ETV Bharat / sports

থাইলেণ্ড অ’পেনৰ পুৰুষৰ ডাবলছ চেম্পিয়নৰ মুকুট পিন্ধিলে সাতৱিকসাইৰাজ-চিৰাগ যুটিয়ে - THAILAND OPEN FINAL

author img

By ETV Bharat Assamese Team

Published : May 19, 2024, 5:00 PM IST

Indian Shuttler : তাৰকা ভাৰতীয় যুটি সাতৱিকসাইৰাজ ৰেংকিৰেডী আৰু চিৰাগ শ্বেট্টীয়ে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই দেওবাৰে চীনৰ বিৰুদ্ধে চূড়ান্ত খেলখনত জয়লাভ কৰে। এই জয়ৰ জৰিয়তে এই যুটিয়ে থাইলেণ্ড অ’পেনত পুৰুষৰ ডাবলছৰ খিতাপ দখল কৰিছে। পঢ়ক সম্পূৰ্ণ খবৰ.....

THAILAND OPEN FINAL
থাইলেণ্ড অ’পেনত পুৰুষৰ ডাবলছৰ খিতাপ দখল ভাৰতৰ (ETV BHARAT)

স্পৰ্টছ ডেস্ক, 19 মে’ : বি ডব্লিউ এফ থাইলেণ্ড অ’পেনত ভাৰতৰ তাৰকা বেডমিণ্টন যুটি সাতৱিকসাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শ্বেট্টীয়ে দেওবাৰে অনুষ্ঠিত চূড়ান্ত মেচত চীনৰ যুটি চেন ব ইয়াং আৰু লিউ য়িক পৰাস্ত কৰি পুৰুষৰ ডাবলছৰ খিতাপ দখল কৰে ৷ এইটো তেওঁলোকৰ ছিজনৰ চতুৰ্থখন ফাইনেল আছিল, য’ত বিশ্বৰ 3 নং ভাৰতীয় যুটিটোৱে বিশ্বৰ 29 নম্বৰ চীনা যুটিটোক পৰাস্ত কৰে ৷

ভাৰতীয় যুটিয়ে 46 মিনিটত 21-15, 21-15 ব্যৱধানত পোনপটীয়া মেচখনত জয়লাভ কৰি প্ৰতিযোগিতাখনৰ আটাইতকৈ দীঘলীয়া মেচখনত জয়লাভ কৰি দ্বিতীয় থাইলেণ্ড অ’পেন খিতাপ দখল কৰে ৷ ইয়াৰ উপৰিও তেওঁলোকৰ খিতাপ বিজয়ী মেচখনৰ পূৰ্বে গোটেই সপ্তাহটোৰ আটাইতকৈ দীঘলীয়া মেচখন আছিল মাত্ৰ 38 মিনিট ৷ 2019 চনত থাইলেণ্ড অ’পেনত প্ৰথমটো ডাঙৰ খিতাপ দখল কৰা এছিয়ান গেমছৰ স্বৰ্ণ পদক বিজয়ী যুটিটোৱে চতুৰ্থবাৰৰ বাবে ছুপাৰ 500 খিতাপ জয়ৰ পথত এখন খেলত পৰাস্ত হৈছিল ৷ মাৰ্চ মাহত ফ্ৰেন্স অ’পেন ছুপাৰ 750 প্ৰতিযোগিতাত জয়ী হোৱা সাতৱিকসাইৰাজ-চিৰাগৰ বছৰৰ দ্বিতীয়টো খিতাপ আছিল ৷

জয়ৰ পাছত চিৰাগে কয়, ‘বেংকক আমাৰ বাবে সদায় বিশেষ আছিল, আমি ইয়াত 2019 চনত প্ৰথমবাৰৰ বাবে ছুপাৰ ছিৰিজৰ খিতাপ জয় কৰিছিলো আৰু লগতে থমাছ কাপতো জয়ী হৈছিলো ৷ গতিকে ই এক বিশেষ স্থান হৈ আহিছে আৰু ইয়াত উপস্থিত হোৱাটো বৰ ভাল কথা ৷"

ইয়াৰ পূৰ্বে শনিবাৰে এই যুটিয়ে চীনা টাইপেইক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল ৷ 35 মিনিটৰ মেচখনত এই যুটিটোৱে ষ্ট্ৰেইট ছেটত 21-11, 21-12 ব্যৱধানত সহজেই জয়লাভ কৰে ৷ অৱশ্যে শনিবাৰে অনুষ্ঠিত হোৱা মহিলা ডাবলছৰ ছেমি ফাইনেল মেচত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল তানিছা-পোন্নাপ্পা যুটি ৷

লগতে পঢ়ক : দৰ্শনীয় জয়েৰে প্লে’ অফৰ যোগ্যতা অৰ্জন আৰ চি বিৰ, ভাইৰেল বিৰাট কোহলীৰ বিজয় উদযাপন - IPL 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.