ETV Bharat / city

Jignesh Mevani latest update : আদালতে জামিন প্ৰদান কৰিলে জিগনেশ মেৱানীক

author img

By

Published : Apr 25, 2022, 3:46 PM IST

Updated : Apr 25, 2022, 5:05 PM IST

জামিন লাভ কৰিলে জিগনেশ মেৱানীয়ে (Jignesh Mevani granted bail )৷ কোকৰাঝাৰ সদৰ থানাত ৰুজু হোৱা 183/2022 নং গোচৰৰ বাবে মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে জামিন প্ৰদান কৰে গুজৰাটৰ বিধায়ক গৰাকীক ৷

Jignesh Mewani granted bail
Jignesh Mewani granted bail

নিউজ ডেস্ক, 25 এপ্ৰিল : কোকৰাঝাৰ থানাত ৰুজু হোৱা গোচৰত জামিন লাভ জিগনেশ মেৱানীৰ (Jignesh Mevani granted bail )৷ নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে কৰা টুইটৰ বাবে কোকৰাঝাৰ থানাত ৰুজু হৈছিল এটা গোচৰ (Case against Jignesh mevani )৷ এই গোচৰৰ ভিত্তিত অসম আৰক্ষীয়ে গুজৰাটৰ পৰা আটক কৰিছিল বিধায়ক তথা দলিত নেতা জিগনেশ মেৱানীক ৷ প্ৰথমাৱস্থাত মেৱানীৰ জামিন আবেদন নাকচ কৰে আদালতে ৷

উল্লেখ্য যে, যোৱা বুধবাৰে নিশা প্ৰায় 11.30 বজাত পালামপুৰস্থিত আৱৰ্ত ভৱনৰ পৰা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিধায়ক তথা দলিত নেতা মেৱানীক(Jignesh Mevani arrested) ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে বিধায়কগৰাকীক আহমেদাবাদলৈ নিয়ে ৷ অনুপ কুমাৰ দে’ৰ দ্বাৰা দাখিল কৰা অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে মেৱানীক ।

মেৱানীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে কিছুদিন পূৰ্বৰে পৰা কেইবাটাও টুইট কৰিছিল ৷ যিয়ে ব্যাপক সমালোচনাৰ সন্মুখীন হোৱাৰ লগতে ৰাজনৈতিক মহলত প্ৰতিক্ৰিয়া সৃষ্টি কৰিছিল ৷ মেৱানীৰ পোষ্টবোৰে এক নিৰ্দিষ্ট সম্প্ৰদায়ৰ জনসাধাৰণৰ শান্তি বিঘ্নিত কৰাৰ লগতে অপৰাধমূলক কাৰ্য সংঘটিত কৰিবলৈ উচতনি দিয়া বুলিও অনুপ কুমাৰ দে’য়ে সদৰি কৰে ৷

কোকৰাঝাৰ সদৰ থানাত ভাৰতীয় দণ্ডবিধিৰ অধীনত জিগনেশ মেৱানীৰ বিৰুদ্ধে ১২০ (বি)/১৫৩ (এ)/২৯৫ (এ)/৫০৪/৫০৫ (এ) (বি (চি) (২) ধাৰা আৰু আই টি আইনৰ ৬৬ ধাৰাৰ অধীনত ১৮৩/২০২২ নম্বৰৰ গোচৰ ৰুজু কৰা হৈছিল । আৰক্ষীয়ে মেৱানীক ১৪ দিনৰ বাবে আৰক্ষীৰ জিম্মাত বিচাৰিছিল যদিও কোকৰাঝাৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে মেৱানীক তিনি দিনৰ বাবে আৰক্ষীৰ জিম্মাত দিয়ে (Three days police custody for Jignesh mevani)।

লগতে পঢ়ক : MLA Jignesh Mevani arrested : কংগ্ৰেছ বিধায়ক জিগনেশ মেৱানীক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ

Last Updated : Apr 25, 2022, 5:05 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.