কাকপথাৰত ভয়ানক পথ দুৰ্ঘটনা: থিতাতে নিহত দুই - Road accident in Kakopathar

By ETV Bharat Assamese Team

Published : Apr 28, 2024, 10:40 PM IST

thumbnail

কাকপথাৰ, 28 এপ্ৰিল: ৰাজ্যৰ ৰাজপথত একপ্ৰকাৰ যমদূতৰ ৰূপত আৱিৰ্ভাৱ হৈছে ডাম্পাৰসমূহ ৷ অনিয়ন্ত্ৰিত গতিৰ লগতে স্থানীয় প্ৰশাসনৰ নিৰ্লিপ্ততাৰ বাবেই সঘনাই সংঘটিত হ’বলৈ ধৰিছে দুৰ্ঘটনাসমূহ ৷ দেওবাৰে বিয়লি তিনিচুকীয়াৰ কাকপথাৰ থানাৰ অন্তৰ্গত ডিৰাক চাৰিআলিৰ আই টি আই বিদ্যালয়ৰ সন্মুখতে সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷

তথ্য অনুসৰি, এ এছ 12 চি চি 1337 নম্বৰৰ ডাম্পাৰখনে অৰুণাচলৰ পৰা কঢ়িয়াই আনিছিল শিল ৷ ডাম্পাৰখনে ডিৰাক চাৰিআলিত বিপৰীত দিশৰ পৰা আহি থকা এ এছ 23 এইচ 4379 নম্বৰৰ পালচাৰ বাহনখনত সন্মুখৰ পৰা খুন্দা মৰাত বাহনখনত থকা দুই আৰোহীৰ থিতাতে মৃত্যু ঘটে ৷ নিহত ব্যক্তি দুগৰাকী ক্ৰমে ডিৰাক আমগুৰি গাঁৱৰ যোগেন হাজৰিকা আৰু বৰডিৰাক পাতনী গাঁৱৰ নৱ শইকীয়া ওৰফে ভাইটি বুলি জানিব পৰা গৈছে ৷

স্থানীয় লোকৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হয় কাকপথাৰ আৰক্ষী ৷ আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন জব্দ কৰাৰ লগতে মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ ইয়াৰ পূৰ্বেও তিনিচুকীয়াত ডাম্পাৰৰ খুন্দাত সাধাৰণ লোকৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰা গৈছিল ৷

লগতে পঢ়ক: দুৰ্ঘটনাত পতিত অগপৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক দিলীপ দাস - Nalbari Road Accident

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.