অসম

assam

Assam Meghalaya Border dispute:কাৰ্বি আংলঙৰ সীমান্তৰ মুক্ৰলৈ যোৱা আছুৰ সজাতি দলক বাধা

By

Published : May 31, 2023, 1:21 PM IST

সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ড৹সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

 ডিফু, ৩১ মে':অসম-মেঘালয়ৰ সীমা সমস্যাৰ স্থায়ী সমাধানৰ উদ্দেশ্য আৰু সংকল্প লৈ সীমান্ত তথা পশ্চিম কাৰ্বি আংলঙত মঙলবাৰে উপস্থিত হয় সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ড৹সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য । পশ্চিম কাৰ্বি আংলঙৰ সীমান্তৰ মুক্ৰলৈ যোৱাত বাধা আছুৰ সজাতি দলটোক। সীমান্তত পৰিস্থিতি বেয়া হোৱাৰ আশংকাত দলটোক মুক্ৰলৈ যোৱাত বাধা আৰোপ দণ্ডাধীশৰ (Tense situation in Assam Meghalaya Border)।  

কাৰ্বি ছাত্ৰ সন্থা চেমচন টেৰণ গোটৰ উদ্যোগত সদৌ অসম ছাত্ৰ সন্থা, তিৱা ছাত্ৰ  সন্থা, নিখিল বড়ো ছাত্ৰ সন্থা (ABSU), ডিমাছা ছাত্ৰ সন্থা (Dimasa Students Union), সদৌ অসম ট্ৰেইবেল সংঘ, নাথ-যোগী ছাত্ৰ সংগঠনকে ধৰি মুঠ ৩০টাকৈ ছাত্ৰ আৰু জনজাতীয় সংগঠন উমখেৰ্মীত উপস্থিত হৈ সীমান্তত সৃষ্টি হোৱা সমস্যা আৰু পৰিস্থিতিৰ বুজ লয় । 

উমখেৰ্মিত সভা আয়োজনেৰে শান্তি আলোচনাৰ মাজেৰে অসম-মেঘালয়ৰ সীমা সমস্যাৰ স্থায়ী সমাধান হোৱাতো বিচাৰে বুলি কয় সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ড৹সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই । কেইবা সহস্ৰাধিক সীমান্তবাসীৰ সৈতে এই দলটোৱে মত বিনিময় কৰে । 

লগতে পঢ়ক:Reshuffle in Assam Police: নগাঁও আৰক্ষীত এইবাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ পৰ্যায়ত ৰদ বদল

ABOUT THE AUTHOR

...view details