ETV Bharat / city

নতুন চৰকাৰৰ কাৰ্যকালত অৰ্ধ শতাধিক এনকাউণ্টাৰত কুৰিৰো অধিক অভিযুক্ত নিহত

author img

By

Published : Sep 5, 2021, 1:32 PM IST

encounter in assam new goverment
নতুন চৰকাৰৰ কাৰ্যকালত অৰ্ধশতাধিক এনকাউণ্টাৰ

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীক দিছে 'ফ্ৰী হেণ্ড' । যাৰ ফলত নতুন চৰকাৰ ক্ষমতালৈ অহাৰ আগলৈকে বন্দুকৰ ট্ৰিগাৰত হাত নিদিয়া অসম আৰক্ষীৰ আঙুলি এতিয়া ট্ৰিগাৰতে থাকে । বন্দুকৰ পৰা সঘন গুলী ফুটিবলৈ আৰম্ভ কৰিছে । শেহতীয়াকৈ শনিবাৰে নিশা ৰাজ্যত সংঘটিত হয় দুটাকৈ এনকাউণ্টাৰৰ ঘটনা আৰু এই ঘটনাত দুজন অভিযুক্ত গুলীবিদ্ধ হয় ।

গুৱাহাটী, 5 ছেপ্তেম্বৰ : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ক্ষমতাৰ বাঘজৰী হাতত লোৱাৰ এমাহৰ ভিতৰতেই ৰাজ্যত এনকাউণ্টাৰৰ এটা নতুন ট্ৰেণ্ড আৰম্ভ হ'ল । চৰকাৰখনৰ প্ৰায় চাৰিমহীয়া কাৰ্যকালত স্মাৰ্ট অসম আৰক্ষীয়ে অৰ্ধ শতাধিক এনকাউণ্টাৰৰ ঘটনা সংঘটিত কৰিছে ।

encounter in assam new goverment
নতুন চৰকাৰৰ কাৰ্যকালত অৰ্ধশতাধিক এনকাউণ্টাৰ

আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰাটো এটা নিয়ম মাফিক কথা যদিও নতুন চৰকাৰখনৰ দিনত অভিযুক্তই পলাবলৈ লোৱা আৰু আৰক্ষীয়ে বাধ্যত পৰি গুলী কৰাৰ ঘটনা বেছিকৈ হ'বলৈ ধৰিছে । যাৰ ফলত এতিয়া প্ৰায় দৈনিক 'এনকাউণ্টাৰ' প্ৰসংগটো চৰ্চাত থাকে ।

নতুন চৰকাৰখনৰ দিনত আৰক্ষীৰ এনকাউণ্টাৰত এতিয়ালৈকে ৫০ জনৰো বেছি অভিযুক্ত গুলীবিদ্ধ হোৱাই নহয়, দুর্ভাগ্যজনকভাৱে ২০ জনৰো অধিক অভিযুক্তই আৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱাবলগা হৈছে । অসম আৰক্ষীৰ এনকাউণ্টাৰক লৈ মানৱাধিকাৰ উলংঘনৰ প্ৰসংগ চৰ্চালৈ আহিছে । বিষয়টোক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইক্ষেত্ৰত অসম আৰক্ষীক একপ্ৰকাৰ 'ফ্ৰী হেণ্ড' দিছে । যাৰ ফলত নতুন চৰকাৰ ক্ষমতালৈ অহাৰ আগলৈকে বন্দুকৰ ট্ৰিগাৰত হাত নিদিয়া অসম আৰক্ষীৰ আঙুলি এতিয়া ট্ৰিগাৰতে থাকে । বন্দুকৰ পৰা সঘন গুলী ফুটিবলৈ আৰম্ভ কৰিছে ।

লগতে পঢ়ক: আৰক্ষীৰ এনকাউণ্টাৰত গুলীবিদ্ধ খাৰঘূলিৰ ৰেভ পাৰ্টীৰ অভিযুক্ত বিশাল চৌধুৰী

উল্লেখ্য যে, গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ থানাসমূহৰ ভাৰপ্ৰাপ্ত বিষয়াসকলক গুৱাহাটীলৈ মাতি আনি ৰাজহুৱাভাৱে আইনৰ গণ্ডীৰ ভিতৰত অভিযুক্তৰ বিৰুদ্ধে গ্ৰহণ কৰিব পৰা সকলো ধৰণৰ পদক্ষেপ কঠোৰভাৱে কার্যকৰী কৰিবলৈ সেউজ সংকেত দিছিল ।

encounter in assam new goverment
আৰক্ষীৰ এনকাউণ্টাৰ

আনকি অপৰাধীৰ ভৰিত গুলী মৰাটো আইন বিৰুদ্ধ নহয় বুলি আৰক্ষী বিষয়াসকলক নীতি জ্ঞান দি মুখ্যমন্ত্ৰীয়ে যি ব্যক্তিয়ে ধর্ষণ কৰে তেওঁৰ জাতি যিয়েই নহওক লাগে কোনো ধৰণৰ ক্ষমা নকৰিবলৈ সকীয়াই দিছিল । জিম্মাৰ পৰা পলায়ন কৰা অভিযুক্তক গুলী কৰাটো আৰক্ষীৰ 'পেটার্ণ' হ'ব লাগে বুলিও মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীয়ে ।

অৱশ্যে অভিযুক্তৰ বুকুত নহয় আঁঠুৰ তলতহে গুলীচালনা কৰিবলৈ আৰক্ষী বাহিনীক পৰামর্শ দিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে । যাক লৈ বিভিন্ন পক্ষই মুখ্যমন্ত্ৰীক কঠোৰভাৱে সমলোচনাও কৰিছিল ।

উল্লেখ্য যে, গৃহ বিভাগৰ পৰা লাভ কৰা তথ্য অনুসৰি নগাঁৱৰ চেলিব্ৰিটি আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ২৯ মে'ত নগাঁৱৰ হেৰাপট্টিত মনছুৰ আলী নামৰ এটা ড্ৰাগছ মাফিয়াক গুলীবিদ্ধ কৰি অসম আৰক্ষীৰ এনকাউণ্টাৰ অভিযানৰ আৰম্ভ কৰিছিল । অৱশ্যে ইয়াৰ পূৰ্বে কাৰ্বি পাহাৰত আৰক্ষীৰ এনকাউণ্টাৰত কেইবাজনো উগ্ৰপন্থী কেডাৰ নিহত হৈছিল ।

লগতে পঢ়ক: শিৱসাগৰত ডকাইতিৰ চেষ্টা : ডকাইত আটক

ইফালে নগাঁৱৰ উক্ত এনকাউণ্টাৰৰ ঘটনাৰ এদিন পাচতেই পুনৰ নগাঁও আৰক্ষীয়ে জাইতুল কবিৰ নামৰ আন এটা ড্ৰাগছ মাফিয়াক গুলীবিদ্ধ কৰিছিল । তদুপৰি ৩১ মে'ত কোকৰাঝাৰ আৰক্ষীয়ে শ্ৰীৰামপুৰৰ শিমলুটাপুত গো-ছিণ্ডিকেট মাফিয়া ৰবি ৰেড্ডীৰ ঘনিষ্ঠ শ্বাহজামালক এনকাউণ্টাৰত গুলীবিদ্ধ কৰিছিল ।

ইপিনে নলবাৰী আৰক্ষীয়ে ১১ জুনত আব্বু বক্কৰ নামৰ এটা কুখ্যাত ডকাইতক এনকাউণ্টাৰত গুলীবিদ্ধ কৰাত পৰৱৰ্তী সময়ত চিকিৎসালয়ত মৃত্যু হৈছিল । ২৩ জুনত শিৱসাগৰ আৰক্ষীয়ে ম'ষ্ট ৱান্টেড চুপাৰি কিলাৰ বুবু কোঁৱৰক এনকাউণ্টাৰত গুলীয়াই হত্যা কৰিছিল ।

encounter in assam new goverment
অপৰাধৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান

গেলেকীৰ এখন বনাঞ্চলত আৰক্ষীলৈ লক্ষ্য কৰি বুবু কোঁৱৰে গুলীচালনা কৰাত প্ৰত্যুত্তৰত আৰক্ষীয়ে গুলীচালনা কৰাত থিতাতে অভিযুক্ত কোঁৱৰৰ মৃত্যু হোৱা বুলি দাবী কৰিছিল আৰক্ষীয়ে । কিন্তু বুবু কোঁৱৰৰ এনকাউণ্টাৰক লৈ বিতর্কত সাঙোৰ খাই পৰিছিল আৰক্ষী ।

কিয়নো ঘটনাৰ দুদিন পূৰ্বে জেলৰ পৰা জামিনত মুকলি হৈ আহি ২৩ জুনৰ বিয়লি ৫ বজালৈ ঘৰতে আছিল যদিও কোনো ব্যক্তিয়ে মাতি নিয়াৰ বাবেহে বুবু কোঁৱৰ ঘৰৰ পৰা ওলাই গৈছিল । কিন্তু ইয়াৰ দুঘণ্টা পাছতেই বুবু কোঁৱৰক আৰক্ষীয়ে এনকাউণ্টাৰত হত্যা কৰা ঘটনাক লৈ পৰিয়ালৰ লোকে ভুৱা এনকাউণ্টাৰত বুবু কোঁৱৰক হত্যা কৰা বুলিহে অভিযোগ কৰিছিল ।

আনহাতে, গুৱাহাটীৰ ড্ৰাগছ ব্যবসায়ী অজিত দাসৰ অপহৰণত জড়িত থকাৰ অভিযোগত ক্ৰাইম ব্ৰাঞ্চে ২ জুলাইত কাৰ্বি আংলঙত কনৱালদ্বীপ সিং সিদ্ধু নামৰ এজন আৰক্ষী বিষয়াক এনকাউণ্টাৰত হত্যা কৰাৰ লগতে এই ঘটনাৰ দুদিন পূৰ্বে আন এজন অভিযুক্ত তথা ফাঁচীবজাৰ আৰক্ষী চকীৰ কনিষ্টবল ৰাজা বাবু সিঙকো আৰক্ষীয়ে এনকাউণ্টাৰত গুলীবিদ্ধ কৰিছিল ।

লগতে পঢ়ক: Drug mafia saga: ৰাজ্যত ড্ৰাগছ মাফিয়াৰ ৰূপত মহিলাৰ আত্মপ্ৰকাশ !

সেইদৰে ৮ জুলাইত চিৰাং আৰক্ষীয়ে জিম্মাত থকা আব্দুল খালেক নামৰ এটা চুপাৰি কিলাৰকো গুলীবিদ্ধ কৰিছিল আৰু পাচত মৃত্যু হৈছিল । ১১ জুলাইত নগাঁও আৰু ধিং আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই জয়নাল আবেদিন নামৰ এটা অভিযুক্তকো এনকাউণ্টাৰত গুলীবিদ্ধ কৰি হত্যা কৰিছিল । আৰক্ষীয়ে জয়নাল আবেদিন চুৰি-ডকাইতিত জড়িত বুলি দাবী কৰাৰ বিপৰীতে স্থানীয় লোকে জয়নালক সাধাৰণ মদাহী আছিল বুলিহে দাবী কৰিছিল ।

encounter in assam new goverment
অসমত এনকাউণ্টাৰৰ এটা নতুন ট্ৰেণ্ড

আনকি সুৰা পান কৰি ঘৰত থকা অৱস্থাতে শীতল মস্তিষ্কৰে আৰক্ষীয়ে জয়নাল আবেদিনক গুলীয়াই হত্যা কৰাৰ অভিযোগ তুলি প্ৰতিবাদ সাব্যস্ত কৰিছিল স্থানীয় লোকে । বর্তমান জয়নাল আবেদিনৰ সন্দেহজনক এনকাউণ্টাৰক লৈ দণ্ডাধীশ পর্যায়ৰ তদন্ত অব্যাহত আছে । ইপিনে ৮ আগষ্টত নগাঁও আৰক্ষীয়ে চামগুৰিত ঘৰৰ ভিতৰতে এনকাউণ্টাৰ কৰি খাইৰুল ইছলাম নামৰ এটা ড্ৰাগছ বেপাৰীক হত্যা কৰা ঘটনাকলৈও বিতর্কৰ সৃষ্টি হৈছিল ।

এই এনকাউণ্টাৰত উৎপল বৰুৱা নামৰ আৰক্ষীৰ এজন গাড়ীচালক গুলীবিদ্ধ হৈছিল । তদুপৰি ১১ আগষ্টত দৰং আৰক্ষীৰ এনকাউণ্টাৰত আচাবাবু আলী নামৰ হত্যাকাণ্ডত অভিযুক্ত এজন লোকৰ মৃত্যু হৈছিল । ২২ আগষ্টত কোকৰাঝাৰ আৰক্ষীয়ে চিৰাজদৌল্লা শ্বেখ, মণিৰুল হুছেইন আৰু আমিনুল হক নামৰ তিনিটা ডকাইতক বেংক ডকাইতিৰ চেষ্টা চলোৱাৰ সময়তে গুলীয়াই হত্যা কৰে ।

লগতে পঢ়ক: খটখটীত বৃহৎ পৰিমাণৰ হেৰ'ইনসহ আটক এজন

২৬ আগষ্টত লখিমপুৰৰ দক্ষিণ কুলাবালিত আজাহাৰ আলী নামৰ এটা দুৰ্ধর্ষ ডকাইতক এনকাউণ্টাৰত আৰক্ষীয়ে গুলীবিদ্ধ কৰে । আনহাতে, ৩ ছেপ্তেম্বৰৰ নিশা লখিমপুৰৰ নগৰৰ সমীপৰ পানীগাঁৱৰ আমতলাত এটা ডকাইতক গুলীয়াই আঘাতপ্ৰাপ্ত কৰে আৰক্ষীয়ে । আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে গুলীবিদ্ধ কৰে দুৰ্ধৰ্ষ ডকাইত ৰাকেশ পেগুক ।

encounter in assam new goverment
অসম আৰক্ষীৰ শূণ্য সহনশীল স্থিতি

শেহতীয়াভাৱে শনিবাৰে নিশা ৰাজ্যত সংঘটিত হয় দুটাকৈ এনকাউণ্টাৰৰ ঘটনা । ইয়াৰে এটা ঘটনাত ধেমাজিৰ নন্দিতা শইকীয়াৰ হত্যাকাণ্ডৰ নায়ক ৰিণ্টু শৰ্মা আৰক্ষীৰ গুলীত আহত হৈ বৰ্তমান অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে । যোৱানিশা আৰক্ষী জোৱানৰ অস্ত্ৰ কাঢ়ি লৈ দৌৰি পলোৱাৰ চেষ্টা কৰোতেই আৰক্ষীয়ে হত্যাকাণ্ডত অভিযুক্ত ৰিণ্টু শৰ্মাক গুলীবিদ্ধ কৰে ।

আনহাতে, দ্বিতীয়টো ঘটনা সংঘটিত হয় গুৱাহাটীত । খাৰঘূলিৰ ৰেভ পাৰ্টিৰ সৈতে জড়িত তথা কোকেইনৰ যোগান ধৰোতা বিশাল চৌধুৰী আৰক্ষীৰ গুলীত আহত হৈ বৰ্তমান জি এম চি এইচত চিকিৎসাধীন হৈ আছে । আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰোতেই আৰক্ষীয়ে গুলীবিদ্ধ কৰে বিশাল চৌধুৰীক । আৰক্ষীয়ে সদৰী কৰা অনুসৰি বিশালৰ ভৰিত দুটাকৈ গুলী লাগিছে ।

লগতে পঢ়ক: পাণবজাৰ আৰক্ষীৰ জালত ৩ গভাইত চোৰ

অনুৰূপ ধৰণে ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ এনকাউণ্টাৰ । বৰ্তমান সময়ত ‘এনকাউণ্টাৰ’ যেন ৰাজ্যবাসীৰ বাবে স্বাভাৱিক ঘটনাত পৰিণত হৈছে । অসম আৰক্ষীৰ এনে এনকাউণ্টাৰক লৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগক অভিযোগ দাখিল কৰাৰ লগতে অসম মানৱ অধিকাৰ আয়োগে ইতিমধ্যে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে ।

encounter in assam new goverment
এনকাউণ্টাৰত কুৰিৰো অধিক অভিযুক্ত নিহত

লক্ষণীয় বিষয় যে, যি গৃহ বিভাগৰ অধীনত উক্ত এনকাউণ্টাৰসমূহ সংঘটিত হৈছে, সেই গৃহ বিভাগকে আকৌ তদন্ত কৰি প্ৰতিবেদন দাখিল কৰিবলৈ মানৱ অধিকাৰ আয়োগে জাননী জাৰি কৰিছে । ইফালে বিৰোধী দলসমূহে এই এনকাউণ্টাৰৰ ঘটনাসমূহক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । চৰকাৰ আৰু আৰক্ষী বিভাগক কঠোৰভাৱে সমালোচনা কৰিছে । বহুকেইটা ঘটনাৰ ন্যায়িক তদন্তৰ দাবীও বিৰোধীয়ে উত্থাপন কৰিছে ।

লগতে পঢ়ক: নাৰীৰ দালালৰ পৰা দুগৰাকী কিশোৰী উদ্ধাৰ কৰিলে সাহসী মহিলা আৰক্ষী বিষয়াই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.