ETV Bharat / city

3 বজাৰ দহটা শীৰ্ষ খবৰ

author img

By

Published : Sep 5, 2021, 2:59 PM IST

3 বজাৰ দহটা শীৰ্ষ খবৰ
3 বজাৰ দহটা শীৰ্ষ খবৰ

3 বজাৰ দহটা শীৰ্ষ খবৰ

যান-বাহন আইন উলংঘা : গুৱাহাটীত 5 মাহত অভিলেখ 5.79 কোটি টকাৰ জৰিমনা

যান-বাহন আইন ভংগকাৰীৰ বিৰুদ্ধে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ(Kamrup District Transport Department) অভিযান । দুৰ্ঘটনাৰ কাৰক ৰোধ আৰু অধ্যয়নৰ বাবে ক্ৰেছ ইনভেষ্টিগেছন টীম(CIT) গঠন । বিগত বর্ষৰ তুলনাত এইবেলি 4.80 কোটি টকাতকৈ অধিক পৰিমাণৰ জৰিমনা সংগ্ৰহ কৰা হৈছে । বিগত 5 মাহত আইন ভংগ কৰা বাহনৰ বিৰুদ্ধে 12 হাজাৰতকৈ অধিক গোচৰ ৰুজু কৰা হৈছে ।

নতুন চৰকাৰৰ কাৰ্যকালত অৰ্ধ শতাধিক এনকাউণ্টাৰত কুৰিৰো অধিক অভিযুক্ত নিহত

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীক দিছে 'ফ্ৰী হেণ্ড' । যাৰ ফলত নতুন চৰকাৰ ক্ষমতালৈ অহাৰ আগলৈকে বন্দুকৰ ট্ৰিগাৰত হাত নিদিয়া অসম আৰক্ষীৰ আঙুলি এতিয়া ট্ৰিগাৰতে থাকে । বন্দুকৰ পৰা সঘন গুলী ফুটিবলৈ আৰম্ভ কৰিছে । শেহতীয়াকৈ শনিবাৰে নিশা ৰাজ্যত সংঘটিত হয় দুটাকৈ এনকাউণ্টাৰৰ ঘটনা আৰু এই ঘটনাত দুজন অভিযুক্ত গুলীবিদ্ধ হয় ।

কলিয়াবৰৰ এগৰাকী আদৰ্শ শিক্ষকৰ কৰ্মস্পৃহাৰ কথাৰে..

কলিয়াবৰৰ এগৰাকী আদৰ্শৱান শিক্ষক ৷ শিক্ষকতাৰ লগতে কৃষিকৰ্মৰে অনুকৰণীয় এইগৰাকী শিক্ষক ৷ শাওনৰ পথাৰ সামৰি এতিয়া কলখেতিত ব্যস্ত হৈ পৰিছে তেওঁ ৷ কৰ’ণা(Corona) মহামাৰীৰ সময়চোৱাত কৃষিকৰ্মৰ জৰিয়তে নৱ প্ৰজন্মক কৰ্মৰ পথ দেখুৱাই দিয়া এইগৰাকী কৃতি শিক্ষকৰ সৈতে আহক চিনাকি হওঁ...

ধেমাজি কাণ্ডৰ নায়ক ৰিণ্টু শৰ্মা আৰক্ষীৰ গুলীত আহত

ৰিণ্টু শৰ্মা শৰ্মাক গুলিয়ালে ধেমাজি আৰক্ষীয়ে । শনিবাৰে মাজনিশা অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় নন্দিতা শইকীয়া হত্যাকাণ্ডৰ অভিযুক্ত ৰিণ্টু শৰ্মাক ৷

আৰক্ষীৰ এনকাউণ্টাৰত গুলীবিদ্ধ খাৰঘূলিৰ ৰেভ পাৰ্টীৰ অভিযুক্ত বিশাল চৌধুৰী

মহানগৰীৰ খাৰঘূলিৰ ৰেভ পাৰ্টী(Rave Party) গোচৰৰ অন্যতম মূল অভিযুক্ত বিশাল চৌধুৰী(Bishal Choudhury) আহত হৈছে আৰক্ষীৰ এনকাউণ্টাৰত(Encounter) ৷ কামৰূপ মহানগৰ আৰক্ষীৰ(Kamrup Police) জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰোতেই অভিযুক্ত বিশালৰ বাঁওভৰিত গুলীয়ায় ৷

বেংকত অনা অসমীয়া ভাষা ব্যৱহাৰক লৈ সৰৱ বীৰ লাচিত সেনা

মাণিকপুৰ চেণ্ট্ৰেল বেংকত ভাষাক লৈ অৰাজকতা ৷ বেংকটোত বিষয়া-কৰ্মচাৰীসকলে গ্ৰাহকৰ সৈতে অনা অসমীয়া ভাষা ব্যৱহাৰ কৰাক লৈ সৰৱ হৈ পৰিছে বীৰ লাচিত সেনা(Bir Lachit Sena)ৰ মাণিকপুৰ আঞ্চলিক সমিতি ৷ এই ক্ষেত্ৰত উৰ্ধতম কৰ্তৃপক্ষৰ হস্তক্ষেপ দাবী বিচাৰিছে সংগঠনটোৱে ৷

দেশৰ সৰ্বাধিক জনপ্ৰিয় তালিকাৰ শীৰ্ষত নৰেন্দ্ৰ মোডী

বিশ্বৰ 13 খন আগশাৰীৰ দেশৰ নেতাসমূহৰ ভিতৰত সৰ্বাধিক জনপ্ৰিয় ভাৰতৰ প্ৰধানমন্ত্ৰী মোডী ৷ শেহতীয়াকৈ এক সমীক্ষাত প্ৰকাশ পাইছে এই কথা ৷ ভাৰতীয় প্ৰধানমন্ত্ৰী গৰাকীক এই সমীক্ষাত কেৱল 25 শতাংশ লোকেহে পচন্দৰ বাহিৰত ৰাখে ৷

মোৰ মা মোৰ প্ৰথম শিক্ষক : শিক্ষক দিৱসত মাতৃলৈ বিশেষ পোষ্ট ঈশাৰ

শিক্ষক দিৱস উপলক্ষে মাতৃ হেমামালিনীলৈ কন্যা ঈশা দেউলৰ আবেগিক পোষ্ট ৷ মাতৃক জীৱন প্ৰথম শিক্ষাগুৰু আখ্যা ঈশাৰ ৷

ৰঙিয়াত স্থাপনৰ দিশে ভাৰতৰ দ্বিতীয়টো ম্যাদ উকলা যান-বাহন নষ্টকৰণ কেন্দ্ৰ

উদ্যোগ ক্ষেত্ৰলৈ আহিছে এক সু-খবৰ ৷ গুজৰাটৰ পাচতে ৰঙিয়াত স্থাপন হোৱাৰ দিশে ভাৰতৰ দ্বিতীয়টো ম্যাদ উকলা যান-বাহন নষ্টকৰণ কেন্দ্ৰ ৷ ইতিমধ্যে আৰম্ভ হৈছে ইয়াৰ আনুসংগিক কাম-কাজ ৷

কেৰালাত নিপা ভাইৰাছত আক্ৰান্ত কিশোৰৰ মৃত্যু

কেৰালাত পুনৰ পোহৰলৈ আহিছে মাৰাত্মক নিপা ভাইৰাছৰ ঘটনা ৷ ৰাজ্যখনৰ কোজিকোডেত এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ এটি 12 বছৰীয়া কিশোৰৰ মৃত্যু ঘটে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.