অসম

assam

Batadrava police station attack case: বটদ্ৰৱা থানা জ্বলোৱা ঘটনাক লৈ এজনীয়া তদন্ত কমিটীৰ সন্মুখীন লীনা দলে

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 6:43 PM IST

বটদ্ৰৱা থানা জ্বলোৱা ঘটনাক লৈ এজনীয়া তদন্ত কমিটীৰ সন্মুখীন লীনা দলে

গুৱাহাটী,১২ অক্টোবৰ: বিপদে যেন লগ এৰা নাই আৰক্ষী অধীক্ষক লীনা দলেক । কিছুদিন পূৰ্বে অসম আৰক্ষীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাক লৈ চি বি আইৰ জেৰাৰ সন্মুখীন হোৱাৰ সময়তে আন এটা গোচৰ সন্দৰ্ভত বৃহস্পতিবাৰে জেৰাৰ সন্মুখীন হয়  লীনা দলে । নগাঁৱৰ তদানীন্তন আৰক্ষী অধীক্ষক লীনা দলেসহ ১৭ জন আৰক্ষী বিষয়াক বটদ্ৰৱা থানা কাণ্ডৰ সন্দৰ্ভত এজনীয়া তদন্ত কমিটীৰ ওচৰত হাজিৰ হোৱাৰ নিৰ্দেশ জাৰি কৰিছিল ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে ।  

বৃহস্পতিবাৰে অতিৰিক্ত মুখ্য সচিব অবিনাশ পি দাস যোশীৰ সন্মুখত হাজিৰ হয় নগাঁৱৰ তদানীন্তন আৰক্ষী অধীক্ষক লীনা দলেৰ লগতে তদানীন্তন অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰা, নিৰুপম হাজৰিকা, উপ-আৰক্ষী অধীক্ষক ত্রিদীপ প্রতিম কুম্বাং, দীপ্তি মালী, দুর্লভ চন্দ্ৰ দাস, কলিয়াবৰৰ তদানীন্তন মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসসহ ১৭ জন আৰক্ষী বিষয়া ।  

উল্লেখযোগ্য যে বিগত বৰ্ষৰ ২১ মে'ত বটদ্ৰৱা আৰক্ষীৰ জিম্মাত ৰহস্যজনকভাৱে মৃত্যু হৈছিল বটদ্ৰৱা শালনাবড়িৰ ছফিকুল ইছলাম নামৰ লোক এজনৰ । ইয়াৰ পিচতে আৰক্ষীৰ জিম্মাত ছফিকুল ইছলামৰ মৃত্যু হোৱা ঘটনাৰ গইনা লৈ একাংশ দুষ্কৃতিকাৰীয়ে জ্বলাই দিছিল বটদ্ৰৱা থানা । যি ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । বটদ্ৰৱা থানা জ্বলোৱা কাণ্ডৰ পিছতে নগাঁও আৰক্ষীয়ে ভাঙি পেলাইছিল শালনাবড়িত থকা ছফিকুল ইছলামৰ ঘৰ । আৰক্ষীৰ জিম্মাত ছফিকুল ইছলামৰ মৃত্যু আৰু ছফিকুল ইছলামৰ বাসগৃহ ভাঙি পেলোৱা সন্দৰ্ভত তদন্তৰ বাবে গঠন কৰা এজনীয়া তদন্ত কমিটীৰ ওচৰত হাজিৰ হৈ প্ৰায় কেইবা ঘন্টাজোৰা জেৰাৰ সন্মুখীন হয় নগাঁৱৰ তদানীন্তন আৰক্ষী বিষয়াসকল ।  

লগতে পঢ়ক:SI Junmoni Rabha Case: কি কি প্ৰশ্নৰ সন্মুখীন হ’ল এছ পি লীনা দলে !

ABOUT THE AUTHOR

...view details