অসম

assam

টীয়কত মহাপুৰুষ শংকৰদেৱৰ আবিৰ্ভাৱ তিথিৰ ব্যাপক আয়োজন

By

Published : Oct 15, 2021, 4:29 PM IST

দুৰ্গা পূজাৰ সমান্তৰালকৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক জন্ম জয়ন্তী উদযাপন কৰা হৈছে । খোল-তাল আৰু নাম প্ৰসংগৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে অসমৰ বিভিন্ন সত্ৰ নামঘৰ আদি । যোৰহাট জিলাৰ টীয়কৰ কানুপুখুৰী নবোদয় প্ৰাথমিক নামঘৰটো পুৱাৰ পৰাই দেখা গৈছে গুৰুজনাৰ আবিৰ্ভাৱ তিথিৰ ব্যাপক আয়োজন । পুৱাই নামঘৰত অঞ্চলটোৰ লোকসকল একগোট হৈ ভাগৱত ভ্ৰমণৰ লগতে এক সাংস্কৃতিক শোভাযাত্ৰাত ভাগ লয় । ভাগৱত ভ্ৰমণৰ সময়চোৱাত ভক্তপ্ৰাণ ৰাইজে পদুলিত শৰাই আগবঢ়াই গুৰুজনাৰ আশীষ লয় । শোভাযাত্ৰাৰ পাছতে অঞ্চলটোৰ কণ কণ শিশুসকলে দিহানাম, বৰগীত আদি বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।

ABOUT THE AUTHOR

...view details