ETV Bharat / state

পৌৰ নিগমৰ মেয়ৰ পদত মহিলাৰ পৰিৱৰ্তে পুৰুষ কাউন্সিলৰ হোৱাৰ সম্ভাৱনা

author img

By

Published : May 2, 2022, 2:14 PM IST

ঈদৰ পাছতহে গঠন হ'ব পৌৰ নিগমৰ পৰিষদ । কিন্তু কোন হ'ব গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ (Who is the next Mayor of GMC?) পুৰুষ নে মহিলাক প্ৰদান কৰা হ’ব পাৰিষদৰ দায়িত্ব ? তাক লৈ চলিছে এতিয়া সৰৱ চৰ্চা ।

পৌৰ নিগমৰ মেয়ৰ পদত মহিলাৰ পৰিৱৰ্তে পুৰুষ কাউন্সিলৰ হোৱাৰ সম্ভাৱনা

গুৱাহাটী,২ মে': ঈদৰ পিচতহে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ নিৰ্বাচিত কৰাৰ লগতে গুৱাহাটী পৌৰ নিগমৰ পাৰিষদ গঠন কৰা হ'ব(Who is the next Mayor of GMC?) । ৰাজ্যিক BJPৰ এক দলীয় সূত্ৰ এই কথা প্ৰকাশ কৰি কয় যে দলীয়ভাবে ঈদৰ পিছত বৈঠক অনুষ্ঠিত কৰি মেয়ৰ ঠিক কৰা হ'ব । আনহাতে AGPৰ পৰা গুৱাহাটী পৌৰ নিগমৰ ডেপুটি মেয়ৰ কৰাক লৈ ঈদৰ পিছত BJP আৰু AGPৰ দলীয় নেতৃত্ব মিলিত হৈ ডেপুটি মেয়ৰো চূড়ান্ত কৰা হ'ব ।

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মহিলা সবলীকৰণৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে(BJP focuses on women empowerment) । অসমত বিজেপিয়েও মহিলা সবলীকৰণৰ বাবে বহু অভিলাষী আঁচনি গ্ৰহণ কৰা বুলিও কৈ আহিছে । আকৌ এইবাৰ পৌৰ নিগমৰ নিৰ্বাচনত 50 শতাংশ আসন মহিলাৰ বাবে সংৰক্ষিত কৰা হৈছিল ।

কিন্তু গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ নিৰ্বাচনৰ ক্ষেত্ৰত যেন এই দিশটোক ৰাজ্যিক নেতৃবৃন্দই আওকাণ কৰিব খুজিছে । কিয়নো এক দলীয় সূত্রৰ পৰা জানিব পৰা মতে, মেয়ৰ নিৰ্বাচনৰ ক্ষেত্ৰত এইবাৰ মহিলাৰ পৰিৱৰ্তে পুৰুষ পাৰিষদকহে অগ্ৰাধিকাৰ দিবলৈ উঠি-পৰি লাগিছে ।

এই ক্ষেত্ৰত বিজেপিৰ শীর্ষ নেতাৰ যুক্তি হ’ল যে, পূর্বতে কংগ্ৰেছে হেমপ্রভা শইকীয়াক, অসম গণ পৰিষদে কুইন ওজাৰ দৰে মহিলা পাৰিষদক গুৱাহাটী পৌৰ নিগমৰ মেয়ৰৰ দায়িত্ব অৰ্পণ কৰিছিল যদিও মেয়ৰ হিচাপে তেওঁলোকৰ কাৰ্যকালৰ প্ৰদৰ্শন মুঠেও সন্তোষজনক নাছিল । উল্লেখযোগ্য যে এইবাৰ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত জয়ী হৈ অহা মহিলা পাৰিষদসকলৰ ভিতৰত কেইবাগৰাকী উচ্চ শিক্ষিত মহিলাও আছে ।

কিন্তু মেয়ৰৰ দাবীদাৰ হোৱাৰ ক্ষেত্ৰত তেওঁলোকক যেন একাষৰীয়া কৰা হৈছে । বিজেপিৰ এগৰাকী শীর্ষ নেতাই প্ৰকাশ কৰা মতে, শিক্ষাগত অৰ্হতাৰ পৰিৱৰ্তে মেয়ৰৰ নিৰ্বাচনত অভিজ্ঞতাকহে গুৰুত্ব দিয়া হৈছে । শীর্ষ নেতাগৰাকীৰ মতে, মেয়ৰৰ দায়িত্ব এজন পুৰুষ পাৰিষদক অর্পণ কৰিলে তেওঁৰ জৰিয়তে অধিক উন্নয়নমূলক কামকাজ সম্ভৱ হৈ উঠিব বুলি আশা কৰা হৈছে ।

বিজেপিৰ শীর্ষ নেতাৰ এনে বক্তব্যই স্বাভাৱিকতে এই প্ৰশ্নৰ অৱতাৰণা কৰিছে যে মহিলা সবলীকৰণৰ আস্ফালন কৰি থকা বিজেপিৰ মহিলাৰ সক্ষমতা আৰু কর্মদক্ষতাৰ ওপৰত বিজেপিৰ ৰাজ্যিক নেতৃত্বৰে বিশ্বাস নাই নেকি ? চাবলৈ গ'লে বিজেপিৰ ৫২ আৰু অগপৰ ছয় পাৰিষদসহ বিজেপি-মিত্ৰজোঁটৰ ৫৮ পাৰিষদৰ ভিতৰত ২৯জন পুৰুষ আৰু ২৯গৰাকী মহিলা ।

অর্থাৎ পুৰুষ আৰু মহিলা পাৰিষদৰ সংখ্যা সমান । সেই দিশৰপৰা মেয়ৰ পদৰ বাবে পুৰুষৰ সমানে সমানে মহিলা পাৰিষদো দাবীদাৰ । অৱশ্যে মহিলা পাৰিষদসকলৰ মাজতেই দুটা ফৈদ হোৱাৰ ফলতো এই সমীকৰণত জটিলতাৰ সৃষ্টি হৈছে ।

ইপিনে ডেপুটি মেয়ৰ হিচাপে মহিলা কাউন্সিলৰ হোৱাৰ সম্ভাৱনা আছে। ডেপুটি মেয়ৰ হিচাপে BJP আৰু AGPৰ কাউন্সিলৰ সকলৰ মাজত টনা আজোৰা চলি আছে । এই সকলো জল্পনা-কল্পনা ঈদৰ পিছতহে স্পষ্ট হৈ পৰিব ।

লগতে পঢ়ক: PM Modi departs for Germany : তিনিদিনীয়া ভ্ৰমণসূচীৰে জাৰ্মানীলৈ প্ৰধানমন্ত্ৰী মোডী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.