ETV Bharat / entertainment

Janhvi Kapoor instagram: ৰেখাৰ বিখ্যাত ইন আখো কি মস্তি গানত নৃত্য কৰিলে জাহ্নৱী কাপুৰে

author img

By

Published : May 2, 2022, 11:22 AM IST

জাহ্নৱী কাপুৰে ৰেখা অভিনীত উমৰাও জান ছবিখনৰ জনপ্ৰিয় গীত ইন আখো কি মস্তিত নৃত্য কৰা এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে (Janhvi Kapoor instagram) ৷ অভিনেত্ৰী গৰাকীয়ে বৰ্তমান বিভিন্ন প্ৰকাৰৰ নৃত্য শিকি আছে ৷ কৰণ জোহৰৰ নতুন ছবি Takht ৰ বাবে জাহ্নৱীয়ে কথক নৃত্যৰো প্ৰশিক্ষণো গ্ৰহণ কৰি আছে ৷

Janhvi Kapoor
নৃত্য কৰিলে জাহ্নৱী কাপুৰে

চিটাৰা ডেস্ক, 2 মে’: আন্তঃৰাষ্ট্ৰীয় নৃত্য দিৱস উদযাপন কৰি এটা ভিডিঅ’ শ্বেয়াৰ কৰিলে জাহ্নৱী কাপুৰে (Janhvi Kapoor dancing video) ৷ বৰ্তমানে বিভিন্ন প্ৰকাৰৰ নৃত্য শিকি থকা জাহ্নৱীৰ এই ভিডিঅ’টো অনুৰাগীয়ে খুব পছন্দ কৰিছে ৷ কৰণ জোহৰৰ পৰিচালনাৰে আহিব লগা জাহ্নৱীৰ নতুন ছবি Takht ৰ বাবে বৰ্তমান অভিনেত্ৰীগৰাকী ব্যস্ত হৈ আছে কথক নৃত্যৰ প্ৰশিক্ষণ লাভ কৰাত ৷

ইনষ্টাগ্ৰামৰ জৰিয়তে জাহ্নৱীয়ে ইন আখো কি মস্তি গানটোত কৰা নৃত্যৰ ভিডিঅ’টো অনুৰাগীৰে সৈতে শ্বেয়াৰ কৰে (Janhvi Kapoor instagram) ৷ বলীউডৰ চিৰসেউজ অভিনেত্ৰী ৰেখাৰ অনুৰাগী জাহ্নৱী কাপুৰ ৷ জাহ্নৱীয়ে শ্বেয়াৰ কৰা ভিডিঅ’টোত কথকৰ এটা ফৰ্মেট বৈথক ভাৱ (Baithak Bhav) প্ৰকাশৰ চেষ্টা চলাই থকা দেখা গৈছে (Janhvi kapoor latest news) ৷ জাহ্নৱীয়ে টুইটত দুদিন দেৰিকৈ এই নৃত্য দিৱসৰ শুভেচ্ছা জনোৱাৰ কথাও উল্লেখ কৰে ৷

ইন আখো কি মস্তিৰ পূৰ্বে তেওঁ ঐশ্বৰ্য ৰায় বচ্চনৰ উমৰাও জানৰ চালাম গীতত নৃত্য কৰিবলৈ চেষ্টা কৰিছিল ৷ বলীউডৰ আন আন গীতটো কথক নৃত্যৰে নৃত্য কৰিবলৈ চেষ্টা কৰিছে অভিনেত্ৰীগৰাকীয়ে ৷ আয়ুষ্মান খুৰানা আৰু ভূমি পেডনেকাৰ অভিনীত শুভ মংগল সাৱধান, গাইডৰ পিয়া তোছে নেইনা লাগেৰ পৰা আৰম্ভ কৰি বিভিন্ন গানত তেওঁৰ কথক নৃত্যৰ ভিডিঅ' শ্বেয়াৰ কৰিছিল ।

আনন্দ এল ৰায়ৰ গুড লাক জেৰী ছবিখনৰ শ্বুটিং শেষ কৰিলে জাহ্নৱীয়ে ৷ পিতৃ বনি কাপুৰে নিৰ্মাণ কৰা মালয়ালম ছবি হেলেনৰ হিন্দী ৰিমেকতো দেখিবলৈ পোৱা যাব জাহ্নৱীক ৷ বৰ্তমান বৰুণ ধাৱানৰ সৈতে তেওঁৰ নতুন ছবি বাৱালৰ শ্বুটিঙত ব্যস্ত আছে অভিনেত্ৰীগৰাকী (Janhvi Kapoor upcoming films) ৷

লগতে পঢ়ক: বেকলেছ্ ড্ৰেছত তাৰা চুতাৰিয়াৰ আবেদনময়ী অৱতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.