বেংকত অনা অসমীয়া ভাষা ব্যৱহাৰক লৈ সৰৱ বীৰ লাচিত সেনা

author img

By

Published : Sep 5, 2021, 1:57 PM IST

bir lachit sena demands

মাণিকপুৰ চেণ্ট্ৰেল বেংকত ভাষাক লৈ অৰাজকতা ৷ বেংকটোত বিষয়া-কৰ্মচাৰীসকলে গ্ৰাহকৰ সৈতে অনা অসমীয়া ভাষা ব্যৱহাৰ কৰাক লৈ সৰৱ হৈ পৰিছে বীৰ লাচিত সেনা(Bir Lachit Sena)ৰ মাণিকপুৰ আঞ্চলিক সমিতি ৷ এই ক্ষেত্ৰত উৰ্ধতম কৰ্তৃপক্ষৰ হস্তক্ষেপ দাবী বিচাৰিছে সংগঠনটোৱে ৷

মানিকপুৰ, 5 ছেপ্তেম্বৰ: বঙাইগাঁও জিলাৰ মানিকপুৰত অসমীয়া ভাষাক(Assamese Language) লৈ সৰৱ হৈ পৰিছে বীৰ লাচিত সেনা(Bir Lachit Sena) । বীৰ লাচিত সেনাৰ মাণিকপুৰ আঞ্চলিকৰ এটা দলে শনিবাৰে মানিকপুৰ চেণ্ট্ৰেল বেংকত(Manikpur Central Bank) অভিযান চলাই বিষয়া-কৰ্মচাৰীসকলৰ অনা অসমীয়া ভাষা ব্যৱহাৰৰ বিৰোধিতা কৰে ।

কিয়নো বেংকটোৰ কৰ্মচাৰীসকলে গ্ৰাহকসকলৰ সৈতে হিন্দী আৰু বাংলা ভাষা ব্যৱহাৰ কৰাৰ ফলত গ্ৰাহকসকলে এক সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে । বিশেষকৈ যিসকলৰ মাতৃভাষা অসমীয়া অথবা অশিক্ষিত পুৰুষ-মহিলা আৰু বয়োজ্যেষ্ঠ ব্যক্তিসকলে বেংকত গৈ নিজ সমস্যাৰ কথা অৱগত কৰিব নোৱাৰে ।

বীৰ লাচিত সেনাৰ দাবী

ইফালে বেংকটোৰ মূল দায়িত্বত থকা ব্যক্তিগৰাকীয়েই হৈছে হিন্দী ভাষিক আৰু আন এগৰাকী বঙালী ভাষিক । তেওঁলোকৰ সৈতে গাঁৱৰ সহজ-সৰল পুৰুষ-মহিলাই কথা পাতোতে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ৷ এই সৰলতাৰ সুযোগ গ্ৰহণ কৰি দালালৰ জৰিয়তে বেংক প্ৰৱন্ধকে ধন ঘটাৰ কৌশলেৰে হাজাৰ হাজাৰ টকা লুণ্ঠন কৰাৰো অভিযোগ উত্থাপন হৈছে ।

লগতে পঢ়ক: মীন পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন বটদ্ৰৱাৰ ফাৰুকৰ

অভিযোগ অনুসৰি, আপুনি যদি ব্যক্তিগত বা আত্ম সহায়ক গোটৰ নতুন একাউন্ট(Account) খুলিবলৈ যায়, তেতিয়াহ’লে আপোনাক হয়তো একাউণ্ট ফৰ্ম নথকা বা নানা অজুহাত দেখুৱাব বেংক প্ৰৱন্ধকে । কিন্তু সেই কাম দালালৰ জৰিয়তে সম্পন্ন কৰিলে অতি সহজেই কাম সমাধান কৰিব পাৰিব ।

ঋণৰ(Loan) ক্ষেত্ৰতো একেই পদ্ধতি অৱলম্বন কৰি আছে বেংক প্ৰৱন্ধকজনে । শতাধিক আত্ম সহায়ক গোটক ঋণ দিয়াৰ নামত চলাই আছে অৰাজকতা । যিয়ে দালালৰ সৈতে যোগাযোগ কৰে, সেইজনৰে কাম সম্পন্ন হৈছে । বাকী দালালৰ সহায় নোলোৱা গ্ৰাহকসকলে এবছৰতো খুলিব পৰা নাই একাউণ্ট ।

মুঠতে মাণিকপুৰ চেণ্ট্ৰেল বেংকত সৃষ্টি হৈছে এক এক অৰাজকময় পৰিস্থিতিৰ । এই সকলো অভিযোগৰ ভিত্তিত বেংকত গৈ অভিযোগ নিস্পত্তিৰ বাবে বেংকৰ কৰ্মচাৰীৰ সৈতে মত-বিনিময় কৰে বীৰ লাচিত সেনা অসমৰ মাণিকপুৰ আঞ্চলিক সমিতিৰ সদস্যসকলে ।

ইয়াৰ পাচতো যদি পৰিৱৰ্তন নহয়, তেন্তে উৰ্ধতম কৰ্তৃপক্ষৰ হস্তক্ষেপ দাবী কৰি লিখিত অভিযোগ দাখিল কৰিবলৈ কুণ্ঠাবোধ নকৰে বুলি হুংকাৰ দিয়ে সংগঠনটোৰ সদস্যসকলে ।

লগতে পঢ়ক: ৰঙিয়াত স্থাপনৰ দিশে ভাৰতৰ দ্বিতীয়টো ম্যাদ উকলা যান-বাহন নষ্টকৰণ কেন্দ্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.