(Press meet of Jignesh Mevani) কৰি এই দাবী কৰিছে সদ্য জামিনত মুক্তিপ্ৰাপ্ত বিধায়ক তথা দলিত নেতাগৰাকীয়ে ৷

my-arrest-pre-planned-conspiracy-designed-by-pmo-jignesh-mevani
জিগনেশ মেৱানীৰ গ্ৰেপ্তাৰ

নেশ্যনেল ডেস্ক, 2 মে’: কিছুদিন পূৰ্বে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ(Arrest of MLA Jignesh Mevani) কৰিছিল গুজৰাটৰ কংগ্ৰেছ বিধায়ক তথা দলিত নেতা জিগনেশ মেৱানীক ৷ শেহতীয়াকৈ জামিনত মুক্তি লাভ কৰিছে বিধায়কগৰাকীয়ে ৷ সোমবাৰে বিধায়ক মেৱানীয়ে এক সংবাদমেল সম্বোধন(Press meet of Jignesh Mevani) কৰি অসম আৰক্ষীৰ দ্বাৰা তেওঁক গ্ৰেপ্তাৰ কৰা কাৰ্য পূৰ্ব পৰিকল্পিত বুলি দাবী কৰে ৷

লগতে চাওক: এয়া অসমৰ সম্পূৰ্ণ সংস্কৃতিৰ পৰিপন্থী : মুকলি আকাশৰ তললৈ আহিয়ে মন্তব্য জিগনেশ মেৱানীৰ

বিধায়কগৰাকীয়ে দাবী কৰা অনুসৰি, ৰাজ্যখনৰ বিধানসভা নিৰ্বাচন(Gujrat assembly Election 2022) ৰ পূৰ্বে বিধায়কগৰাকীৰ ৰাজনৈতিক কেৰিয়াৰ ধ্বংস হোৱাটো বিচাৰিছিল খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ যাৰ বাবে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এই ষড়যন্ত্ৰৰ ৰচনা কৰিছিল ৷

মেৱানীয়ে সংবাদমেলত এই কাৰ্য কাপুৰুষালিৰ বাদে আন একো নহয় বুলি সংবাদ মাধ্য়মৰ আগত সদৰি কৰে ৷ যিয়ে গুজৰাটৰ দৰে এখন ৰাজ্যৰ গৌৰৱত আঘাত হানিছে ৷ তদুপৰি এই গ্ৰেপ্তাৰে এগৰাকী বিধায়কৰ বাবে থকা প্ৰতিটো নিৰ্দেশনা ভংগ কৰি ষ্পষ্টৰূপত অৱজ্ঞা কৰাটোক সূচাইছে বুলি মন্তব্য কৰে ৷

লগতে চাওক: Jignesh Mevani latest update : আদালতে জামিন প্ৰদান কৰিলে জিগনেশ মেৱানীক

উল্লেখ্য যে, বৰপেটাৰ আদালতত জামিন লাভ কৰাৰ পিছত সংবাদমেলখন সম্বোধন কৰি মেৱানীয়ে ঘোষণা কৰে যে, তেওঁ ৰাজপথলৈ আহি প্ৰায় 22 টা পৰীক্ষাৰ প্ৰশ্নকাকতৰ ভাইৰেলৰ বিষয়, মুন্দ্ৰা বন্দৰৰ পৰা শেহতীয়াকৈ জব্দ কৰা 1.75 লাখ কোটি টকাৰ ড্ৰাগছৰ প্ৰসংগ উত্থাপন কৰাৰ লগতে সংখ্যালঘুসকলৰ দ্বাৰা গ্ৰেপ্তাৰ হোৱা দলিতসকলৰ বিৰুদ্ধে থকা সকলো গোচৰ প্ৰত্যাহাৰ ৰখাৰ বাবে জোৰ দিয়াৰ স্বাৰ্থত 1 জুনত গুজৰাট বন্ধ(Jignesh Mevani on Gujarat Bandh) ৰ আহ্বান জনাব ৷

মেৱানীয়ে দৃঢ়তাৰে কয় যে, তেওঁ তেওঁৰ বিৰুদ্ধে আদালতত থকা সকলো গোচৰৰ মুখামুখি হ’ব ৷ বিধায়কগৰাকীয়ে উত্থাপন কৰা প্ৰতিটো অভিযোগ তথা বিষয়ৰ ওপৰত যদিহে ৰাজ্য চৰকাৰে কোনো বিহীত ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে 1 জুনত ৰাজপথলৈ ওলাই আহি গুজৰাট বন্ধ কৰাৰ হুংকাৰ প্ৰদান কৰি বিধায়ক জিগনেশ মেৱানীয়ে ৷

লগতে চাওক: নিশাটোৰ বাবে ন্যায়িক জিন্মালৈ জিগনেশ মেৱানী: কেমেৰাৰ সমুখত দেখুৱালে পুষ্পাৰ ভংগিমা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.