ETV Bharat / entertainment

50 টা বসন্ত গৰকিলে অভিনেতা নৱাজুদ্দিন ছিদ্দিকীয়ে - Nawazuddin Siddiqui

author img

By ETV Bharat Assamese Team

Published : May 19, 2024, 4:56 PM IST

Birthday celebration of Nawazuddin Siddiqui : "গেংছ অফ ৱাছেপুৰ"ৰ অভিনেতা নৱাজুদ্দিন ছিদ্দিকীয়ে আজি তেওঁৰ 50 তম জন্মদিন উদযাপন কৰে ৷ অভিনেতাজনৰ বিশেষ দিনটোত, তেওঁৰ গৃহচহৰ বুধানা (উত্তৰ প্ৰদেশ)ত কিছু দৰিদ্ৰ শিশুৱে তেওঁৰ 50 তম জন্মদিন উদযাপন কৰিছে ।

Birthday celebration of Nawazuddin Siddiqui
50 টা বসন্ত গৰকিলে অভিনেতা নৱাজুদ্দিন ছিদ্দিকিয়ে (Etv Bharat assam)

চিটাৰা ডেস্ক, 19 মে’ : আজি তথা 19 মে’ত বলীউড অভিনেতা নৱাজুদ্দিন ছিদ্দিকীৰ জন্মদিন ৷ আজি অভিনেতাগৰাকীয়ে 50 টা বসন্ত গৰকে ৷ নৱাজুদ্দিন ছিদ্দিকীৰ জন্ম হৈছিল উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰৰ এখন সৰু চহৰ বুধনাত ৷ আজি অভিনেতাজনৰ জন্মদিন উপলক্ষে তেওঁৰ গৃহ চহৰত জন্মদিন উদযাপন কৰা হৈছে ৷ তেওঁৰ জন্মদিন উপলক্ষে লিহাজ ফাউণ্ডেশ্যন নামৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানে 'হাজাৰ হাজাৰ দৰিদ্ৰ শিশুক খাদ্য খুৱাই তেওঁৰ জন্মদিন উদযাপন কৰে ৷

উল্লেখ্য যে, অভিনেতাগৰাকীয়ে কেতিয়াও তেওঁৰ জন্মদিন উদযাপন কৰা নাই ৷ সেইবাবে এইবাৰ ফাউণ্ডেশ্যনৰ সভাপতি ফৈজুদ্দিন ছিদ্দিকীয়ে অভিনেতাজনৰ জন্মদিন দৰিদ্ৰ শিশুসকলৰ সৈতে উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ নেশ্যনেল স্কুল অৱ ড্ৰামাৰ প্ৰাক্তন ছাত্ৰ নৱাজুদ্দিনে এটা সৰু চৰিত্ৰৰে হিন্দী চলচ্চিত্ৰ জগতত যাত্ৰা আৰম্ভ কৰিছিল । তেওঁ 2012 চনত প্ৰশান্ত ভাৰ্গৱৰ ছবি 'পটং' ত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল ।

ৰাষ্ট্ৰীয় বঁটা বিজয়ী নৱাজুদ্দিন ছিদ্দিকীৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ

গেংছ অফ ৱাছেপুৰ ২

অনুৰাগ কাশ্যপৰ দ্বাৰা পৰিচালিত এই ছবিখনত ছিদ্দিকীয়ে অভিনয় কৰিছিল । ফাইজাল খানৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাগৰাকীয়ে দৰ্শকৰ পৰা যথেষ্ট প্ৰশংসা লাভ কৰিছিল ৷ তেওঁ সাৰ্দান খানৰ (মনোজ বাজপেয়ী) দ্বিতীয় পুত্ৰৰ চৰিত্ৰত অভিনয় কৰিছিল ৷

দ্য লাঞ্চবক্স

অভিনেতা ইৰফান খান আৰু নিম্ৰত কৌৰে মুখ্য চৰিত্ৰত অভিনয় কৰা এই ছবিখনত নায়কৰ সহযোগী হিচাপে নৱাজুদ্দিনে অভিনয় কৰি দৰ্শকৰ হৃদয় জয় কৰে ।

মাঝি, দ্য মাউণ্টেইন মেন

2015 চনত মুক্তি লাভ কৰা বাস্তৱ জীৱনভিত্তিক চলচ্চিত্ৰ মাঝি, দ্য মাউণ্টেইন মেনত দশৰথ মাঝিৰ চৰিত্ৰত অভিনয় কৰিছিল ছিদ্দিকীয়ে ৷ এই ছবিখনৰ পৰা দৰ্শকৰ পৰা যথেষ্ট প্ৰশংসা লাভ কৰিছিল অভিনেতাগৰাকীয়ে ৷

বদলাপুৰ

2015 চনত মুক্তি লাভ কৰা তেওঁৰ অন্যতম শ্ৰেষ্ঠ চৰিত্ৰত অভিনয় কৰা এখন প্ৰতিশোধ-নাটক চলচ্চিত্ৰহৈছে বদলাপুৰ ৷ অপৰাধী লিয়াকৰ চৰিত্ৰত নৱাজুদ্দিন ছিদ্দিকীয়ে অভিনয় কৰে ৷

চেক্ৰেড গেমছ

চেক্ৰেড গেমছৰে অ'টিটি আত্মপ্ৰকাশ কৰিছিল অভিনেতাগৰাকীয়ে ৷ গণেশ গাইটোণ্ডে হিচাপে নৱাজুদ্দিন ছিদ্দিকীয়ে অভিয়ন কৰিছিল ৷ এই ছবিখনৰ পিচতে অভিনেতাগৰাকীয়ে যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল ৷ এই চৰিত্ৰটোৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিছিল ৷

লগতে পঢ়ক: আজি বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী অৰিজিৎ সিঙৰ জন্মদিন - Arijit Singh Birthday

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.