বিজেপিক প্ৰতিহত কৰিব পৰা একমাত্ৰ শক্তিশালী দল তৃণমূল কংগ্ৰেছ : ৰিপুণ বৰা - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Apr 28, 2024, 10:31 PM IST

thumbnail

চিৰাং, 28 এপ্ৰিল: চিৰাঙৰ বিজনীত কোকৰাঝাৰ লোকসভা সমষ্টিৰ তৃণমূল কংগ্ৰেছ মনোনীত প্ৰাৰ্থী গৌৰী শংকৰ শৰণীয়াৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ সভা । তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰা, বৰপেটা সমষ্টিৰ প্ৰাৰ্থী আবুল কালাম আজাদ আৰু কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী গৌৰীশংকৰ শৰণীয়াৰ উপস্থিতিত সোণাইখোলা খেলপথাৰত অনুষ্ঠিত হয় এই নিৰ্বাচনী প্ৰচাৰ সভা ।

বিজেপিক প্ৰতিহত কৰিব পৰা একমাত্ৰ শক্তিশালী বিৰোধী দল তৃণমূল কংগ্ৰেছ । এই মন্তব্য সভাপতি ৰিপুণ বৰাৰ ৷ বৰাই কয়, ‘‘বিজেপিৰ সৈতে যুঁজিবলৈ তৃণমূল কংগ্ৰেছেই একমাত্ৰ শক্তিশালী দল বুলি ৰাইজে বিবেচনা কৰিছে, যাৰ বাবে ৰাইজে তৃণমূল কংগ্ৰেছক আঁকোৱালি লৈছে । বিজেপিয়ে ভয় খাইছে, যাৰ বাবে তেওঁলোকে টকা বিলাইছে ৷’’

বিজেপিয়ে ভুৱা অৰুণোদয় ফৰ্ম বিলাইছে বুলি অভিযোগ উত্থাপন কৰি ৰিপুণ বৰাই কয় যে তেওঁলোকৰ প্ৰাৰ্থী গৌৰী শংকৰ শৰণীয়াক গোটেই অনাবড়ো ৰাইজে ভোট দিব ৷

লগতে পঢ়ক: টকাৰ বাণ্ডিলৰ সৈতে ভাইৰেল যুৱনেতা: মুখ্যমন্ত্ৰীৰ মতে এনে ঘটনাৰ বাতৰি কৰিব নালাগে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.