ETV Bharat / sitara

মোৰ মা মোৰ প্ৰথম শিক্ষক : শিক্ষক দিৱসত মাতৃলৈ বিশেষ পোষ্ট ঈশাৰ

author img

By

Published : Sep 5, 2021, 1:46 PM IST

শিক্ষক দিৱস উপলক্ষে মাতৃ হেমামালিনীলৈ কন্যা ঈশা দেউলৰ আবেগিক পোষ্ট ৷ মাতৃক জীৱন প্ৰথম শিক্ষাগুৰু আখ্যা ঈশাৰ ৷

Teacher's Day 2021: Esha Deol says 'My mother, My first teacher'
‘মোৰ মা মোৰ প্ৰথম শিক্ষক’ : শিক্ষক দিৱসত মাতৃলৈ বিশেষ পোষ্ট ইশাৰ দেওলৰ

চিটাৰা ডেস্ক, 5 ছেপ্তেম্বৰ : শিক্ষক দিৱসৰ এই বিশেষ দিনটোত অভিনেত্ৰী তথা প্ৰযোজক ঈশা দেউলে মাতৃ হেমামালিনীৰ বাবে এক আবেগিক পোষ্ট কৰিছে ৷ বলীউডৰ ড্ৰীমগাৰ্ল হিচাপে খ্যাত হেমামালিনীয়ে তেওঁক জীৱনৰ বহু গুৰুত্বপূৰ্ণ পাঠ পঢ়োৱাৰ বাবে ঈশাই মাতৃক ‘প্ৰথম শিক্ষাগুৰু’ হিচাপে অভিহিত কৰে ৷

ঈশাই দুখন ছবি শ্বেয়াৰ কৰি লিখে, "From my first step as a tiny dancer to who I am today as a mother, it's all because of you. The knowledge, the ethics & the discipline I have learnt from you has always been a blessing for me. My mother, My first teacher." অৰ্থাৎ ‘কণমানি নৰ্তকী হিচাপে দিয়া প্ৰথমটো খোজৰ পৰা এগৰাকী মাতৃ হিচাপে আজি মই যি স্থানত আছো সেয়া সকলো আপোনাৰ বাবে ৷ যি জ্ঞান, আদৰ্শ, আৰু নিয়মানুৱৰ্তিতা মই আপোনাৰ পৰা শিকিছো, সেয়া মোৰ বাবে সদায় আশীৰ্বাদ ৷ মোৰ মা, মোৰ প্ৰথম শিক্ষাগুৰু’ ৷

কথাখিনিৰ সৈতে ঈশাই দুখন ছবি শ্বেয়াৰ কৰে ৷ প্ৰথমখন ছবি ঈশাৰ শিশু অৱস্থাৰ ৷ ছবিখনত ঈশাই মাতৃ হেমাৰ কোলাত বহি আছে ৷ আনহাতে, দ্বিতীয়খন ছবিখম দুয়ো মাতৃ-কন্যাই এজনে আনজনলৈ চাই হাঁহি থকা দেখিবলৈ পোৱা গৈছে ৷

বলীউডৰ জেষ্ঠ অভিনেতা ধৰ্মেন্দ্ৰ আৰু হেমামালিনীৰ জ্যেষ্ঠ কন্যা ঈশাক সম্প্ৰতি Ek Duaa ছবিখন দেখিবলৈ পোৱা গৈছে ৷ তেওঁক অজয় দেৱগণৰ সৈতে আহিবলগীয়া ছবি Rudra ত দেখিবলৈ পোৱা যাব ৷

লগতে পঢ়ক : Happy Birthday পংকজ ত্ৰিপাঠী : বিহাৰৰ এখন সৰু গাঁৱৰ পৰা বলীউডলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.