Happy Birthday পংকজ ত্ৰিপাঠী : বিহাৰৰ এখন সৰু গাঁৱৰ পৰা বলীউডলৈ

author img

By

Published : Sep 5, 2021, 8:39 AM IST

Pankaj Tripathi Birthday

এসময়ত আন্ধেৰীৰ ৰাস্তাত কাম বিচাৰি সকলোৰে অনুনয়-বিনয় কৰাৰ পৰা ঘৰৰ পাৰ্কিঙত পৰিচালকে আহি ছবিৰ বাবে অফাৰ কৰালৈ সহজ নাছিল পংকজ ত্ৰিপাঠীৰ বলীউডৰ এই যাত্ৰা ৷ তেওঁৰ সংগ্ৰাম আৰু ধৈৰ্যৰ কাহিনী আমাৰ বাবে অনুপ্ৰেৰণা ৷

চিটাৰা ডেস্ক, 5 ছেপ্তেম্বৰ : বলীউডৰ বৰ্তমান সময়ৰ অন্যতম শ্ৰেষ্ঠ অভিনেতাসকলৰ ভিতৰত এগৰাকী হ’ল পংকজ ত্ৰিপাঠী ৷ আজি তেওঁ যি স্থানত আছে তাৰ অন্তৰালত থকা পৰিশ্ৰম আৰু সংগ্ৰামৰ কাহিনী বহু দীঘলীয়া ৷ পংকজ ত্ৰিপাঠী এনেকুৱা এগৰাকী তাৰকা, যি নিজৰ ষ্টাৰডমৰ সত্বেও মাটিৰ সৈতে জড়িত হৈ থাকে ৷

Pankaj Tripathi Birthday
সৌজন্য Google

পংকজ ত্ৰিপাঠীৰ সংগ্ৰামৰ কাহিনীয়ে আপোনাক মোক সকলোৰে মনত ধনাত্মক ভাৱনা আনি দিব পাৰে ৷ তেওঁ কেৰিয়াৰত বৰ্তমানলৈকে বিভিন্ন ধৰণৰ চৰিত্ৰ ৰূপায়ণ কৰিছে ৷ কমেডীৰ পৰা আৰম্ভ কৰি হিৰ’, ভিলেইন সকলো ধৰণৰ চৰিত্ৰকে সুন্দৰভাৱে উস্থাপন কৰিছে তেওঁ ৷ আজি জন্মদিন উপলক্ষে আহক জানি লও তেওঁৰ বিষয়ে কেইটামান বিশেষ কথা ৷

Pankaj Tripathi Birthday
সৌজন্য Google

যদিও পংকজ ত্ৰিপাঠীয়ে বহু সময় ধৰি ছবিত অভিনয় কৰি আহিছে, কিন্তু যোৱা কিছু বছৰৰ পৰা তেওঁ বলীউডত এক পৃথক চিনাকি গঢ়িবলৈ সক্ষম হৈছে ৷ কেৱল চিনেমাই নহয় ৱেব চিৰিজতো তেওঁ নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিছে ৷

তেওঁৰ অভিনয়ে যথেষ্ট সমাদৰ লাভ কৰিছে ৷ পংকজ ত্ৰিপাঠী প্ৰকৃততে বিহাৰৰ গোপালগঞ্জৰ বাসিন্দা ৷ তেওঁৰ পিতৃৰ নাম পণ্ডিত বেনাৰস ত্ৰিপাঠী আৰু মাতৃৰ নাম হিমবন্তী ৷ চাৰিগৰাকী ভাতৃ-ভগ্নীৰ ভিতৰত সকলোতকৈ সৰু আছিল পংকজ ৷ সৰু থাকোতে গাঁৱত অনুষ্ঠিত হোৱা উৎসৱত নাটকত ছোৱালীৰ চৰিত্ৰ ভাও লৈছিল পংকজ ত্ৰিপাঠীয়ে ৷

Pankaj Tripathi Birthday
সৌজন্য Google

গাঁওবাসীৰ পৰা তেওঁ যথেষ্ট সমাদৰ লাভ কৰিছিল আৰু গাঁওবাসীয়ে তেওঁক অভিনয় ক্ষেত্ৰলৈ যাবলৈ উৎসাহিত কৰিছিল ৷ উচ্চতৰ মাধ্যমিকৰ শিক্ষা সাং কৰি পংকজ ত্ৰিপাঠীয়ে হোটেল মেনেজমেণ্ট পঢ়িবলৈ পাটনালৈ যায় ৷ কলেজত পঢ়ি থকা দিনত পংকজে বিভিন্ন নাটকত অভিনয় কৰাৰ লগতে ৰাজনীতিলৈ আহিছিল ৷

লগতে পঢ়ক : কেনেকৈ অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰিছিল ইণ্টেৰিঅ'ৰ ডিজাইনাৰ সিদ্ধাৰ্থ শুক্লাই ?

ইয়াৰ মাজতে এখন ৰেলীত অংশগ্ৰহণ কৰাৰ বাবে পংকজ ত্ৰিপাঠীয়ে পাঁচদিনলৈ জেলৰ ভাত খাবলগীয়া হৈছিল ৷ অভিনয়ত নিজৰ কেৰিয়াৰ গঢ়িব নোৱাৰিব বুলি শংকিত হৈ তেওঁ পাটনাৰ এখন পঞ্চতাৰকা হোটেলত কাম কৰিবলৈ আৰম্ভ কৰে ৷ সাত বছৰ পাটনাত পাৰ কৰাৰ পিছত তেওঁ NSD (National School Of Drama)ৰ পৰা স্নাতক শিক্ষা গ্ৰহণ কৰি মুম্বাইলৈ ৰাওনা হয় ৷

Pankaj Tripathi Birthday
সৌজন্য Google

পংকজ ত্ৰিপাঠীয়ে 2004 চনত Tata Tea ৰ এটা Advertise ত নেতাৰ চৰিত্ৰ ৰূপায়ণ কৰে ৷ একেটা বছৰতে তেওঁক অভিষেক বচ্চন আৰু ভূমি চাওলা অভিনীত ছবি ‘ৰণ’ত এটি সৰু চৰিত্ৰত দেখিবলৈ পোৱা যায় ৷ তেতিয়া তেওঁৰ ওপৰত কাৰো চকু পৰা নাছিল ৷ কিন্তু বৰ্তমান ছবিখন চালে তেওঁক সকলোৱে চিনি পায় ৷

2004 চনত অভিনেতাগৰাকীয়ে প্ৰেয়সী মৃদুলাৰ সৈতে বিবাহপাশত আৱদ্ধ হয় ৷ প্ৰথম দেখাতেই মৃদুলাৰ প্ৰেমত পৰিছিল দশম শ্ৰেণীত পঢ়ি থকা পংকজ ৷

Pankaj Tripathi Birthday
সৌজন্য Google

অভিনেতাগৰাকীয়ে এক সাক্ষাৎকাৰত কৈছিল "প্ৰকৃতাৰ্থত ক’বলৈ গ’লে 2004-10 চনৰ ভিতৰত মই একো উপাৰ্জন কৰা নাছিলো ৷ মৃদুলাই আমাৰ ঘৰৰ সকলো খৰচ বহন কৰিছিল ৷ মই আন্ধেৰীত ঘূৰি ফুৰিছিলো, মানুহক অনুনয়-বিনয় কৰিছিলো মোক অভিনয়ৰ সুযোগ দিয়াৰ বাবে ৷ কিন্তু কোনেও মোৰ কথা শুনা নাছিল ৷ সেই সংগ্ৰামৰ সময়ত মৃদুলাই অকলে সকলো চম্ভালিছিল"৷

6 বছৰলৈ একো কাম নোপাৱাৰ পাছত পংকজ ত্ৰিপাঠীয়ে অনুৰাগ কাশ্যপৰ ‘Gangs Of Wasseypur’ ৰ দ্বাৰা বলীউডত ব্ৰেক লাভ কৰে ৷ মনোজ বাজপেয়ী, হুমা কুৰেশ্বী, নৱাজউদ্দিন ছিদ্দিকী, পীযুষ শৰ্মা, ৰিছা ছড্ডা অভিনীত এই ছবিখনত তেওঁ চুলতান কুৰেশ্বীৰ চৰিত্ৰত দূৰ্দান্ত অভিনয় কৰিছিল ৷ তেওঁৰ চৰিত্ৰটোক দৰ্শকে যথেষ্ট পছন্দ কৰে আৰু ইয়াৰ পৰাই তেওঁ একেৰাহে কেইবাখনো হিট ছবিত অভিনয়ৰ সুযোগ লাভ কৰে ৷

তেওঁ আন এটা সাক্ষাৎকাৰত কৈছিল "মই গাঁৱৰ পৰা আহিছিলো, নাজানিছিলো একশ্যন চিন কেনেদৰে শ্বুট কৰা হয় ৷ যেতিয়া 3-4 টেকতো মই অভিনয় কৰিব পৰা নাছিলো, তেতিয়া একশ্যন ডাইৰেক্টৰে নিজৰ এছিষ্টেণ্টক গালি দি কৈছিল কাক উঠাই আনিছা ৷ গালি শুনি মোৰ খং উঠিছিল ৷

Pankaj Tripathi Birthday
সৌজন্য Google

তেতিয়াই এগৰাকী জ্যেষ্ঠ অভিনেতাই মোক কি হ’ল বুলি শুধিছিল ৷ মই ক’লো মোক গালি দিছে ৷ মই সকলো এৰি গাঁৱলৈ গুছি যাম ৷ নকৰো এক্টিং ৷ তেতিয়া তেওঁ মোক বুজাইছিল এই গালিসমূহ একগোট কৰা আৰু নিজৰ কামত মনযোগ দিয়া ৷ এদিন এওলোকেই আহিব আৰু তোমাক চাৰ বুলি মাতিব ৷ 8 বছৰ পাছত এখন ছবিৰ স্ক্ৰীনিঙত সেই একশ্যন ডাইৰেক্টৰগৰাকীয়ে আহি মোক কৈছিল - বাহ চাৰ কি সুন্দৰ কাম কৰিছে" ৷

লগতে পঢ়ক : বলীউডত ছবি পৰিচালক হিচাপে আত্মপ্ৰকাশৰ বাবে সাজু এগৰাকী অসমীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.