শিক্ষাৰ পোহৰ বিলোৱা মানুহজন আজি নিজেই অন্ধকাৰত

author img

By

Published : Aug 30, 2022, 4:30 PM IST

Updated : Aug 30, 2022, 5:23 PM IST

Poor health condition of retired principal of Sonari

সোণাৰিত অৱসৰপ্ৰাপ্ত অধ্যক্ষৰ দুৰ্বিসহ জীৱন (poor health condition of retired principal of Sonari) ৷ মানসিক ভাৰসাম্য হেৰুওৱা পিতৃক এৰি বিদেশত বিলাসী জীৱন যাপন একমাত্ৰ কন্যাৰ ৷ ৰোগীয়া পিতৃৰ ধন সম্পত্তি হস্তগত কৰাৰ অভিযোগ বিদেশত থকা কন্যাৰ বিৰুদ্ধে ৷

ডিব্ৰুগড়, 30 আগষ্ট : শিক্ষাৰ পোহৰ বিলোৱা মানুহজন আজি নিজেই অন্ধকাৰত আছে ৷ শিক্ষাৰ অমৃত-বাণী প্ৰচাৰ কৰি মানৱ সম্পদ গঢ়া এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যক্ষই আজি কটাইছে দুৰ্বিসহ জীৱন (Poor health condition of retired principal of Sonari) ৷ শিক্ষকগৰাকীৰ অৱস্থাই এতিয়া চকু কপালত তুলিছে সচেতন মহলৰ ।

শিক্ষাৰ পোহৰ বিলোৱা মানুহজন আজি নিজেই অন্ধকাৰত

আমি ক’বলৈ লোৱা শিক্ষকগৰাকীৰ নাম হৈছে চাফাজুল হুছেইন ৷ সোণাৰিৰ পদ্ম কুমাৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা 2007 চনতে অৱসৰ গ্ৰহণ কৰিছিল ৷ অৱসৰপ্ৰাপ্ত এইগৰাকী শিক্ষকৰ পত্নীৰ মৃত্যুৰ পাছৰে পৰা মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে ।

তেতিয়াৰে পৰা শিক্ষকগৰাকীয়ে নিজ গৃহত প্ৰায় উলংগ হৈ বন্দিত্বৰ জীৱন কটাইছে ৷

অৱসৰপ্ৰাপ্ত এইগৰাকী শিক্ষকৰ আছে এগৰাকী জীয়েক ৷ কিন্তু পিতৃৰ এই অৱস্থালৈ যে কোনো ভ্ৰূক্ষেপ নাই একমাত্ৰ কন্যাজনীৰ ৷ আনকি কৰ্মসূত্ৰে আমেৰিকাত থকা কন্যাই বহু বছৰ ধৰি নিজৰ পিতৃক চাবলৈ এবাৰলৈও ঘৰলৈ অহা নাই ৷ ইয়াৰ বিপৰীতে পিতৃৰ বেংক একাউণ্ট নিজৰ নামত হস্তগত কৰাৰ অভিযোগ উত্থাপন হৈছে অৱসৰপ্ৰাপ্ত শিক্ষক চাফাজুল হুছেইনৰ কন্যাৰ বিৰুদ্ধে ৷

উল্লেখ্য যে, সোণাৰি নগৰৰ মাজমজিয়াত বিশাল সম্পত্তি থকা অৱসৰপ্ৰাপ্ত অধ্যক্ষগৰাকীক চোৱা-চিতা কৰিবলৈ নিয়োজিত হৈ আছে এগৰাকী পৰিচাৰিকা ৷ কিন্তু অৱসৰপ্ৰাপ্ত অধ্যক্ষগৰাকীৰ মানসিক স্বাস্থ্যৰ অৱস্থাই এই চকু কপালত তুলিছে সচেতন মহলৰ ৷ সু-সভ্য সমাজত সংঘটিত এনেবোৰ ঘটনাই এতিয়া মানৱতাক লৈ উত্থাপিত হৈছে বহু প্ৰশ্ন ।

জন্ম দিয়া পিতৃৰ বাবে একমাত্ৰ কন্যাৰ এখন্তেক সময় নহ’লে কেনেকৈ চলিব এইখন সমাজ । নে যান্ত্ৰিকতাই নিঃশেষ কৰি পেলাইছে তেজৰ সম্বন্ধ আৰু মানৱীয়তাক !

লগতে পঢ়ক : জোনাইত PMAYৰ নামত ব্যাপক দুৰ্নীতি

Last Updated :Aug 30, 2022, 5:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.