শিৱসাগৰত ডকাইতিৰ চেষ্টা : ডকাইত আটক

author img

By

Published : Sep 5, 2021, 9:39 AM IST

Robbers detained by public at Sivasagar

শিৱসাগৰত চাহপাত ভৰ্তি ট্ৰাকত ডকাইতি সংঘটিত কৰাৰ চেষ্টা দুৰ্বৃত্তৰ ৷ স্থানীয় ৰাইজৰ তৎপৰতাত ৰক্ষা পৰিল ট্ৰাক চালকৰ প্ৰাণ ৷ ধৃত এজন ডকাইত ৷

শিৱসাগৰ, 5 ছেপ্তেম্বৰ : শিৱসাগৰ নগৰৰ সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জেঙনিকটীয়া বাইপাছত শনিবাৰে নিশা এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হয় ৷ নিশা প্ৰায় ন বজাত এখন ছুইফ্​ট ডিজায়াৰ বাহনত অহা পাঁচজনীয়া ডকাইতৰ দলে এগৰাকী ট্ৰাক চালকক বৰ্বৰভাৱে আক্ৰমণ কৰে ৷

Robbers detained by public at Sivasagar
ৰাইজৰ হাতত আটক ডকাইত

ডকাইতৰ দলটোৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় আলতাফ হুছেইন নামৰ বৰপেটাৰ নিবাসী ট্ৰাক চালকজন ৷ আলতাফে এ এছ ০১ ই বি ৯৪২৫ নম্বৰৰ ট্ৰাকখনেৰে শিৱসাগৰৰ পৰা চাহপাত বোজাই কৰি গুৱাহাটী অভিমুখে যাত্ৰা কৰাৰ সময়তে সংঘটিত হয় এই ডকাইতি কাণ্ড ৷

ৰাইজৰ হাতত আটক ডকাইত

অনুসৰণ কৰি অহা এ এছ ০১ জি চি ৩৯৯২ নম্বৰৰ ছুইফ্​ট গাড়ীখনে জেঙনিকটীয়া বাইপাছ পেট্ৰ’ল ডিপোৰ সন্মুখত ট্ৰাকখনক আগভেটি ধৰে ৷ ডকাইতৰ দলটোৱে ট্ৰাকৰ চালকক চোকা অস্ত্ৰ দেখুৱাই ভাবুকিৰে ধন লুট কৰাৰ চেষ্টা চলায় ৷

Robbers detained by public at Sivasagar
ৰাইজৰ হাতত আটক ডকাইত

কিন্তু চালক আলতাফ হুছেইনে ধন আদায় নিদি চিঞৰ-বাখৰ কৰাত ডকাইতৰ দলটোৱে চালকজনক চোকা অস্ত্ৰৰে উপৰ্যুপৰি আক্ৰমণ চলায় ৷ ইফালে ট্ৰাক চালকৰ চিঞৰ শুনি স্থানীয় ৰাইজ ওলাই অহাত ডকাইতৰ দলটোৱে বাহনখন এৰি ঘটনাস্থলীৰ পৰা পলায়নৰ চেষ্টা চলায় ৷ স্থানীয় ৰাইজে দলটোক খেদি খেদি গৌৰৱ গগৈ নামৰ বানমুখৰ এটা ডকাইতক কৰায়ত্ত কৰে ।

লগতে পঢ়ক : নুৰুল ইছলামৰ হত্যাকাণ্ডৰ অভিযুক্তৰ ঘৰত অস্ত্ৰ ভাণ্ডাৰ জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.