ETV Bharat / entertainment

Dharmendra latest news: হাস্পতালৰ পৰা ঘৰলৈ উভতিল ধৰ্মেন্দ্ৰ

author img

By

Published : May 2, 2022, 12:23 PM IST

Dharmendra latest news
হাস্পতালৰ পৰা ঘৰলৈ উভতিল ধৰ্মেন্দ্ৰ

বিগত সপ্তাহৰ আৰম্ভণিতে শ্বুটিঙৰ সময়ত পিঠিৰ মাংসপেশীত চাপ অনুভৱ কৰি হাস্পতালত ভৰ্তি হয় অভিনেতা ধৰ্মেন্দ্ৰ ৷ মুম্বাইৰ ব্ৰীচ্ছ কেণ্ডি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল অভিনেতাজনক (Dharmendra latest news) ৷

চিটাৰা ডেস্ক, 2 মে’: প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰই 3/4 দিন ধৰি চিকিৎসালয়ত ভৰ্তি হৈ থকাৰ পিছত তেওঁ ঘৰলৈ উভতিছে (Dharmendra latest news) ৷ পিঠিৰ পেশীৰ চাপৰ বাবে তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ৷ শ্বুুটিঙৰ সময়ত তেওঁ আঘাতপ্ৰাপ্ত হৈছিল ৷ ৮৬ বছৰীয়া তাৰকাগৰাকীয়ে দেওবাৰে এটা ভিডিঅ' টুইট কৰি তেওঁ চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়াৰ কথা জানিবলৈ দিয়ে ৷

তেওঁ অনুৰাগী আৰু শুভাকাংক্ষীসকলক তেওঁৰ স্বাস্থ্যৰ বিষয়ে চিন্তা নকৰিবলৈ অনুৰোধ কৰি এতিয়াৰ পৰা অধিক সাৱধান হ’ব টুইটাৰৰ ভিডিঅ’টো উল্লেখ কৰে( Actor Dharmendra health updates) ৷ ভাৰতীয় চলচ্চিত্ৰৰ অন্যতম শ্ৰেষ্ঠ তাৰকা ধৰ্মেন্দ্ৰই ১৯৬০ চনত অৰ্জুন হিঙ্গোৰানীৰ দিল ভি তেৰা হাম ভি তেৰেৰ সৈতে চলচ্চিত্ৰ জগতত ভৰি দিছিল ।

তেওঁৰ চুপাৰ হিট ছবিসমূহৰ ভিতৰত আছে শ্বোলে, চুপকে চুপকে, য়াদোন কি বাৰাট, সত্যকাম, সীতা আৰু গীতাৰ ইত্যাদি । ধৰ্মেন্দ্ৰক পৰৱৰ্তী সময়ত কৰণ জোহৰৰ পৰিচালিত ৰকি আৰু ৰাণীৰ প্ৰেমকাহিনীত জয়া বচ্চন, শ্বাবানা আজমী, আলিয়া ভট্ট আৰু ৰণবীৰ সিঙৰ সৈতে দেখিবলৈ পোৱা যাব (Dharmendra upcoming movie) ।

লগতে পঢ়ক: Naomi Judd passes away : বিশ্ববৰেণ্য শিল্পী নাওমি জুডৰ বিয়োগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.