ETV Bharat / state

জোনাইত কৃত্ৰিম বানৰ ফলত আধাতে চুটী দিলে বিদ্যালয়

author img

By

Published : Oct 10, 2022, 2:08 PM IST

কৃত্ৰিম বানৰ ফলত আধাতে চুটি দিলে জোনাই টাউন হিন্দী এম ই স্কুল(Artificial flood in Jonai town) । ইফালে বেৰাচাপৰিত চিয়াং নদীৰ বানত জলমগ্ন কেইবাখনো গাঁও(Flood in Jonai) । বন্যাৰ্তৰ হাহাকাৰ ।

jonai affected by artificial flood
জোনাইত কৃত্ৰিম বানৰ ফলত আধাতে চুটী দিলে বিদ্যালয়

জোনাই,১০ অক্টোবৰ: কৃত্ৰিম বানৰ কৱলত পৰিছে জোনাই সদৰ চহৰ(Artificial flood in Jonai town) । এজাক বৰষুণতে বুৰ গ'ল সদৰ চহৰখনৰ কেইবাটাও কাৰ্যালয় । আধাতে সামৰিব লগা হ'ল বিদ্যালয়ৰ পাঠদান ।

জোনাই সদৰত পৰিকল্পিত ভাৱে নলা-নৰ্দমা নিৰ্মাণ নকৰাৰ ফলত এজাক বৰষুণতে কৃত্ৰিম বানত ডুব যায় চৰকাৰী কাৰ্যালয় তথা বিদ্যালয় । যাৰ ফলত সোমবাৰে আধাতে জোনাই সদৰৰ মাজ মজিয়াত থকা জোনাই টাউন এম ই হিন্দী স্কুলখনৰ পাঠদান সামৰিব লগা হয়(School slump due to artificial flood) ।

জোনাইত কৃত্ৰিম বানৰ ফলত আধাতে চুটী দিলে বিদ্যালয়

ইফালে দুদিন ধৰি হোৱা ধাৰাষাৰ বৰষুণৰ ফলত চিয়াং নদীৰ বাঢ়নী পানীয়ে জলমগ্ন কৰিছে বেৰাচাপৰি অঞ্চলৰ কেবাখনো গাঁৱক(Flood in Jonai) । যাৰ ফলত বেৰাচাপৰি অঞ্চলত মানুহৰ সমান্তৰালকৈ পশুধনৰ মাজতো বাসস্থান আৰু খাদ্য সংকটে দেখা দিছে ৷

লগতে পঢ়ক: কোকৰাঝাৰত দুষ্কৃতিকাৰীৰ আক্ৰমণত আহত এজন গৃহৰক্ষী জোৱান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.