ETV Bharat / state

ৰাইজৰ ৰোষত KAAC ৰ কাৰ্যবাহী সদস্য খনছিং ৰংপি

author img

By

Published : May 2, 2022, 1:03 PM IST

ডলামৰা ৰাজ্যিক চিকিৎসালয় কেন্দ্ৰ স্থানান্তৰকৰণৰ বিপক্ষে জনসাধাৰণ ৷ উত্তেজিত ৰাইজে আৱদ্ধ কৰিলে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য খনছিং ৰংপিৰ বাহন((Khonsing Rongpi face public fire at Bokakhat)) ৷ অৱশ্যে কাৰ্যবাহী সদস্যজনে ৰাইজৰ সৈতে মুখামুখি হৈ একেমুখে এই বাতৰি নস্যাৎ কৰে ৷

ৰাইজৰ ৰোষত KAAC ৰ কাৰ্যবাহী সদস্য খনছিং ৰংপি
ৰাইজৰ ৰোষত KAAC ৰ কাৰ্যবাহী সদস্য খনছিং ৰংপি

বোকাখাত, 2 মে’ : বোকাখাতৰ বৰভেটাত দেওবাৰে স্থানীয় ৰাইজে আৱদ্ধ কৰে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদ(KAAC) ৰ কাৰ্যবাহী সদস্য(স্বাস্থ্য) খনছিং ৰংপিক(Karbi anglong council leader Khonsing Rongpi) ৷ কাৰ্বি আংলং জিলাৰ ডলামৰা ৰাজ্যিক চিকিৎসালয় কেন্দ্ৰটো স্থানান্তৰিত কৰাৰ যো-জা চলোৱাক লৈ অঞ্চলটোত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ যাৰবাবে স্থানীয় ক্ষুদ্ধ ৰাইজে সোমবাৰে আৱদ্ধ কৰে পৰিষদৰ কাৰ্যবাহী সদস্যগৰাকীক

ঘটনাৰ বিৱৰণী অনুসৰি, গোলাঘাট জিলাৰ সীমান্তত দীৰ্ঘদিনৰে পৰা আছে কাৰ্বি আংলং জিলাৰ ডলামৰা ৰাজ্যিক চিকিৎসালয় কেন্দ্ৰ ৷ কিন্তু শেহতীয়াকৈ এই কেন্দ্ৰটো ডলামৰাৰ মালাচীলৈ স্থানান্তৰিত কৰাৰ যো-জা চলায় কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদে ৷ এই কথা সদৰি হৈ পৰাৰ পাছৰে পৰা ক্ষুব্ধ হৈ পৰে কেন্দ্ৰটোৰ সমীপৱৰ্তী অঞ্চলৰ বাসিন্দাসকল ৷

ৰাইজৰ ৰোষত KAAC ৰ কাৰ্যবাহী সদস্য খনছিং ৰংপি

উল্লেখ্য যে, বিগত প্ৰায় ৭০ বছৰ পূৰ্বে গোলাঘাটৰ ভূমিত স্থাপন হোৱা চিকিৎসালয়খন বোকাখাতৰ ৫ খন গাঁও পঞ্চায়তৰ প্ৰায় ২০ হাজাৰ লোকৰ একমাত্ৰ চিকিৎসাৰ উৎস ৷ তেনেস্থলত ডলামৰাৰ মালাচীলৈ চিকিৎসালয়খন স্থানান্তৰ কৰাৰ বাতৰি প্ৰচাৰ হোৱাৰ লগে লগে অঞ্চলটোৰ শতাধিক পুৰুষ-মহিলা প্ৰতিবাদমুখৰ হৈ পৰে ৷

প্ৰতিবাদকাৰীসকলে চিকিৎসালয়ৰ সন্মুখতে অৱস্থান কৰি সেই পথেৰে ডলামৰালৈ গৈ থকা কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য (স্বাস্থ্য) খনছি ৰংপিৰ বাহনখন আৱদ্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে(Khonsing Rongpi face public fire at Bokakhat) ৷ অৱশ্যে কাৰ্যবাহী সদস্যজনে ৰাইজৰ সৈতে মুখামুখি হৈ একেমুখে এই বাতৰি নস্যাৎ কৰে ৷ তাৰ বিপৰীতে চিকিৎসালয়খনৰ আন্তঃগাঁথনি উন্নীতকৰণৰ চিন্তা-চৰ্চা অব্যাহত ৰখা বুলি সদৰি কৰে পৰিষদৰ কাৰ্যবাহী সদস্যগৰাকীয়ে ৷

লগতে চাওক: National level yoga programme : শিৱসাগৰত যোগ কাৰ্যসূচীত অংশগ্ৰহণ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.