মঙলবাৰে দিল্লী বিধানসভাত বিজেপিক “বাচ্ছা চোৰ” দল বুলি অভিহিত কৰে উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াই । শিশু অপহৰণৰ অভিযোগত বিজেপিৰ এজন কৰ্পৰেটৰক গ্ৰেপ্তাৰ কৰাৰ (Allegation of kidnap against BJP corporator) কথা উল্লেখ কৰি তেওঁ এইদৰে কয় ৷
মুঠ ১৩৭.৪ বিলিয়ন মাৰ্কিন ডলাৰ মূল্যৰ সম্পত্তিৰে লুই ভিটনৰ অধ্যক্ষ আৰ্নল্টক অতিক্ৰম কৰিলে আদানিয়ে ৷ এতিয়া আদানি বিশ্বৰ তৃতীয় ধনী ব্যক্তি হিচাপে পৰিগণিত হৈছে (3rd richest person in the world) ৷ ৰেংকিঙত ব্যৱসায়িক মেগনেট এলন মাস্ক আৰু জেফ বেজ’ছৰ পিছতে আছে আদানিৰ নাম ।
সোণাৰিত অৱসৰপ্ৰাপ্ত অধ্যক্ষৰ দুৰ্বিসহ জীৱন (poor health condition of retired principal of Sonari) ৷ মানসিক ভাৰসাম্য হেৰুওৱা পিতৃক এৰি বিদেশত বিলাসী জীৱন যাপন একমাত্ৰ কন্যাৰ ৷ ৰোগীয়া পিতৃৰ ধন সম্পত্তি হস্তগত কৰাৰ অভিযোগ বিদেশত থকা কন্যাৰ বিৰুদ্ধে ৷
চলিত বৰ্ষৰ ৩১ আগষ্টৰ পৰা আৰম্ভ হ’বলগীয়া গণেশ চতুৰ্থী দেশৰ কেইবাখনো ৰাজ্যত বহু আড়ম্বৰ আৰু উদ্যমেৰে প্ৰস্তুতি চলোৱা হৈছে ৷ ২০২২ বৰ্ষত ২ বছৰ ধৰি ক'ভিড কালৰ বাবে বাধা আৰু কঠোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছিল ৷ কিন্তু অৱশেষত পুনৰ দেশবাসীয়ে গণেশ চতুৰ্থী উদযাপন কৰিবলৈ আগবাঢ়িছে ।
ভাৰতীয় বজাৰত বিৰল স্পুটনিক ভি ভেকচিন । স্পুটনিক ভি ভেকচিনৰ বাবে উপলব্ধ নহয় বুষ্টাৰ ড’জ, যাৰ ফলত এতিয়া স্পুটনিক ভি ভেকচিন গ্ৰহণ কৰা লোকসকলৰ বাবে সৃষ্টি হৈছে অসুবিধাৰ(Sputnik V vaccine are in dilemma over booster dose) ।
লখিমপুৰত ৰক্তদান শিবিৰৰ আয়োজন(Blood donation camp in Lakhimpur) । অৱনীশ হাস্পতালৰ সহযোগত অনুষ্ঠিত কৰা হয় এই ৰক্তদান শিবিৰৰ । উক্ত ৰক্তদান শিবিৰত অংশগ্রহণ কৰে বিধায়ক উপায়ুক্তকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে ।
বৰক্ষেত্ৰীৰ ভেলেঙীমাৰী চৰত দুই পৰিয়ালৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা(Land conflict in Nalbari) । এডোখৰ ভূমিক কেন্দ্ৰ কৰি দুই পৰিয়ালৰ মাজত সংঘটিত হয় মাৰপিটৰ ঘটনা । দুয়ো পৰিয়ালৰ মাৰপিটৰ ঘটনাত চাৰিজনকৈ লোক গুৰুতৰভাৱে আহত হয়(4 seriously injured in land conflict) ।
ড্ৰাগছসহ অন্যান্য নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল আছু ৷ ছাত্ৰ সংগঠনটোৱে লখিমপুৰৰ হাৰমতীত সমদল উলিয়াই নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে (AASU protest at Harmuti)৷
আহোম জাতিৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰাৰ অভিযোগত বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাৰ বিৰুদ্ধে শিৱসাগৰত সদৌ তাই আহোম ছাত্র সন্থা(ATASU protest at Sivasagar)প্ৰতিবাদ অব্যাহত আছে । মঙলবাৰে আটাছুৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত শতাধিক সদস্যই প্ৰতিবাদ সাব্যস্ত কৰে ।
টিংখাঙত চাঞ্চল্যকৰ ঘটনা (Sensational incident in Tingkhang Dibrugarh) । একেখন গাঁৱৰে তিনিগৰাকী যুৱতী নিৰুদ্দেশ (three girl missing from tingkhang) । টিংখাঙৰ বামুণবাৰী আৰক্ষীচকীৰ অন্তৰ্গত ৪ নং ঘূগুলনী গাঁৱৰ তিনিগৰাকীকৈ যুৱতী শনিবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে । ইয়াৰে এগৰাকী স্থানীয় লেঙেৰী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী । গাঁওখনৰ জোন চালুক আৰু ব'হাগী চালুকৰ কন্যা অষ্টমী চালুক (১৭) শনিবাৰে বিদ্যালয়লৈ গৈছিল ।