ETV Bharat / entertainment

Rekha Birthday Special, 60 খন ছবিৰ পিছতহে অভিনয়ৰ প্ৰেমত পৰিছিল ৰেখা

author img

By

Published : Oct 10, 2022, 12:45 PM IST

স্বভাৱতেই লাজকুৰীয়া, ভৰ-যৌৱনাপ্ৰাপ্ত নিৰ্বোধ ভানুৰেখাক মায়ানগৰী মুম্বাইৰ সৈতে মিলিবলৈ বহুত সময় লাগিছিল ৷ য’ত নেকি আজিৰ দিনৰ তাৰকাসকলে সৰুৰে পৰাই অভিনয় কৰাৰ সপোন দেখে তেনে ক্ষেত্ৰত ৰেখা আছিল ইয়াৰ সম্পূৰ্ণ বিপৰীত ৷ ভানুৰেখাক অভিনয় জগতলৈ যাবলৈ জোৰ দিয়া হৈছিল আৰু যদি তেওঁ ফিল্ম ছেটলৈ যাবলৈ অমান্তি কৰিছিল তেতিয়া তেওঁক মাৰধৰ কৰা হৈছিল ৷

Birthday Special
জনপ্ৰিয় অভিনেত্ৰী ৰেখা

চিটাৰা ডেস্ক, 10 অক্টোবৰ : ভানুৰেখাৰ পৰা ৰেখা হ’বলৈ তেওঁক দীঘলীয়া আঠ বছৰ সময় লাগিছিল ৷ 1978 চনত মুক্তি পোৱা এখন ছবিক ৰেখাই তেওঁৰ এই সফলতাৰ বাবে বাট হিচাপে গণ্য কৰে ৷ Sawan Bhadon ত অভিষেক ঘটাৰ পিছত ৰেখাই আৰু পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাছিল, কিয়নো দক্ষিণ আৰু মুম্বাইৰ চলচ্চিত্ৰ নিৰ্মাতাসকলে নিজৰ নিজৰ ছবিৰ বাবে ৰেখাক বিচাৰি সেইসময়ত শাৰী পাতিছিল ৷

Birthday Special
জনপ্ৰিয় অভিনেত্ৰী ৰেখা

অৱশ্যে চলচ্চিত্ৰত অভিনয়ৰ কথা সপোনতো ৰেখাৰ মনলৈ অহা নাছিল । এইটো কথা কোনেও নজনা নহয় যে ৰেখাই তেওঁৰ পৰিয়ালক তীব্ৰ আৰ্থিক সংকটৰ পৰা ৰক্ষা কৰিবলৈ চলচ্চিত্ৰ উদ্যোগত প্ৰৱেশ কৰিব লগা হৈছিল । এগৰাকী কিশোৰীক নৱম শ্ৰেণীৰ পৰা চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰিবলৈ উলিয়াই অনা হৈছিল য'ত চাৰিওফালৰ মানুহে তেওঁৰ দুৰ্বলতাৰ সুযোগ লৈছিল ।

Anjana Safar ত ৰেখাক ৰোমান্টিক দৃশ্য এটা কৰি থকাৰ সময়ত তেওঁৰ ইচ্ছাৰ বিৰুদ্ধে কেইবাবাৰো চুম্বন কৰা হৈছিল । তেতিয়া যদি #MeToo আন্দোলন আৰু নাৰীৰ সন্মতিৰ গুৰুত্বৰ ওপৰত কথোপকথন হ’লহেতেন ৰেখাই নিশ্চয়কৈ তেওঁৰ অস্বস্তিৰ কথা ব্যক্ত কৰিলেহেতেন লগতে যৌন নিৰ্যাতনৰ বাবে চলচ্চিত্ৰ পৰিচালক আৰু সহ-অভিনেতাৰ স্বৰূপ সমাজৰ আগত উদঙাই দিলেহেতেন ৷

Birthday Special
জনপ্ৰিয় অভিনেত্ৰী ৰেখা

এনেধৰণৰ বহুতো ঘটনা আৰু আন বহুতো কথাই ৰেখাক তেওঁ ইতিমধ্যে জড়িত হৈ থকা বৃত্তিটোৰ প্ৰতি ঘৃণা উপজাইছিল । যদিও তেওঁ এগৰাকী চুপাৰষ্টাৰ হিচাপে জনাজাত হৈ গৈছিল কিন্তু ৰেখাক তেতিয়াও তেওঁ যি কৰি আছিল সেই কামক ভাল পাবলৈ প্ৰায় ন বছৰ লাগিছিল আৰু প্ৰায় 60 খন চলচ্চিত্ৰৰ পিছতহে ৰেখা চলচ্চিত্ৰৰ প্ৰেমত পৰিছিল । বহুতে ভাবিব যে Phool Bane Angaray আৰু প্ৰতিশোধমূলক কাহিনী Khoon Bhari Maangৰ দৰে চলচ্চিত্ৰ য’ত ৰেখাই অসাধাৰণ শক্তিশালী মহিলাৰ চৰিত্ৰত অভিনয় কৰিছিল সেই ছবিবোৰে তেওঁক ব্যক্তিগতভাৱে প্ৰভাৱিত কৰিছিল (Rekha movies) । আমোদজনকভাৱে, প্ৰকৃতাৰ্থত তেনেকুৱা হোৱাই নাছিল ।

Birthday Special
জনপ্ৰিয় অভিনেত্ৰী ৰেখা

চিনেমাৰ প্ৰতি ৰেখাৰ দৃষ্টিভংগী সলনি কৰা ছবিখন আছিল 1978 চনত মুক্তি পোৱা Ghar (Rekha unknown facts)। মানিক চেটাৰ্জীৰ দ্বাৰা পৰিচালিত ছবিখনত ধৰ্ষণৰ পিছত মোকাবিলা কৰি থকা যুৱ বিবাহিত দম্পতীৰ কাহিনী দেখুওৱা হৈছিল । ছবিখনত ৰেখাই বিনোদ মেহৰাৰ বিপৰীতে অভিনয় কৰিছিল যাৰ সৈতে তেওঁ বিবাহপাশত আৱদ্ধ হৈছিল বুলি খবৰ ওলাইছিল কিন্তু ৰেখাই এই বাতৰি খণ্ডন কৰিছিল ।

Birthday Special
জনপ্ৰিয় অভিনেত্ৰী ৰেখা

Elaan আৰু Hawas ৰ পিছতে ৰেখা আৰু বিনোদৰ তৃতীয়টো সহযোগিতা আছিল এই ছবিখন । Gharত দুৰ্বল আৰু আঘাতপ্ৰাপ্ত দলবদ্ধ ধৰ্ষণৰ বলি হোৱা আৰতি চন্দ্ৰাৰ চৰিত্ৰত অভিনয় কৰি থকাৰ সময়তে ৰেখাই অভিনয়ক গুৰুত্বসহকাৰে ল’বলৈ আৰম্ভ কৰে । এটা সাক্ষাৎকাৰত চিৰসেউজ অভিনেত্ৰী গৰাকীয়ে কৈছিল যে ছবিখনৰ ধৰ্ষণৰ দৃশ্যটোৱেই তেওঁক ভিতৰৰ পৰা জোকাৰি পেলাইছিল ।

চলচ্চিত্ৰখনে ৰেখাক এনে এটা দিশলৈ ঠেলি দিছিল য'ত অভিনয় তেওঁৰ বাবে আৰু বোজা হৈ থকা নাছিল । এইটো অস্বীকাৰ কৰিব নোৱাৰি যে ৰেখা হৈছে হিন্দী চলচ্চিত্ৰ উদ্যোগে প্ৰযোজনা কৰা পৰ্দাৰ আটাইতকৈ ধুনীয়া তাৰকাসকলৰ মাজৰ অন্যতম । সৌন্দৰ্য আৰু তেওঁৰ পাৱাৰহাউচ প্ৰদৰ্শনৰ বাবে সদায়ে চৰ্চাত থকা এগৰাকী অভিনেত্ৰী । ৰাষ্ট্ৰীয় বঁটা বিজয়ী অভিনেত্ৰী গৰাকীয়ে আজি 65 বছৰত ভৰি দিছে । জন্মদিনত, ইটিভি ভাৰত চিটাৰা পৰিয়ালে ৰেখাক আগন্তুক বছৰটোৰ বাবে শুভেচ্ছা জনাইছে !

লগতে পঢ়ক : পত্নী সুনীতাৰ সৈতে ইজিপ্ত ভ্ৰমণত ব্যস্ত থকা অনিল কাপুৰৰ পৰিয়ালৰ কেইখনমান ফটো চাওক-

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.