শ্ৰমিকৰ প্ৰতিবাদত উত্তাল নুমলীগড় তেল শোধনাগাৰ

By

Published : Aug 30, 2022, 1:14 PM IST

thumbnail

গোলাঘাট জিলাৰ নুমলীগড় তেল শোধনাগাৰৰ মূখ্য প্ৰৱেশদ্বাৰ, প্ৰগতি দ্বাৰ আৰু মাৰ্কেটিং টাৰ্মিনেলৰ প্ৰৱেশ দ্বাৰত শ্ৰমিকৰ উত্তাল প্ৰতিবাদ(Workers protest in Nymaligarh) । নুমলীগড় শোধনাগাৰ ৱৰ্কাৰ্ছ ইউনিয়নে শোধনাগাৰ কৰ্তৃপক্ষ আৰু বহিৰাগত নিৰ্মাণ কোম্পানীৰ বিৰুদ্ধে শোধনাগাৰৰ তিনিখনকৈ মূল প্ৰবেশদ্বাৰত দ্বাৰসভাৰ জড়িয়তে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । শ্ৰমিকৰ প্ৰাপ্য অধিকাৰ, থলুৱা শ্ৰমিকৰ নিযুক্তি, শোধনাগাৰৰ নীতি অনুসৰি শ্ৰমিকৰ মজুৰি প্ৰদানৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে(Protest in Numaligarh with different demands) । তিনি মিলিয়ন মেট্ৰিক টনৰ পৰা ন মিলিয়ন মেট্ৰিকটনলৈ সম্প্ৰসাৰণৰ কাম চলি থকা শোধনাগাৰটোত ঠিকা লাভ কৰা একাংশ বহিৰাগত কোম্পানীয়ে থলুৱাক বঞ্চিত কৰি বহিৰাগত শ্ৰমিক কৰ্মচাৰী নিযুক্তিক কেন্দ্ৰ কৰি সোচ্চাৰ হৈ পৰে নুমলীগড় শোধনাগাৰ ৱৰ্কাৰ্ছ ইউনিয়নে ৷ শীঘ্ৰেই শোধনাগাৰ কৰ্তৃপক্ষক দাবী সমুহ কাৰ্যকৰীকৰণৰ দাবী জনাইছে । অন্যথা শ্ৰমিক সংগঠনে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও শোধনাগাৰ কৰ্তৃপক্ষক সকীয়াই দিয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.