কেৰালাত নিপা ভাইৰাছত আক্ৰান্ত কিশোৰৰ মৃত্যু

author img

By

Published : Sep 5, 2021, 10:18 AM IST

Kerala: 12-yr-old boy dies due to Nipah virus

কেৰালাত পুনৰ পোহৰলৈ আহিছে মাৰাত্মক নিপা ভাইৰাছৰ ঘটনা ৷ ৰাজ্যখনৰ কোজিকোডেত এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ এটি 12 বছৰীয়া কিশোৰৰ মৃত্যু ঘটে ৷

নেশ্যনেল ডেস্ক, 5 ছেপ্তেম্বৰ : কেৰালাৰ কোজিকোডেত নিপা ভাইৰাছত আক্ৰান্ত এজন 12 বছৰীয়া কিশোৰৰ মৃত্যু ৷ দেওবাৰে কেৰালাৰ স্বাস্থ্যমন্ত্ৰী বীণা জৰ্জে সদৰী কৰিছে এই কথা ৷ পুণেস্থিত National Institute of Virologyত কিশোৰটিৰ নমুনা পৰীক্ষা কৰা হৈছিল ৷

ইয়াৰ পূৰ্বে 2018 চনত দক্ষিণ ভাৰতৰ প্ৰথমটো নিপা ভাইৰাছৰ ঘটনাও একেজন জিলাতে পোহৰলৈ আহিছিল ৷ স্বাস্থ্যমন্ত্ৰী বীণা জৰ্জে সংবাদ মাধ্যমৰ আগত কয়, "অৱশেষত পুৱা 5 বজাত কিশোৰটিৰ মৃত্যু হয় ৷ যোৱা নিশা কিশোৰটিৰ অৱস্থা সংকটজনক অৱস্থাত আছিল ৷

আমি সংক্ৰমণৰ উৎস ধৰা পেলাবলৈ নিশাই কেইবাটাও দল গঠন কৰি দিছো আৰু আটাইকেইটা দলেই নিজৰ নিজৰ কাম আৰম্ভ কৰিছে ৷ কিশোৰটিৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ অহা লোকসকলক আইছ’লেট কৰাৰ ব্যৱস্থা কৰা হৈছে"৷

এই ঘটনা পোহৰলৈ অহাৰ লগে লগেই কেন্দ্ৰই ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰৰ এটি দল প্ৰয়োজনীয় কাৰিকৰী সহায়ৰ বাবে প্ৰেৰণ কৰে ৷ দলটো দেওবাৰে আহি পাব ৷ কেন্দ্ৰই দলটোক প্ৰয়োজনীয় সকলো চিকিৎসা সেৱা আগবঢ়োৱাৰ লগতে পৰিয়ালটোত গাঁৱৰ লগতে অঞ্চলটোত একে লক্ষণ থকা ৰোগীৰ চিনাক্ত কৰাৰ উপৰিও আক্ৰান্ত কিশোৰটিৰ সংস্পৰ্শলৈ অহা লোকসকলক চিনাক্ত কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে ৷

লগতে পঢ়ক : ত্ৰিপুৰাত প্ৰথমবাৰলৈ অনুষ্ঠিত হ'ব ব্ৰাজিল সাংস্কৃতিক মহোৎসৱ

কিশোৰটিৰ সংস্পৰ্শলৈ অহা লোকসকল কঠোৰভাৱে কোৱাৰেণ্টাইনত থকাৰ ব্যৱস্থা কৰাৰ লগতে তেওঁলোকৰ স্বাস্থ্যৰ নমুনা পৰীক্ষাৰৰ বাবে অতি শীঘ্ৰে পৰীক্ষাগাৰলৈ পঠিওৱাৰ নিৰ্দেশ দিছে কেন্দ্ৰই ৷ উল্লেখ্য যে, ভাৰতত প্ৰথমটো নিপা ভাইৰাছৰ ঘটনা পোহৰলৈ আহিছিল 2001 চনত পশ্চিমবংগৰ শিলিগুৰিত ৷ দ্বিতীয়গৰাকী ৰোগী চিনাক্ত কৰা হৈছিল পশ্চিমবংগৰে নদিয়া জিলাত ৷

সেই সময়ত বিজ্ঞানীসকলে আৱিস্কাৰ কৰিছিল যে, দুয়োগৰাকী আক্ৰান্তই গছৰ পৰা পোনে পোনে খেজুৰ খোৱাৰ ফলতে এই ভাইৰাছবিধৰ সংস্পৰ্শলৈ আহিছিল ৷ আনহাতে, 2018 চনত যেতিয়া কেৰালাত এই ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল, সেই সময়ত দুই মাহৰ ভিতৰত প্ৰায় 18 গৰাকীকৈ লোকৰ এই ৰোগত মৃত্যু হৈছিল ৷

2019 চনত কোচিত এই ৰোগৰ উপস্থিতি ধৰা পৰিছিল যদিও ই সংক্ৰমিত হোৱা নাছিল ৷ মাৰাত্মক এই নিপা ভাইৰাছবিধ সচৰাচৰ জীৱ-জন্তুৰ পৰা জীৱ-জন্তুলৈয়ে বিয়পে ৷ কিন্তু কিছু বিশেষ ক্ষেত্ৰতহে ই পশুৰ পৰা মানুহৰ দেহলৈ বিয়পে ৷

লগতে পঢ়ক : Cyber Fraud : 2 লাখৰ আশাত 70,000 টকা হেৰুৱালে ত্ৰিপুৰাৰ এজন লোকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.