ETV Bharat / state

যান-বাহন আইন উলংঘা : গুৱাহাটীত 5 মাহত অভিলেখ 5.79 কোটি টকাৰ জৰিমনা

author img

By

Published : Sep 5, 2021, 2:18 PM IST

যান-বাহন আইন ভংগকাৰীৰ বিৰুদ্ধে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ(Kamrup District Transport Department) অভিযান । দুৰ্ঘটনাৰ কাৰক ৰোধ আৰু অধ্যয়নৰ বাবে ক্ৰেছ ইনভেষ্টিগেছন টীম(CIT) গঠন । বিগত বর্ষৰ তুলনাত এইবেলি 4.80 কোটি টকাতকৈ অধিক পৰিমাণৰ জৰিমনা সংগ্ৰহ কৰা হৈছে । বিগত 5 মাহত আইন ভংগ কৰা বাহনৰ বিৰুদ্ধে 12 হাজাৰতকৈ অধিক গোচৰ ৰুজু কৰা হৈছে ।

trafic fine in guwahati
গুৱাহাটীত যান বাহন আইন ভংগত জৰিমনা

গুৱাহাটী, 5 ছেপ্তেম্বৰ : ৰাজ্যৰ একমাত্ৰ এনফ’ৰ্চমেণ্ট(Enforcement) তথা প্ৰৱৰ্তক বিভাগ(ED) থকা গুৱাহাটীৰ বেতকুছিস্থিত কামৰূপ মহানগৰ জিলা পৰিবহন (প্ৰৱৰ্তক) বিষয়াৰ(Kamrup District Transport) কাৰ্যালয়ে দুৰ্ঘটনা ৰোধৰ লগতে পথ সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ৰাজপথত আইন ভংগকাৰীৰ বিৰুদ্ধে চলাই আহিছে অভিযান ।

ক’ভিডকেন্দ্ৰিক পৰিস্থিতিৰ ভয়াৱহতাৰ মাজতো জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ প্ৰৱৰ্তক বিভাগটোৱে চলিত 2021-22 বিত্তীয় বর্ষৰ এপ্ৰিল মাহৰ পৰা আগষ্ট মাহলৈ বিগত 5 টা মাহত যান-বাহন আইন ভংগকাৰীৰ পৰা ৰাজ্যৰ ভিতৰতে অভিলেখ পৰিমাণৰ 5,79,10,080 টকাৰ জৰিমনা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ।

2021-22 বিত্তীয় বর্ষৰ একে সময়চোৱাতে সংগৃহীত জৰিমনাৰ পৰিমাণ আছিল 98,50,754 টকা । অৰ্থাৎ বিগত বর্ষৰ 5 মাহতকৈ এইবেলি 4.80 কোটি টকাতকৈ অধিক পৰিমাণৰ জৰিমনা সংগ্ৰহ কৰা হৈছে আৰু এই বৃদ্ধিৰ হাৰ 477 শতাংশতকৈ অধিক ।

trafic fine in guwahati
গুৱাহাটীত যান বাহন আইন ভংগত জৰিমনা

আনহাতে, জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক) আৰু ৰাজ্যৰ একমাত্ৰ চালক-পৰিচালক প্ৰশিক্ষণ বিদ্যালয়ৰ অধ্যক্ষ হিমাংশু কুমাৰ দাসে সদৰী কৰা অনুসৰি, মূলতঃ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি কোনো বাহনে যাতে নিৰ্ধাৰিত পৰিমাণতকৈ অধিক ওজন সৰবৰাহ কৰিব নোৱাৰে, পথ সুৰক্ষাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি অধিক গতিবেগ বা দ্ৰুতগতিত কোনো চালকে বাহন চলোৱা, বিভাগৰ ৰাজহ ফাঁকি, পথৰ ওপৰত নিশা সংকেত অবিহনে বাহন পাৰ্কিং কৰা আদি দিশৰ ওপৰত প্ৰৱৰ্তক পৰিদৰ্শক সকলে গুৰুত্ব দিছিল ।

লগতে পঢ়ক: বেংকত অনা অসমীয়া ভাষা ব্যৱহাৰক লৈ সৰৱ বীৰ লাচিত সেনা

ইয়াৰ ফলস্বৰূপে বিগত 5 মাহত মহানগৰ জিলাৰ বিভিন্ন ৰাজপথত চলোৱা অভিযানত অধিক ওজন কঢ়িওৱা প্ৰায় 1,500 খন ট্ৰাক আৰু ডাম্পাৰকে ধৰি বিভিন্ন ধৰণৰ ব্যৱসায়িক বাহন ধৰা পেলোৱা হয় । এই সন্দৰ্ভত 5 মাহত আইন ভংগ কৰা বাহনৰ বিৰুদ্ধে 12 হাজাৰতকৈ অধিক গোচৰ ৰুজু কৰা হৈছে ।

2021-22 বিত্তীয় বর্ষৰ বাবে বিভাগৰ ঊৰ্ধতম কৰ্তৃপক্ষই জৰিমনাৰ যি লক্ষ্য নিৰ্ধাৰণ কৰিছিল, তাৰ 32.17 শতাংশ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে এই 5 টা মাহতে । ইয়াৰ উপৰিও আইন ভংগকাৰী বাহনৰ বিৰুদ্ধে দিনে নিশাই চলোৱা অভিযানত জিলা পৰিবহণ বিষয়া গৌতম দাস আৰু ৰফিকুল ইছলামৰ লগতে জিলাখনৰ প্ৰৱৰ্তক-পৰিদৰ্শক, যান-বাহন পৰিদৰ্শকসকলেও ভাগ লৈছিল ।

trafic fine in guwahati
গুৱাহাটীত যান বাহন আইন ভংগত জৰিমনা

হিমাংশু কুমাৰ দাসে জানিবলৈ দিয়া মতে, জৰিমনা সংগ্ৰহ কৰা বা অভিযান চলোৱাটোৱে বিভাগৰ মূল লক্ষ্য নহয় । মূল লক্ষ্য হৈছে সকলো বাহনৰ গৰাকী আৰু চালকসকলে পৰিবহণ বিভাগৰ নীতি-নিয়ম, পথ সুৰক্ষাৰ বিধিসমূহ মানি চলিহে নিৰ্ধাৰিত গতিবেগত ৰাজপথত বাহন চলায় ।

এই লক্ষ্যৰে ৰাজ্যত প্ৰথমবাৰৰ বাবে মহানগৰ জিলাত এটা ক্ৰেছ ইনভেষ্টিগেশ্বন টীম (CIT) গঠন কৰা হৈছে, য’ত প্ৰৱৰ্তক-পৰিদৰ্শকৰ উপৰিও যান-বাহন পৰিদৰ্শক, আৰক্ষী, লোক নির্মাণ বিভাগ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰাধিকৰণৰ বিষয়া-অভিযন্তাক অন্তৰ্ভুক্ত কৰা হৈছে ।

ঠিক তেনেদৰে গুৱাহাটীৰ ৰাজহুৱা পৰিবহণ সেৱাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা চিটি বাছ, মেজিককে ধৰি যাত্ৰীবাহী বাহন চলোৱা চালকসকলৰ মাজত পথ সুৰক্ষা সজাগতা, যাত্ৰীৰ প্ৰতি ব্যৱহাৰ আদি বিষয় সামৰি 10 আগষ্টৰ পৰা সপ্তাহত দুদিনকৈ বছৰজোৰা কাৰ্যসূচীৰে প্ৰশিক্ষণ প্ৰদান কৰি থকা হৈছে । 31 আগষ্টলৈকে প্ৰায় 600 জন চালকক প্ৰশিক্ষণ দিয়া বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: নতুন চৰকাৰৰ কাৰ্যকালত অৰ্ধ শতাধিক এনকাউণ্টাৰত কুৰিৰো অধিক অভিযুক্ত নিহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.