ETV Bharat / state

ধেমাজি কাণ্ডৰ নায়ক ৰিণ্টু শৰ্মা আৰক্ষীৰ গুলীত আহত

author img

By

Published : Sep 5, 2021, 2:01 PM IST

rintu sharma injured in dhemaji police firing
গুলীবিদ্ধ ৰিন্টু শৰ্মা

ৰিণ্টু শৰ্মা শৰ্মাক গুলিয়ালে ধেমাজি আৰক্ষীয়ে । শনিবাৰে মাজনিশা অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় নন্দিতা শইকীয়া হত্যাকাণ্ডৰ অভিযুক্ত ৰিণ্টু শৰ্মাক ৷

ডিব্ৰুগড়, 5 ছেপ্তেম্বৰ : চৰ্চাত পুনৰ ৰিণ্টু শৰ্মাৰ প্ৰসংগ ৷ আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত হৈছে নন্দিতা শইকীয়া হত্যাকাণ্ডৰ মূল অভিযুক্ত ৰিণ্টু শৰ্মা ৷ বৰ্তমান অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে অভিযুক্তগৰাকী ৷

rintu sharma injured in dhemaji police firing
গুলীবিদ্ধ ৰিন্টু শৰ্মা

ঘটনাৰ বিৱৰণী অনুসৰি, চিকিৎসাৰ বাবে শনিবাৰে নিশাৰ ভাগত ধেমাজি চিভিল হাস্পতাললৈ নি থকা হৈছিল ৰিণ্টু শৰ্মাক ৷ কিন্তু আদবাটতে ঘটে অঘটন ৷ আৰক্ষীৰ মাৰণাস্ত্ৰ লৈ পলাই যাবলৈ চেষ্টা কৰে অভিযুক্ত ৰিণ্টুই ৷ তাৰ পাচতে আৰক্ষী আৰু অভিযুক্তগৰাকীৰ মাজত সৃষ্টি হয় খণ্ডযুদ্ধৰ ৷ পৰৱৰ্তী সময়ত আত্মৰক্ষাৰ স্বাৰ্থত উপায়ন্তৰ হৈ ধেমাজি আৰক্ষীয়ে ৰিণ্টু শৰ্মাক উদ্দেশ্যি কৰে গুলীচালনা ৷ আৰক্ষীৰ গুলীয়ে আঘাত কৰে ৰিণ্টুৰ ভৰিত ৷

rintu sharma injured in dhemaji police firing
ৰিন্টু শৰ্মাক গুলিয়ালে ধেমাজি আৰক্ষীয়ে

লগতে পঢ়ক: নন্দিতাৰ হত্যাকাৰীৰ কঠোৰ শাস্তিৰ দাবী জাতীয় মহিলা পৰিষদৰ

পৰৱৰ্তী সময়ত শনিবাৰে প্ৰায় মাজনিশা আৰক্ষীয়ে গুলীবিদ্ধ ৰিণ্টুক ভৰ্তি কৰোৱা হয় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৷ AMCH ৰ জৰুৰীকলীন বিভাগত সম্প্ৰতি চিকিসাধীন হৈ আছে ৰিণ্টু ৷ AMCH ৰ অধ্যক্ষই প্ৰকাশ কৰা অনুসৰি, ধেমাজি কাণ্ডৰ অভিযুক্তগৰাকীৰ স্বাস্থ্য বৰ্তমান পূৰ্বতকৈ উন্নত হৈছে ৷ দুই-এদিনৰ ভিতৰতে আঘাতপ্ৰাপ্ত ভৰিখনৰ অস্ত্ৰোপ্ৰচাৰ কৰা হ’ব ৷

আৰক্ষীৰ গুলিত আহত ৰিন্টু শৰ্মা

উল্লেখ্য যে, ধেমাজিৰ মৰিঢল কলেজৰ ছাত্ৰী নন্দিতা শইকীয়াক চোকা অস্ত্ৰৰে প্ৰহাৰ কৰি হত্যা কৰিছিল এইগৰাকী ৰিণ্টু শৰ্মা নামৰ যুৱকে । অতি সংকটজনক অৱস্থাত যোৱা ২১ আগষ্টত ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল নন্দিতাক । মূৰত গুৰুতৰভাৱে আঘাত পোৱা নন্দিতাই হেৰুৱাই পেলাইছিল সকলো জ্ঞান ।

লগতে পঢ়ক: শিক্ষামন্ত্ৰীৰ সমষ্টিতে ইউনিফৰ্ম পৰিহিত ছাত্ৰীৰ হত্যা হোৱাক লৈ সৰৱ আছু

ক্ৰমান্বয়ে মগজুৰ বহন ক্ষমতা নিম্ন হৈ পৰিছিল নন্দিতাৰ । নিম্ন হৈ পৰিছিল ছাত্ৰীগৰাকীৰ ৰক্তচাপ । আনকি কোনো ঔষধেও কাম কৰা নাছিল নন্দিতাৰ দেহত । বহু চেষ্টা কৰিও ছাত্ৰীগৰাকীক বচাব নোৱাৰিলে চিকিৎসকে ।

অৱশেষত বিগত ২৫ আগষ্টত দিনৰ ১.১৫ বজাত মৃত্যুৰ সৈতে যুঁজি জীৱন যুদ্ধত হাৰ মানিলে নন্দিতাই । ব্ৰহ্মপুত্ৰ হাস্পতালৰ ICU ৰ ভেণ্টিলেচনত শেষ নিশ্বাস ত্যাগ কৰে ছাত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক: অভিযুক্ত ৰিণ্টু শৰ্মাৰ হৈ ওকালতি নকৰে ধেমাজি জিলা উকীল সন্থাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.