ETV Bharat / state

নাৰীৰ দালালৰ পৰা দুগৰাকী কিশোৰী উদ্ধাৰ কৰিলে সাহসী মহিলা আৰক্ষী বিষয়াই

author img

By

Published : Sep 4, 2021, 5:38 PM IST

lady-police-officer-arrests-one-and-rescued-two-minor-girls-from-women-trafficking-racket
নাৰীৰ দালালৰ পৰা দুগৰাকী কিশোৰী উদ্ধাৰ কৰিলে সাহসী মহিলা আৰক্ষী বিষয়াই

ৰাজ্যত সক্ৰিয় ৰূপত চলি আছে নাৰী সৰবৰাহকাৰী চক্ৰ(women trafficking racket )। চাকৰিৰ প্ৰলোভনেৰে বহিঃ ৰাজ্যত দুগৰাকী অসমীয়া কিশোৰীক বিক্ৰী কৰা যত্ন কৰি এই বাৰ ৰঙা ঘৰৰ আলহী হ’ল কুখ্যাৎ অপৰাধী মোজাম্মিল হক ওৰফে বসু ৷ কিশোৰী দুগৰাকীক উদ্ধাৰৰ এই অভিযানৰ নেতৃত্ব ল’লে এগৰাকী সাহসী মহিলা আৰক্ষী বিষয়াই ৷

নগাঁও, 4 ছেপ্টেম্বৰ : ক্ৰমাগতভাৱে ৰাজ্যত বহু অপৰাধী চক্ৰৰ সক্ৰিয়তাৰ তথ্য নিতৌ পোহৰলৈ আহিয়েই আছে ৷ একেদৰে নাৰী সৰবৰাহকাৰী চক্ৰটোৱেও ৰাজ্যৰ কিশোৰী, যুৱতী, মহিলা সকলক বিভিন্ন প্ৰলোভন কিম্বা বিবাহ আদিৰ প্ৰতিশ্ৰুতিৰে সময়ে সময়ে বহিঃ ৰাজ্যলৈ লৈ গৈ পণ্য সামগ্ৰীৰ দৰে বিক্ৰী কৰাৰ ঘটনাও নতুন নহয় ৷ শেহতীয়াকৈ এই চক্ৰটোৰ এটা অপৰাধী মোজাম্মিল হক ওৰফে বসু আৰক্ষীৰ জালত পৰিছে ৷

ধৃত বসুৱে চাকৰিৰ প্ৰলোভনেৰে কিশোৰী, যুৱতীক বহিঃৰাজ্যত বিক্ৰীৰ চেষ্টা কৰাৰ তথ্য পোহৰলৈ আহিছে । জানিব পৰা মতে, নগাঁৱৰ বটদ্ৰৱাৰ বসুৱে চাকৰিৰ প্ৰলোভনেৰে বহিঃ ৰাজ্যত কিশোৰী দুগৰাকীক বিক্ৰীৰ যো- জা কৰি আছিল । ইয়াৰ পিছত বটদ্ৰৱাতে কিশোৰী দুগৰাকীক ৰাখিছিল মুজ্জমিলে । ইফালে, নগাঁও চহৰৰ চিভিল গেইটৰ পৰা নিৰুদ্দেশ হোৱা কিশোৰী দুগৰাকীক বিচাৰি আৰক্ষীয়ে আৰম্ভ কৰা অভিযানত উদ্ধাৰ হয় কিশোৰী দুগৰাকী ।

কিশোৰী বিক্ৰী কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল দালাল মোজাম্মিল ওৰফে বসু

নগাঁও সদৰ আৰক্ষী থানাৰ উপ পৰিদৰ্শক অঞ্জুশ্ৰী কলিতাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অভিযান চলাই সন্ধানহীন কিশোৰী দুগৰাকীক এইদৰে উদ্ধাৰ কৰিবলৈ সক্ষম হয় । আৰক্ষী বাহিলীয়ে ইয়াৰ লগতে অভিযুক্ত মোজাম্মিল হক ওৰফে বসুকো আটক কৰিবলৈ সক্ষম হয় ৷ সম্প্ৰতি অধিক তথ্যৰ বাবে ধৃত বসুৰ জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে ।

লগতে পঢ়ক : পোন্ধৰ দিনৰ ভিতৰত কাগজ কলৰ কৰ্মচাৰীক ঘৰ খালী কৰাৰ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.