ETV Bharat / entertainment

Tanzania star Kili Paul:তাঞ্জানিয়াৰ তাৰকা কিলি পলক লাঠি আৰু চুৰিৰে আক্ৰমণ দুৰ্বৃত্তৰ

author img

By

Published : May 2, 2022, 2:23 PM IST

তাঞ্জানিয়াৰ ইন্টাৰনেট চেনচেছন কিলি পলক অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণ ৷ দুৰ্বৃত্তৰ লাঠি আৰু চুৰিৰে আক্ৰমণ গুৰুতৰভাৱে আহত কিলি পল (Tanzania star Kili Paul) । কিলিৰ ভনীয়েকে শ্বেযাৰ কৰিছে তেওঁৰ এটা ভিডিঅ' ৷ য'ত কিলিক অচেতন অৱস্থাত পৰি থকা দেখিবলৈ পোৱা গৈছে ।

Kili Paul
তাঞ্জানিয়াৰ তাৰকা কিলি পল

চিটাৰা ডেস্ক, 2 মে’: হিন্দী গানত ৰিল বনাই সমগ্ৰ বিশ্বতে চৰ্চা লাভ কৰিছে তাঞ্জানিয়াৰ তাৰকা কাইলি পলে (Tanzania star Kili Paul) ৷ তেওঁ তেওঁৰ প্ৰতিটো ভিডিঅ'ৰ দ্বাৰা ভাৰতীয়সকলৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে । শেহতীয়াকৈ, কিলিৰ এই ভাল লগা শৈলীৰ বাবে ভাৰতীয় দূতাবাসেও তেওঁক সন্মান জনাইছিল । ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও কিলিৰ প্ৰতিভা আৰু দক্ষতাৰ প্ৰশংসা কৰিছে । সামাজিক মাধ্যমত কিলিৰ আছে অসংখ্য অনুৰাগী ।

Kili Paul
তাঞ্জানিয়াৰ তাৰকা কিলি পল

এই জনপ্ৰিয় তাৰকাজন হৈছে আক্ৰমণৰ বলি (Tanzania star Kili Paul latest updates) । পাঁচজন অচিনাক্ত মানুহে তেওঁক আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে । অচিনাক্ত দুৰ্বৃত্তই প্ৰথমে কিলিক লাঠীৰে প্ৰহাৰ কৰে আৰু তাৰ পিছত চুৰিৰে তেওঁৰ ওপৰত আক্ৰমণ চলায় ৷ কিলিৰ ভনীয়েক নীমা কিলি পলে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে য’ত তাৰকাজন আঘাতপ্ৰাপ্ত হৈ পৰি আছে ৷

নীমাই শ্বেয়াৰ কৰা পোষ্টটোত লিখিছিল, "কাইলি পলৰ বাবে প্ৰাৰ্থনা কৰক, তেওঁ যাতে সোনকালেই সুস্থ হৈ উঠে ৷ পাঁচজন লোকে তেওঁক আক্ৰমণ কৰিছে, সোঁ হাতত আৰু ভৰিৰ আঙুলিত আঘাত পাইছে । পাঁচটা চিলাই পৰিছে, লাঠি আৰু মাৰিৰে আক্ৰমণ কৰা হৈছিল । ভগৱানক ধন্যবাদ যে আমি সঠিক সময়ত নিজকে ৰক্ষা কৰিব পাৰিলো" ৷

কিলি পলে প্ৰথমে হিন্দী চলচ্চিত্ৰ শ্বেৰশ্বাহৰ ৰাত লাম্বিয়া গানটোৰ ওপৰত এটা ৰিল নিৰ্মাণ কৰিছিল । ইয়াৰ পৰাই তেওঁৰ ভাগ্যৰ উত্থান ঘটে । তেওঁৰ ভিডিঅ' চাবলৈ অনুৰাগীসকলে ব্যাকুল হৈ থাকে ।

কিলিৰ পিছত ইনষ্টাগ্ৰামত 3 নিযুতৰো অধিক অনুৰাগী আছে (Kili Paul instagram) ৷

লগতে পঢ়ক: আকাৰ দেখি ভূল অনুমান নকৰিব! দিশা পাটানীয়ে লৈ থকা বেগটোৰ মূল্য হৈছে 46 হাজাৰ টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.