অসম

assam

Haath Se Haath Jodo Yatra: ৰঙিয়াত কংগ্ৰেছৰ হাত ছে হাত জোড়ো যাত্ৰা

By

Published : Mar 22, 2023, 10:53 PM IST

ৰঙিয়াত কংগ্ৰেছৰ হাত ছে হাত জোড়ো যাত্ৰা

ৰঙিয়া, 22 মাৰ্চ: কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা (Congress Bharat Jodo Yatra) কাৰ্যসূচীৰ পিচতে যোৱা 26 জানুৱাৰীৰ পৰা কংগ্ৰছে দেশজুৰি হাত ছে হাত জোড়ো যাত্ৰা কাৰ্যসূচীৰ আৰম্ভ কৰা হৈছে (Congress Haath Se Haath Jodo Yatra)৷ মঙলবাৰে কামৰূপ জিলা কংগ্ৰেছ কমিটীৰ অন্তৰ্গত ৰঙিয়া গ্ৰাম্য ব্লক কংগ্ৰেছ কমিটী আৰু আৰমত্ত মণ্ডল কংগ্ৰেছ কমিটীৰ উদ্যোগত ৰঙিয়াত হাত ছে হাত জোড়ো কাৰ্যসূচী ৰূপায়ন কৰে (Haath Se Haath Jodo Yatra at Rangia)। 

এই কাৰ্যসূচীত মঙলদৈ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ, কামৰূপ গ্ৰাম্য জিলা কংগ্ৰেছ দলৰ সভাপতি কংকন দাস, ৰঙিয়া ব্লক সমিতিৰ সভাপতি উদ্ধৱ দাস, ৰঙিয়া টাউন ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি উজ্জ্বল লহকৰ, জ্যেষ্ঠ নেতা বিবুলৰ ৰহমান, আবু বক্কৰ চিদ্দিক প্ৰমুখ্যে নেতৃবৃন্দ উপস্থিত থাকি কাৰ্যসূচীটো সফলভাৱে ৰূপায়ন কৰে ৷ ইয়াৰোপৰি হাত ছে হাত জোড়ো কাৰ্যসূচীত জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা শতাধিক দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷ 

অভিযানৰ পূৰ্বে উদিয়ানা চকত দলীয় নেতৃবৃন্দৰ লগতে কৰ্মী সকল সমবেত হৈ ৰঙিয়াৰ উদিয়ানা পৰিভ্ৰমণৰে সমদল উলিয়াই ৷ অভিযান কালত শাসনাধিস্থিত বিজেপি দলৰ বিৰুদ্ধে সৰৱ হৈ পৰে নেতৃবৃন্দ ৷ এই কাৰ্যসূচীত কংগ্ৰেছ ৰাইজক সাক্ষাৎ কৰি দলৰ গোহাৰি বিতৰণ কৰাৰ লগতে বিজেপি দলে হিন্দু মুছলমান ৰাজনীতি কৰি অসমখনক ভাগ কৰিছে বুলি অভিযোগ উত্থাপন কৰি ৰাইজক সজাগ হ’বলৈ আহ্বান জনায় ৷

লগতে পঢ়ক:2014 Bodoland clash: 2014 চনৰ বড়োলেণ্ডৰ গোষ্ঠীগত সংঘৰ্ষৰ দুই অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড

ABOUT THE AUTHOR

...view details