ETV Bharat / bharat

কংগ্ৰেছ দলত কোনোধৰণৰ অন্তঃকন্দল নাই: ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট

author img

By

Published : Oct 10, 2022, 9:50 AM IST

Updated : Oct 10, 2022, 9:56 AM IST

বিজেপিয়ে দাবী কৰিছে যে গান্ধী পৰিয়ালৰ ভোট আকৰ্ষণৰ ক্ষমতা নাই(Gandhi family has no power to attract votes), কিন্তু বাস্তৱতে দেশৰ জনসাধাৰণৰ কংগ্ৰেছ দলৰ প্ৰতি বিশ্বাস অটুট আছে , ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে দেওবাৰে কয় ।

There is no infighting in Rajasthan Congress: CM Gehlot
কংগ্ৰেছ দলত কোনোধৰণৰ আন্ত:কন্দল নাই: ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট

নেশ্যনেল ডেস্ক,10 অক্টোবৰ: ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে(Rajasthan Chief Minister Ashok Gehlot) দেওবাৰে ৰাজ্যখনৰ বিদ্যাধৰ নগৰত ৰেগৰ জনগোষ্ঠীৰ এক সমাৱেশত অংশগ্ৰহণ কৰি নিজ দলৰ সমৰ্থনত ভাষণ প্ৰদান কৰে মুখ্যমন্ত্ৰী গেহলটে ৷ গান্ধী পৰিয়ালৰ সদস্যসকলক কোনেও গুৰুত্ব নিদিয়ে, দলটোৰ ভোট লাভৰ সক্ষমতা নাই আৰু সকলোৱে 'ননচেঞ্চ' বুলি দলটোক বৰ্খাস্ত কৰে জাতীয় এক উৰা বাতৰি প্ৰচাৰ হোৱা পৰিলক্ষিত হৈছে যদিও এয়া ভিত্তিহীন বুলি স্পষ্ট কৰি দিয়ে গেহলটে ৷ দলটোৰ ভিতৰ চৰাত কোনো ধৰণৰ অন্তঃকন্দল নাই বুলিও স্পষ্ট কৰি দিয়ে ৰাজস্থানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

'গান্ধী পৰিয়ালক কোনেও গুৰুত্ব নিদিয়ে । ভোট লাভ কৰাৰ ক্ষমতা গান্ধী পৰিয়ালৰ নাই'- এই সকলোবোৰ আলোচনাই ভিত্তিহীন বুলি গেহলটে উপস্থিত ৰাইজৰ আগত কয় ৷ শাসনাধিষ্ঠিত বিজেপিয়ে দাবী কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে গান্ধী পৰিয়ালৰ ভোট আকৰ্ষণ কৰাৰ ক্ষমতা নাই(Gandhi family has no power to attract votes), কিন্তু বাস্তৱিকতে দেশৰ জনসাধাৰণে ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীক বিশ্বাস কৰে ।

ৰাজস্থানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে কংগ্ৰেছ দল দেশৰ য'তেই উপস্থিত হয় ততেই দলটোয়ে লাভ কৰি আহিছে লাখ লাখ লোকৰ সমৰ্থন । ৰাজস্থান কংগ্ৰেছত অন্তঃকন্দল চলি আছে বুলি প্ৰতিদিনে বাতৰি কাকতত প্ৰচাৰ হোৱা পৰিলক্ষিত হৈছে ৷ এনে উৰা বাতৰি প্ৰচাৰৰ দ্বাৰা লাভৱান হ’ব কেৱল বিজেপি দল ৷ পৰবৰ্তী চৰকাৰ আমিয়েই গঠন কৰিম বুলি আমি বদ্ধপৰিকৰ । সেয়া বাস্তৱায়িত কৰিবলৈ প্ৰয়োজন জনসাধাৰণৰ আশীৰ্বাদৰ ' বুলি গেহলটে কয় ৷

গেহলেটে সমাবেশত কয় যে কংগ্ৰেছ একমাত্ৰ দল যিয়ে ৰেগাৰ সম্প্ৰদায়ক সন্মান জনায় আহিছে । কংগ্ৰেছে সংৰক্ষণ সুৰক্ষিত কৰিছে বুলিও তেওঁ কয় । গেহলোটে কয় যে আজি ক্ষমতাত থকাসকলে কেতিয়াও সংৰক্ষণৰ প্ৰতি সমৰ্থন জনোৱা নাছিল ৷ আজিৰ ভাৰতীয় জনতা পাৰ্টি আগতে জনসংঘৰ ৰূপত আছিল । তেওঁলোকে সংৰক্ষণৰ বিৰোধিতা কৰিছিল বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় ৰাজস্থানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

ৰেগাৰ সম্প্ৰদায়ৰ প্ৰতি সন্মান জনোৱা একমাত্ৰ দল কংগ্ৰেছ বুলি গেহলেটে সমাৱেশত কয় । সংৰক্ষণ ব্যৱস্থাক কংগ্ৰেছে সুৰক্ষিত কৰি আহিছে বুলিও তেওঁ কয় । গেহলেটে পুনৰ কয় যে আজি ক্ষমতাত থকাসকলে কেতিয়াও সংৰক্ষণৰ প্ৰতি সমৰ্থন জনোৱা নাছিল ৷ আজিৰ ভাৰতীয় জনতা পাৰ্টি আগতে জনসংঘৰ ৰূপত আছিল । তেওঁলোকে সংৰক্ষণৰ বিৰোধিতা কৰিছিল ৷

লগতে পঢ়ক: ১১ অক্টোবৰত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব ভূপালৰ মহাকালেশ্বৰ মন্দিৰ কৰিডৰ প্ৰকল্প

Last Updated :Oct 10, 2022, 9:56 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.