ETV Bharat / bharat

কুস্তিৰ পৰা ক্ষমতালৈ মুলায়ম সিঙৰ বৰ্ণিল জীৱন

author img

By

Published : Oct 10, 2022, 1:15 PM IST

Updated : Oct 10, 2022, 4:34 PM IST

মুলায়মৰ কুস্তিৰ খেলপথাৰৰ পৰা ক্ষমতাৰ বাঘজৰীলৈ যাত্ৰা তেওঁৰ জীৱনৰ দৰেই ৰঙীন আছিল (Mulayam Singh journey from wrestling to power) । ১৯৬২ চনত এখন কুস্তি খেলে যুৱ মল্লযোদ্ধাজনৰ ভাগ্য সলনি কৰিছিল । যশৱন্ত নগৰত উক্ত খেলখনৰ সময়ত মুলায়মে নিজৰ দক্ষতা প্ৰদৰ্শন কৰাৰ সময়ত ইউনাইটেড ছ'চিয়েলিষ্ট পাৰ্টীৰ প্ৰাৰ্থী নাথু সিং যথেষ্ট প্ৰভাৱিত হৈছিল আৰু মল্লযোদ্ধাজনক তেওঁৰ খেলপথাৰ ৰাজনীতিলৈ সলনি কৰিবলৈ কৈছিল । 1967 চনত নাথু সিঙে মুলায়মক বিধানসভাৰ টিকট দিয়ে । সেইটোৱে আছিল তেওঁৰ ৰাজনীতিবিদৰ কেৰিয়াৰৰ মাইলৰ খুঁটি । তাৰ পৰাই তেওঁ ১০ বাৰ বিধায়ক আৰু ৭ বাৰ সাংসদ হয় । তেওঁ তিনিবাৰ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আৰু এবাৰ দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী আছিল (Mulayam Singh Yadav died)।

কুস্তিৰ পৰা ক্ষমতালৈ মুলায়ম সিঙৰ বৰ্ণিল জীৱন
কুস্তিৰ পৰা ক্ষমতালৈ মুলায়ম সিঙৰ বৰ্ণিল জীৱন

নিউজ ডেস্ক, ১০ অক্টোবৰ : উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু সমাজবাদী পাৰ্টী নেতা মুলায়ম সিং যাদৱৰ দীৰ্ঘদিনীয়া অসুস্থতাৰ পিছত সোমবাৰে মৃত্যু হয় (UP CM Mulayam Singh Yadav passed away) । তেওঁৰ অন্তিম শয়ন এক প্ৰকাৰ নিশ্চিত আছিল । কিন্তু সম্ভৱত কোনেও বিশ্বাস কৰিবলৈ প্ৰস্তুত নাছিল । মুলায়ম সিং যাদৱ আছিল সমান্তৰাল গণতান্ত্ৰিক মঞ্চ গঢ়ি তোলাত সফল ব্যক্তি । যিয়ে কংগ্ৰেছৰ উত্তৰাধিকাৰীক প্ৰত্যাহ্বান জনাইছিল, বিজেপিৰ আক্ৰমণ বিফল কৰিছিল আৰু বাঁওপন্থী চিন্তাবিদসকলক কৌশলেৰে চালিত কৰিছিল । তেওঁ আছিল আঞ্চলিক দলবোৰৰ এক কণ্ঠস্বৰ । তেওঁ ৰাজ্যসমূহৰ দাবীবোৰ ৰাষ্ট্ৰীয় পৰ্যায়লৈ কঢ়িয়াই নিবৰ বাবে এক কৰিডৰ সৃষ্টি কৰিছিল । সেয়ে হয়তো প্ৰকৃতাৰ্থতে কোৱা হয়, "জিস্কা জলৱা কায়েম হ্যে, উস্কা নাম মুলায়ম হ্যে" (SP leader Mulayam Singh Yadav) ।

ভাৰতীয় ৰাজনীতিৰ অজেয় যাদুকৰ মুলায়ম সিং যাদৱে সোমবাৰে মেদান্ত চিকিৎসালয়ত জীৱন যুঁজৰ পিছত তেওঁৰ অন্তিম কুস্তিত পৰাজিত হয় (Mulayam Singh Yadav died in Medanta hospital) । 'নেতাজী' হিচাপে জনাজাত মুলায়ম সিং যাদৱক 'তিনিবাৰ মুখ্যমন্ত্ৰী' বা প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে সংজ্ঞায়িত কৰাটো উত্তৰ প্ৰদেশৰ পেশীবিদ (সাহিত্যিক ভাষাত নহ'লেও কুস্তিৰ প্ৰতি তেওঁৰ আগ্ৰহৰ বাবে) এজন ব্যক্তি হিচাপে সদায় স্মৰণ কৰিব লাগিব । তেওঁ ভাৰতীয় ৰাজনীতিত নিজৰ এক বিশেষ স্থান সৃষ্টি কৰিছে (Wrestler Mulayam Singh Yadav) ।

১৯৯২ চনত মুলায়ম সিং যাদৱে সমাজবাদী পাৰ্টী (Samajwadi Party) গঠন কৰাৰ সময়ত হয়তো কোনেও বিশ্বাস কৰা নাছিল যে আঞ্চলিক দলবোৰেও ৰাষ্ট্ৰীয় মাপকাঠিৰ ওপৰত তেওঁলোকৰ নিজা বৰ্ণনা নিৰ্ধাৰণ কৰিব পাৰে । কিন্তু মাত্ৰ চাৰি বছৰৰ ভিতৰতে মুলায়মে সেয়া সম্ভৱ বুলি প্ৰমাণ কৰে । সমাজবাদী দলে কেৱল স্পষ্ট যুঁজাৰু কংগ্ৰেছ আৰু বাঁও মৰ্চাৰ মাজত ভাৰসাম্য ৰক্ষা কৰাই নহয় এটা ধৰ্মনিৰপেক্ষ তৃতীয় ফ্ৰণ্ট গঠন কৰিছিল, য'ত সৰু সৰু আঞ্চলিক দলবোৰে ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকৰ কণ্ঠস্বৰ প্ৰতিধ্বনিত কৰিব পাৰে ।

মুলায়ম সিং যাদৱ বিজেপিবিৰোধী, কংগ্ৰেছবিৰোধী শক্তিৰে গঠিত তৃতীয় ফ্ৰণ্ট গঢ়ি তোলাৰ পদক্ষেপৰ অন্যতম প্ৰধান স্থপতি । তেওঁ ১৯৯৬ চনত কংগ্ৰেছে বেয়াকৈ মুখথেকেছা খোৱাৰ পিছত আৰু বিজেপিয়ে চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় সংখ্যা সংগ্ৰহ কৰিব পৰা অৱস্থাত নথকাৰ সময়ত পুনৰ নিজৰ শক্তি প্ৰদৰ্শন কৰে । ফলাফল নিশ্চিতভাৱে আচৰিত আছিল । তেওঁ এইচডি দেৱগৌড়া আৰু আই কে গুজৰালৰ প্ৰধানমন্ত্ৰিত্বত ১৯৯৬-ৰ পৰা ১৯৯৮ চনৰ ভিতৰত কেন্দ্ৰত একেৰাহে দুখন চৰকাৰ গঠন কৰাত সফল হোৱাই নহয়, কেন্দ্ৰত ৰাজ্যিক পৰ্যায়ৰ দলসমূহৰ উপস্থিতি আৰু গুৰুত্ব বৃদ্ধি কৰে ।

এগৰাকী প্ৰশিক্ষিত মল্লযোদ্ধা মুলায়ম সিং যাদৱ (trained wrestler Mulayam Singh Yadav) ভাৰতীয় ৰাজনীতিত এগৰাকী ডাঙৰ যুঁজাৰু ব্যক্তি । ১৯৩৯ চনৰ ৩১ নৱেম্বৰত ইটাৱাৰ চৈফাই গাঁৱত জন্মগ্ৰহণ কৰি তেওঁ আগ্ৰা বিশ্ববিদ্যালয়ৰ বি আৰ কলেজৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ সম্পূৰ্ণ কৰে । মুলায়ম সিঙৰ বয়স ১৫ বছৰ হওঁতেই তেওঁ সমাজবাদগ্ৰহণ কৰে । তাতেই তেওঁ সেই সময়ৰ অন্যতম উচ্চতম সমাজতান্ত্ৰিক নেতা ড৹ ৰামমনোহৰ লোহিয়াৰ সান্নিধ্যলৈ আহে । উক্ত আন্দোলনৰ সময়ত তেওঁ তিনি মাহৰ বাবে কাৰাবাস খাটিছিল । তেওঁ ১৯৮৯ চনত প্ৰথমবাৰৰ বাবে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হয় । ১৯৯০ চনত ভিপি সিং চৰকাৰৰ পতনৰ পিছত তেওঁ ১৯৯২ চনত সমাজবাদী পাৰ্টী প্ৰতিষ্ঠা কৰাৰ পূৰ্বে কিছু সময়ৰ বাবে চন্দ্ৰ শেখৰৰ সমাজবাদী জনতা পাৰ্টীৰ সৈতে কাম কৰিছিল ।

মুলায়মৰ কুস্তিৰ খেলপথাৰৰ পৰা ক্ষমতাৰ বাঘজৰীলৈ যাত্ৰা তেওঁৰ জীৱনৰ দৰেই ৰঙীন আছিল । ১৯৬২ চনত এখন কুস্তি খেলে যুৱ মল্লযোদ্ধাজনৰ ভাগ্য সলনি কৰিছিল । যশৱন্ত নগৰত উক্ত খেলখনৰ সময়ত মুলায়মে নিজৰ দক্ষতা প্ৰদৰ্শন কৰাৰ সময়ত ইউনাইটেড ছ'চিয়েলিষ্ট পাৰ্টীৰ প্ৰাৰ্থী নাথু সিং যথেষ্ট প্ৰভাৱিত হৈছিল আৰু মল্লযোদ্ধাজনক তেওঁৰ খেলপথাৰ ৰাজনীতিলৈ সলনি কৰিবলৈ কৈছিল । 1967 চনত নাথু সিঙে মুলায়মক বিধানসভাৰ টিকট দিয়ে । সেইটোৱে আছিল তেওঁৰ ৰাজনীতিবিদৰ কেৰিয়াৰৰ মাইলৰ খুঁটি । তাৰ পৰাই তেওঁ ১০ বাৰ বিধায়ক আৰু ৭ বাৰ সাংসদ হয় । তেওঁ তিনিবাৰ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আৰু এবাৰ দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী আছিল ।

যেতিয়া সকলোৱে তেওঁৰ ওপৰত আশা হেৰুৱাইছিল, মুলায়ম সিং যাদৱে এজন প্ৰকৃত মল্লযোদ্ধাৰ দৰে উভতি আহিছিল । তেওঁ প্ৰথমবাৰৰ বাবে ১৯৮৯ চনত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হয় । ১৯৯০ চনৰ নৱেম্বৰত ভি পি সিং নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ পতনৰ পিছত মুলায়ম সিং যাদৱে চন্দ্ৰ শেখৰৰ জনতা দল (সমাজতান্ত্ৰিক) দলত যোগদান কৰে আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ (আইএনচি) সমৰ্থনত মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ অব্যাহত ৰাখে । ১৯৯১ চনৰ এপ্ৰিলত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সিদ্ধান্তৰ পিছত কংগ্ৰেছে তেওঁলোকৰ সমৰ্থন প্ৰত্যাহাৰ কৰাৰ সময়ত তেওঁৰ চৰকাৰৰ পতন ঘটে । ইয়াৰ পূৰ্বে চন্দ্ৰ শেখৰৰ চৰকাৰৰ প্ৰতি সমৰ্থন প্ৰত্যাহাৰ কৰিছিল কংগ্ৰেছে । ফলত উত্তৰ প্ৰদেশ বিধানসভাৰ মধ্যৱৰ্তী নিৰ্বাচন 1991 চনৰ মাজভাগত অনুষ্ঠিত হয়, য'ত মুলায়ম সিঙৰ দলে বিজেপিৰ হাতত ক্ষমতা হেৰুৱায় ।

বিজেপিয়ে উত্তৰ প্ৰদেশত শক্তিশালী প্ৰৱেশ ঘটাব বিচাৰি থকাৰ সময়তে মুলায়মে তেওঁৰ যাদুৰ মন্ত্ৰৰ দ্বাৰা গেৰুৱা বাহিনীক পৰাজিত কৰিছিল । ডিচেম্বৰৰ 6 তাৰিখে কৰসেৱকসকলে বাবৰি মছজিদত আক্ৰমণ কৰে । কল্যাণ সিঙে পদত্যাগ কৰে আৰু ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হয় । ১৯৯৩ চনৰ ডিচেম্বৰত বিধানসভা নিৰ্বাচনত যেতিয়া সকলোৱে ৰাম মন্দিৰৰ উল্লাসৰ ওপৰত আৰোহণ কৰি বিজেপি ক্ষমতালৈ উভতি অহাৰ বিষয়ে নিশ্চিত আছিল, মুলায়ম সিং যাদৱে বিএছপিৰ সৈতে হাত মিলাই 'মাষ্টাৰ ষ্ট্ৰোক' দিছিল । দলিত হিন্দু আৰু মুছলমান ভোট একত্ৰিত কৰি মুলায়ম সিং যাদৱ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হয় । তেওঁ বিজেপি আৰু বিএছপিৰ মাজত বিভাজন ৰচনা কৰি তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হয় ।

অৱশ্যে ৰাজনৈতিক প্ৰতিদ্বন্দ্বীসকলক সুন্দৰভাৱে পৰিচালনা কৰাৰ দক্ষতা আৰু নিজকে মূলসুঁতিৰ ৰাজনীতিত প্ৰাসংগিক কৰি ৰখা সত্ত্বেও কিন্তু মুলায়ম সিং যাদৱে তেওঁৰ অন্তিম দিনবোৰত তেওঁৰ পাৰিবাৰিক বিবাদ নিষ্পত্তি কৰিব নোৱাৰিলে । ২০১২ চনত মুলায়মৰ ভাতৃ শিৱপাল সিং যাদৱক বঞ্চিত কৰি যুৱ অখিলেশ যাদৱ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছৰে পৰা মুলায়মৰ ঘৰত বিভাজনৰ সৃষ্টি হয় ।

অখিলেশৰ নেতৃত্বত এটা গোটে তেওঁৰ দেউতাকৰ সম্পৰ্কীয় ভাতৃ আৰু ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম গোপাল যাদৱৰ সমৰ্থন লাভ কৰে । প্ৰতিদ্বন্দ্বী দলটোৰ নেতৃত্ব মুলায়েম সিঙে লৈছিল আৰু তেওঁৰ ভাতৃ আৰু ৰাজ্যিক দলৰ প্ৰধান শিৱপাল যাদৱ আৰু এজন বন্ধু, প্ৰাক্তন সাংসদ অমৰ সিঙে সমৰ্থন কৰিছিল । অখিলেশে তেওঁৰ দেউতাকৰ আধিপত্যক প্ৰত্যাহ্বান জনাই তেওঁৰ খুৰাকক তেওঁৰ মন্ত্ৰীসভাৰ পৰা দুবাৰ বৰ্খাস্ত কৰে ।

২০১৬ চনৰ ৩০ ডিচেম্বৰত মুলায়ম যাদৱে তেওঁৰ পুত্ৰ অখিলেশ আৰু তেওঁৰ সম্পৰ্কীয় ভাতৃ ৰাম গোপালক অনুশাসনহীনতাৰ অভিযোগত ছয় বছৰৰ বাবে দলৰ পৰা বহিষ্কাৰ কৰে । ইয়াৰ প্ৰত্যুত্তৰত অখিলেশে তেওঁৰ দেউতাকক দলৰ সভাপতিত্বৰ পৰা আঁতৰাই দিয়ে আৰু তাৰ পৰিৱৰ্তে 1 জানুৱাৰী, 2017 তাৰিখে দলটোৰ ৰাষ্ট্ৰীয় সন্মিলনৰ পিছত নিজকে দলটোৰ মুখ্য পৃষ্ঠপোষক হিচাপে প্ৰস্তাৱ কৰে ।

মুলায়মে উক্ত ৰাষ্ট্ৰীয় সন্মিলনক অবৈধ বুলি অভিহিত কৰে আৰু ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সন্মিলন আহ্বান কৰা তেওঁৰ সম্পৰ্কীয় ভাই ৰাম গোপাল যাদৱক পোনপটীয়াকৈ বহিষ্কাৰ কৰে । কিন্তু ভাৰতৰ নিৰ্বাচন আয়োগে ৰায় দিয়ে যে ৰাম গোপাল যাদৱৰ উক্ত কাৰ্যনিৰ্বাহক সন্মিলন আহ্বান কৰাৰ অধিকাৰ আছে । ফলত অখিলেশ যাদৱ আনুষ্ঠানিকভাৱে দলটোৰ নতুন ৰাষ্ট্ৰীয় নেতা হয় ।

মৃত্যুৰ সময়লৈকে মুলায়ম সিং যাদৱ মইনপুৰী সমষ্টিৰ এজন সাংসদ হৈ আছিল । কিন্তু ৰাজনৈতিক পৰ্যবেক্ষকৰ মতে দল আৰু ৰাজ্যৰ ওপৰত তেওঁৰ ৰাজনৈতিক প্ৰভাৱ অখিলেশে তেওঁক দলৰ গুৰুত্বপূৰ্ণ পদবীৰ পৰা আঁতৰাই দিয়াৰ পিছতে শেষ হৈ আহিছিল ।

অৱশ্যে তেওঁ হয়তো তেওঁৰ অন্তিম দিনবোৰত ক্ষমতাৰ শীৰ্ষত নাথাকিব পাৰে, কিন্তু ধৰ্মনিৰপেক্ষ আঞ্চলিক শক্তিসমূহক একত্ৰিত কৰাৰ তেওঁৰ প্ৰচেষ্টাই এতিয়া তাৰ কণ্ঠ বিচাৰি পাইছে । এইটো বৰ্তমান সমগ্ৰ দেশতে প্ৰতিধ্বনিত হৈছে আৰু যাৰ ফলত কেন্দ্ৰত ক্ষমতাত থকা ৰাষ্ট্ৰীয় দলবোৰক আঞ্চলিক দলসমূহৰ দাবীবোৰ অৰ্থপূৰ্ণ আৰু যুক্তিসংগতভাৱে বিবেচনা কৰিবলৈ বাধ্য কৰিছে । বিদায় মুলায়ম সিং যাদৱ !

লগতে পঢ়ক :প্ৰাক্তন মুখ্যমন্ত্ৰী মুলায়ম সিং যাদৱৰ দেহাৱসান

Last Updated :Oct 10, 2022, 4:34 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.