শিৱসাগৰত আঙুৰলতাৰ বিৰুদ্ধে আটাছুৰ প্ৰতিবাদ

By

Published : Aug 30, 2022, 2:53 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

thumbnail

আহোম জাতিৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰাৰ অভিযোগত বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাৰ বিৰুদ্ধে শিৱসাগৰত সদৌ তাই আহোম ছাত্র সন্থা(ATASU protest at Sivasagar)প্ৰতিবাদ অব্যাহত আছে । মঙলবাৰে আটাছুৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত শতাধিক সদস্যই প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীয়ে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ৰূপায়ন কৰে অৱস্থান ধৰ্মঘট । শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰায় দুঘণ্টা প্ৰতিবাদী ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে ।উল্লেখ্য় যে যোৱা ২৯ জুলাইত গুৱাহাটীত বিজেপিৰ ৰেলীত আহোম জাতি মুৰ্দাবাদ শ্লোগান দিয়াৰ অভিযোগ উত্থাপন কৰিছে আটাছুই । আহোম জাতিৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰা আঙুৰলতা ডেকা(Ex MLA Angoorlata Deka)আৰু তেওঁৰ সহযোগী সকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে সংগঠনটোৱে।

Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.