ETV Bharat / bharat

প্ৰাক্তন মুখ্যমন্ত্ৰী মুলায়ম সিং যাদৱৰ দেহাৱসান

author img

By

Published : Oct 10, 2022, 10:00 AM IST

Updated : Oct 10, 2022, 12:44 PM IST

"জিছকা জলৱা কায়ম হ্যেয়, উসকা নাম মুলায়ম হ্যেয়" দেশবাসীক কন্দুৱাই ইহসংসাৰৰ পৰা মেলানি মাগিলে উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী পাৰ্টিৰ প্ৰতিষ্ঠাপক মুলায়ম সিং যাদৱে (Mulayam singh yadav death)৷

Mulayam Singh Yadav Passes away
প্ৰাক্তন মুখ্যমন্ত্ৰী মুলায়ম সিং যাদৱৰ দেহাৱসান

নেশ্যনেল ডেস্ক, 10 অক্টোবৰ: দেশৰ ৰাজনীতিৰ এক বৃহৎ ক্ষতি ( Mulayam Singh Yadav latest news)৷ উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী পাৰ্টিৰ প্ৰতিষ্ঠাপক মুলায়ম সিং যাদৱৰ দেহাৱসান (Mulayam Singh Yadav death) ৷

সোমবাৰে পুৱা 8.16 বজাত গুৰুগ্ৰামৰ মেদান্তা হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে(Mulayam Singh Yadav Passes away )৷মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল 82 বছৰ (Samajwadi party Mulayam Singh Yadav Died)৷

দীৰ্ঘদিন ধৰি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰস্ৰাৱত সংক্ৰমণ, ব্লাড প্ৰেছাৰকে ধৰি শ্বাস-প্ৰশ্বাস লোৱাত কষ্ট হৈছিল (Mulayam Singh Yadav Death cause)৷ অক্টোবৰ মাহৰ আৰম্ভনিতে তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত মেদান্তা হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ৷ তাৰ পিছতে তেওঁক আইচিইউলৈ স্থানান্তৰ কৰা হৈছিল ৷

১৯৩৯ চনৰ ২২ নৱেম্বৰত উত্তৰ প্ৰদেশৰ ছাইফাই গাঁৱত জন্মগ্ৰহণ কৰা মুলায়ম সিং যাদৱ উত্তৰ প্ৰদেশৰ এজন অন্যতম বিশিষ্ট ৰাজনৈতিক নেতা ৷ তেখেতৰ কৰ্মৰাজিৰ বাবে পাৰ্টিৰ কৰ্মকৰ্তাসকলে নেতাজী আখ্যা দিছিল ৷ যাদৱে লোকসভাৰ সাংসদ হিচাপে ৭ বাৰ নিৰ্বাচিত হৈছিল ৷

1889 চনত পোণ প্ৰথমবাৰৰ বাবে তেখেত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাবে নিৰ্বাচিত হৈছিল ৷ পৰৱৰ্তী সময়ত 1992 চনত আৰু 2002 চনত দুবাৰকৈ মুখ্যমন্ত্ৰী পদৰ বাবে নিৰ্বাচিত হৈছিল প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ 1992 চনত তেওঁ সমাজবাদী পাৰ্টিৰ প্ৰতিষ্ঠা কৰিছিল ৷ তেখেত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল ৷

উল্লেখ্য যে তেখেত এগৰাকীয় কুস্তী খেলুৱৈও আছিল ৷ ১৯৬২ চনত এখন কুস্তি খেলে যুৱ মল্লযোদ্ধাজনৰ ভাগ্যই সলনি কৰিছিল ৷ যশৱন্ত নগৰত অনুষ্ঠিত হোৱা এখন কুস্তিখেলৰ সময়ত তেখেতে নিজৰ দক্ষতা প্ৰদৰ্শন কৰিছিল ৷ এই খেল চাই ইউনাইটেড ছ'চিয়েলিষ্ট পাৰ্টিৰ প্ৰাৰ্থী নাথু সিঙে যথেষ্ট প্ৰভাৱিত হৈছিল আৰু মল্লযোদ্ধাগৰাকীক ৰাজনীতিলৈ আহিবলৈ প্ৰস্তাৱ দিছিল ৷ 1967 চনত নাথু সিঙে মুলায়ম সিঙক বিধানসভাৰ টিকট দিছিল ৷ তেতিয়াৰৰৃ পৰাই ৰাজনীতিৰ পথাৰত নিজৰ নাম অক্ষুন্ন ৰাখি আহিছিল এইগৰাকী প্ৰয়াত বৰ্ষীয়ান নেতাই ৷

প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ মৃত্যুৰ বিয়োগত উত্তৰ প্ৰদেশ চৰকাৰে তিনিদিনৰ বাবে ৰাজ্যিক শোক ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ বিয়োগত শোক প্ৰকাশ কৰি সম্পূৰ্ণ ৰাজ্যিক সন্মানেৰে তেখেতৰ অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব বুলি ঘোষণা কৰে ৷

লগতে পঢ়ক: কংগ্ৰেছ দলত কোনোধৰণৰ অন্তঃকন্দল নাই: ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট

Last Updated : Oct 10, 2022, 12:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.