লখিমপুৰত অৱনীশ হাস্পতালৰ উদ্যোগত ৰক্তদান শিবিৰ

author img

By

Published : Aug 30, 2022, 3:13 PM IST

blood donation camp organised in lakhimpur

লখিমপুৰত ৰক্তদান শিবিৰৰ আয়োজন(Blood donation camp in Lakhimpur) । অৱনীশ হাস্পতালৰ সহযোগত অনুষ্ঠিত কৰা হয় এই ৰক্তদান শিবিৰৰ । উক্ত ৰক্তদান শিবিৰত অংশগ্রহণ কৰে বিধায়ক উপায়ুক্তকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে ।

লখিমপুৰ,৩০ আগষ্ট: লখিমপুৰত অৱনীশ হাস্পতালৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এক ৰক্তদান শিবিৰৰ(Blood donation camp in Lakhimpur) । উক্ত ৰক্তদান শিবিৰত অংশগ্রহণ কৰে বিধায়ক-উপায়ুক্তকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে । লখিমপুৰ নগৰৰ চাবতি সংযোগী পথত থকা অৱনীশ হাস্পতালৰ উদ্যোগত আৰু টীম হিউমিনিটিৰ সহযোগত এক ৰক্তদান শিবিৰ অনুষ্ঠিত হয় ।

লখিমপুৰত অৱনীশ হাস্পতালৰ উদ্যোগত ৰক্তদান শিবিৰ

এই শিবিৰত প্ৰায় ৫০ জন লোকে ৰক্তদান কৰে(50 people donate blood in Lakhimpur) । সংগৃহীত ৰক্তখিনি লখিমপুৰ মেডিকেল কলেজ(Lakhimpur Medical College)ৰ ব্লাড বেংকক দান দিয়া হ'ব বুলি জনাই উদ্যোক্তাসকলে । এই উপলক্ষে আয়োজিত উদ্বোধনী অনুষ্ঠানটোত জিলা উপায়ুক্ত সুমিত সত্তাৱন,বিধায়ক মানৱ ডেকা,জিলা বিজেপিৰ সভাপতি ফণীধৰ বৰুৱা,লখিমপুৰ মেডিকেল কলেজৰ ব্লাড বেংকৰ বিষয়া ডাঃ বিকাশ সিং,পিউজা পেগু আদিয়ে অংশগ্রহণ কৰে ।

অনুষ্ঠানটোৰ আঁত ধৰে অৱনীশ হাস্পতালৰ স্বত্বাধিকাৰী ডাঃ অৰূপ দত্তই । অনুষ্ঠানটোত বিশিষ্ট ব্যক্তি সকলে ৰক্তদানৰ মহত্বৰ কথা উল্লেখ কৰি ৰক্তদান কৰা সকল চিৰ নমস্য বুলি অভিহিত কৰে । মানৱ জীৱনদায়িনী প্ৰায় বোৰ বস্তুৰে আবিস্কাৰ হল যদিও ৰক্তৰ আবিষ্কাৰ আজিও সম্ভব হোৱা নাই । মানৱ শৰীৰেই এতিয়াও ৰক্ত উৎপাদক মেচিন হৈয়েই আছে । সেয়ে ৰক্তদান কৰা সকলৰ মহানুভৱতা নমস্যৰ যোগ্য । চাহিদাৰ বিপৰীতে ৰক্তৰ যোগান বহু কম বুলি উল্লেখ কৰি তেওঁলোকে ৰক্তদানৰ বাবে সমৰ্থ ব্যক্তিক উৎসাহিত কৰাৰ লগতে এই ক্ষেত্ৰত সজাগতা অনাৰো পোষকতা কৰে ।

লগতে পঢ়ক: শ্ৰমিকৰ প্ৰতিবাদত উত্তাল নুমলীগড় তেল শোধনাগাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.