পাণবজাৰ আৰক্ষীৰ জালত ৩ গভাইত চোৰ

author img

By

Published : Sep 5, 2021, 10:02 AM IST

mobile thief arrest

চোৰৰ বিৰুদ্ধে গুৱাহাটী আৰক্ষীৰ অভিযান অব্যাহত । ম'বাইল চোৰৰ বিৰুদ্ধে এইবাৰ পাণবজাৰ আৰক্ষীয়ে চলালে অভিযান । অভিযানত আটক তিনিটাকৈ চোৰ ৷

গুৱাহাটী, ৫ ছেপ্তেম্বৰ : উত্তৰ-পূৱৰ দুৱাৰমুখ গুৱাহাটী মহানগৰীত বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ ৷ যাৰ বাবে ৰাজপথত নিৰাপত্তাহীনতাত ভূগিবলগীয়া হৈছে মহানগৰবাসীয়ে । পিছে ঠায়ে ঠায়ে চোৰৰ বিৰুদ্ধে গুৱাহাটী আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ।

এই অভিযানৰ মাজতে গুৱাহাটী আৰক্ষীৰ জালত পৰিল ৩ টাকৈ গভাইত চোৰ । পাণবজাৰ আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ম'বাইল চোৰ কেইটাক । ধৃত চোৰকেইটা ক্ৰমে বৰপেটাৰ মমৰেছ আলী, মকিবুৰ ইছলাম আৰু ছাদেক আলী ৷

mobile thief
উদ্ধাৰ হোৱা ম’বাইল ফোন

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, শনিবাৰে পুৱা প্ৰায় ৯ মান বজাত গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত লাখটকীয়াৰ পৰা ধৃত চোৰ তিনিটাক আটক কৰা হয় ।

তাৰ পাছতে চোৰকেইটাক লগত লৈ ভূতনাথত অভিযান চলাই ১০ টা চুৰি ম'বাইল ফোন আৰু এখন নকল নোট জব্দ কৰে আৰক্ষীয়ে । ধৃত চোৰ তিনিটাই নিজকে ফল-মূলৰ ব্যৱসায়ী বুলি চিনাকি দিয়া বুলি আৰক্ষীৰ সূত্ৰটোৱে প্ৰকাশ কৰে । ঘটনা সন্দৰ্ভত পাণবজাৰ আৰক্ষী থানাত ৪৬৩/২১ নম্বৰত এটা গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : শিৱসাগৰত ডকাইতিৰ চেষ্টা : ডকাইত আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.