ETV Bharat / city

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Oct 10, 2022, 2:56 PM IST

news-at-3
3 বজাৰ শীৰ্ষ 10 টা বাতৰি

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

প্ৰাক্তন মুখ্যমন্ত্ৰী মুলায়ম সিং যাদৱৰ দেহাৱসান

"জিছকা জলৱা কায়ম হ্যেয়, উসকা নাম মুলায়ম হ্যেয়" দেশবাসীক কন্দুৱাই ইহসংসাৰৰ পৰা মেলানি মাগিলে উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী পাৰ্টিৰ প্ৰতিষ্ঠাপক মুলায়ম সিং যাদৱে (Mulayam singh yadav death)৷

কুস্তিৰ পৰা ক্ষমতালৈ মুলায়ম সিঙৰ বৰ্ণিল জীৱন

মুলায়মৰ কুস্তিৰ খেলপথাৰৰ পৰা ক্ষমতাৰ বাঘজৰীলৈ যাত্ৰা তেওঁৰ জীৱনৰ দৰেই ৰঙীন আছিল (Mulayam Singh journey from wrestling to power) । ১৯৬২ চনত এখন কুস্তি খেলে যুৱ মল্লযোদ্ধাজনৰ ভাগ্য সলনি কৰিছিল । যশৱন্ত নগৰত উক্ত খেলখনৰ সময়ত মুলায়মে নিজৰ দক্ষতা প্ৰদৰ্শন কৰাৰ সময়ত ইউনাইটেড ছ'চিয়েলিষ্ট পাৰ্টীৰ প্ৰাৰ্থী নাথু সিং যথেষ্ট প্ৰভাৱিত হৈছিল আৰু মল্লযোদ্ধাজনক তেওঁৰ খেলপথাৰ ৰাজনীতিলৈ সলনি কৰিবলৈ কৈছিল । 1967 চনত নাথু সিঙে মুলায়মক বিধানসভাৰ টিকট দিয়ে । সেইটোৱে আছিল তেওঁৰ ৰাজনীতিবিদৰ কেৰিয়াৰৰ মাইলৰ খুঁটি । তাৰ পৰাই তেওঁ ১০ বাৰ বিধায়ক আৰু ৭ বাৰ সাংসদ হয় । তেওঁ তিনিবাৰ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আৰু এবাৰ দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী আছিল (Mulayam Singh Yadav died)।

চলিত সপ্তাহত কৰ্ণাটক হিজাব বিতৰ্কৰ ৰায়ৰ সম্ভাৱনা ছুপ্ৰিম কোৰ্টৰ

দেশৰ শীৰ্ষ ন্যায়ালয়ত (Supreme Court of India) যুক্তি-তৰ্কৰ সময়ত আবেদনকাৰীসকলৰ হৈ উপস্থিত হোৱা কেইবাজনো পৰামৰ্শদাতাই জোৰ দিয়ে যে মুছলমান ছোৱালীবোৰক শ্ৰেণীকোঠালৈ হিজাব পিন্ধি আহাত বাধা দিয়াটোৱে তেওঁলোকৰ শিক্ষা বিপদত পেলাব (Hijab controversy in Karnataka) । কিয়নো তেওঁলোকে শ্ৰেণীত উপস্থিত থকাটো বন্ধ কৰিব পাৰে ।

শৰতৰ পৰশত সুশোভিত প্ৰকৃতি

শুভ্ৰ কহুৱাৰ আচ্ছাদনৰ মাজেৰে শৰতে মেলিছে সুন্দৰৰ মেলা(Nature has taken a beautiful form in autumn) । আকাশত শুকুলা ডাৱৰ, গেৰ ধৰা শস্যৰ পথাৰে শৰতক দিছে অনন্য ৰূপ । জোনাইৰ ছিয়াঙৰ নৈ-পৰীয়া গাঁৱৰ দৃশ্যই মুহিছে সকলোকে ।

ৰাজনৈতিক নেতাৰ অপৰাধ ৱেবছাইটত প্ৰকাশৰ আবেদন খাৰিজ ছুপ্ৰিম কোৰ্টৰ

উচ্চতম ন্যায়ালয়ে (Supreme Court of India) সোমবাৰে উক্ত আবেদন বাতিল কৰে য'ত নিৰ্বাচন আয়োগক (Election Commission of India) এইটো সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিবলৈ আহ্বান জনাইছিল যাতে সকলো ৰাজনৈতিক দলে তেওঁলোকৰ চৰকাৰী ৱেবছাইটত প্ৰাৰ্থীৰ অপৰাধমূলক গোচৰ সম্পৰ্কীয় বিৱৰণ প্ৰকাশ কৰে ।

Rekha Birthday Special, 60 খন ছবিৰ পিছতহে অভিনয়ৰ প্ৰেমত পৰিছিল ৰেখা

স্বভাৱতেই লাজকুৰীয়া, ভৰ-যৌৱনাপ্ৰাপ্ত নিৰ্বোধ ভানুৰেখাক মায়ানগৰী মুম্বাইৰ সৈতে মিলিবলৈ বহুত সময় লাগিছিল ৷ য’ত নেকি আজিৰ দিনৰ তাৰকাসকলে সৰুৰে পৰাই অভিনয় কৰাৰ সপোন দেখে তেনে ক্ষেত্ৰত ৰেখা আছিল ইয়াৰ সম্পূৰ্ণ বিপৰীত ৷ ভানুৰেখাক অভিনয় জগতলৈ যাবলৈ জোৰ দিয়া হৈছিল আৰু যদি তেওঁ ফিল্ম ছেটলৈ যাবলৈ অমান্তি কৰিছিল তেতিয়া তেওঁক মাৰধৰ কৰা হৈছিল ৷

জোনাইত কৃত্ৰিম বানৰ ফলত আধাতে চুটী দিলে বিদ্যালয়

কৃত্ৰিম বানৰ ফলত আধাতে চুটি দিলে জোনাই টাউন হিন্দী এম ই স্কুল(Artificial flood in Jonai town) । ইফালে বেৰাচাপৰিত চিয়াং নদীৰ বানত জলমগ্ন কেইবাখনো গাঁও(Flood in Jonai) । বন্যাৰ্তৰ হাহাকাৰ ।

গৰ্ভাৱস্থাত খাদ্যৰ তালিকাত ভাত অন্তৰ্ভুক্ত কৰাটো স্বাস্থ্যৰ বাবে উপকাৰী নে ক্ষতিকাৰক!

এগৰাকী মহিলাৰ বাবে গৰ্ভাৱস্থা এক অতি মূল্যৱান মুহূৰ্ত । এই সময়ত মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিব লগা হয় । ইয়াৰ বাবেই কেৱল মাকেই নহয়, শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশ সঠিকভাৱে হয়(Benefits of eating rice during pregnancy) ।

ৰাজামৌলীৰ প্ৰেম কাহিনী এখন ছবিৰ কাহিনীতকৈ কম নহয়

1973 চনৰ 10 অক্টোবৰত জন্মগ্ৰহণ কৰা এছ এছ ৰাজামৌলীয়ে আজি 49 সংখ্যক জন্মদিন উদযাপন কৰিছে । তেওঁৰ জন্মদিনত আমি আপোনালোকক জনাম তেওঁৰ জীৱনৰ লগত জড়িত কিছু কথা-

KBC 14, জয়া বচ্চনৰ প্ৰশ্নত কেবিচিৰ মঞ্চতে উচুপি উঠিল বিগবি

Kaun Banega Crorepati 14-ৰ শেহতীয়া প্ৰম’ত দেখুওৱা হৈছে যে কথোপকথনৰ সময়ত জয়া বচ্চনে শ্ব’টোত এনে এটা প্ৰশ্ন সোধে যিয়ে অমিতাভ বচ্চনৰ চকুলো বোৱাই আনিছিল আৰু তেওঁক টিচু পেপা ৰএখনেৰে চকুপানী মচি থকা দেখা গৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.