ETV Bharat / politics

টকাৰ বাণ্ডিলৰ সৈতে ভাইৰেল যুৱনেতা: মুখ্যমন্ত্ৰীৰ মতে এনে ঘটনাৰ বাতৰি কৰিব নালাগে - UPPL members photo viral - UPPL MEMBERS PHOTO VIRAL

UPPL MEMBERS PHOTO VIRAL: বড়োভূমিত টকাৰ বান ! ইউ পি প এলৰ যুৱনেতাৰ হাতত বাণ্ডিলে বাণ্ডিলে টকা ৷ মুখ্যমন্ত্ৰীৰ মতে নিজস্ব শৈলীৰে থাকিবলৈ দিব লাগে ৷ এইবোৰ বাতৰি কৰিব নালাগে ৷

UPPL MEMBERS PHOTO VIRAL
টকাৰ বাণ্ডিলৰ সৈতে ভাইৰেল যুৱনেতা
author img

By ETV Bharat Assamese Team

Published : April 28, 2024 at 4:34 PM IST

Updated : April 28, 2024 at 9:55 PM IST

4 Min Read
টকাৰ বাণ্ডিলৰ সৈতে ভাইৰেল যুৱনেতা

চিৰাং, ২৮ এপ্ৰিল: বড়োভূমিত যুৱনেতাৰ হাতত কোটি কোটি টকাৰ নোটৰ বাণ্ডিলে ধাৰাবাহিকভাৱে তোলপাৰ লগাইছে । এক কথাত টকাৰ উজান উঠিছে বি টি চিত । সামাজিক মাধ্যমত আকৌ ভাইৰেল হৈছে বি টি এ ডিৰ একাংশ যুৱনেতাৰ বৃহৎ পৰিমাণৰ টকাৰ বাণ্ডিলৰ সৈতে থকা ফটো । যেন এতিয়া টকাৰ উজান উঠিছে বিটিএডিত !

এন ডি এৰ অংশীদাৰী দল তথা বি টি আৰৰ শাসকীয় দল ইউ পি পি এলৰ নেতা-কৰ্মীৰ টকাৰ সৈতে শুব পৰা পৰিস্থিতি পোহৰলৈ আহিছে ৷ পোহৰলৈ আনিছে সামাজিক মাধ্যমত বিয়পি পৰা কিছু বিস্ফোৰক ফটোৱে । টকাৰ বাণ্ডিলৰ সৈতে ফটো ভাইৰেল হোৱা আটাইকেইজন যুৱনেতা বড়োভূমিৰ বৰ্তমানৰ শাসকীয় দল ইউ পি পি এল দলৰ সৈতে জড়িত ।

উল্লেখ্য যে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দলৰ সহযোগী ছাত্ৰ সংগঠন বড়োলেণ্ড ষ্টুডেন্ট ইউনিয়নৰ(বিএছইউ) কেন্দ্ৰীয় নেতা আছিল টকাৰ বাণ্ডিলৰ সৈতে ফটো ভাইৰেল হোৱা যুৱ নেতাকেইজন । শেহতীয়াভাৱে হাগ্ৰামাৰ সংগ এৰাৰ পিচত বি এছ ইউ ত্যাগ কৰি প্ৰমোদ বড়ো নেতৃত্বাধীন ইউ পি পি এল দলত যোগদান কৰিছিল এইকেইজন নেতাই ।

অভিযোগ উঠিছিল যে এইসকল নেতাই ইউ পি পি এল দলত যোগদান কৰিছিল বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত । ইউ পি পি এলত যোগদান কৰি তেওঁলোকৰ প্ৰতিজনে দহ লক্ষাধিককৈ টকা লাভ কৰিছিল বুলি বড়োভূমিৰ ৰাজনীতিত ব্যাপক চৰ্চা হৈছিল । অলপতে বি এছ ইউৰ পৰা গৈ ইউ পি পি এলৰ নেতা হোৱা নিপু ৰঞ্জন বসুমতাৰী, দোলাৰায় বসুমতাৰী, জন্টি বসুমতাৰী, নিমৰড ব্ৰহ্ম, কৗৰৗমডাউ ব্ৰহ্মক ফটোবোৰত দেখা গৈছে ৷

সামাজিক মাধ্যমত অভিযোগ উঠিছে যে ইউ পি পি এলত যোগদানৰ বিনিময়ত ৩ কোটি টকা লৈ প্ৰতিজনক ১০ লাখকৈ দিয়া হৈছিল । ধাৰণা কৰা হৈছে যে এই টকায়েই ভাইৰেল হোৱা ফটোবোৰত নেতা কেইজনক দেখা গৈছে ৷ আজি এইদৰে বাণ্ডিলে বাণ্ডিলে বৃহৎ পৰিমাণৰ টকাৰ সৈতে তেওঁলোকৰ ছবি ভাইৰেল হোৱাৰ পিচত টকাৰ উৎস আৰু টকাৰ সৈতে ফটো উঠা প্ৰৱণতাক লৈ প্ৰশ্ন উঠিছে সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত ।

উল্লেখযোগ্য যে কিছুদিন পূৰ্বেও বিচনাত গায়ে-মূৰে টকা লৈ শুই থকা ছবি ভাইৰেল হৈছিল ইউ পি পি এলৰ এজন ভি চি ডি চিৰ সভাপতিৰ । আজি আকৌ একেধৰণৰ ঘটনা পোহৰলৈ আহিছে । আনহাতে আজি টকাৰ বাণ্ডিলৰ সৈতে ফটো ভাইৰেল হোৱা হাগ্ৰামা শিৱিৰৰ পৰা প্ৰমোদ বড়োৰ নেতৃত্বাধীন ইউপপিএলত যোগ দিয়া নেতাকেইজনে এই বিশাল পৰিমাণৰ টকাৰ উৎস বা ফটো ভাইৰেল হোৱা ঘটনা প্ৰসংগত কোনো প্ৰতিক্ৰিয়া বৰ্তমানলৈ প্ৰকাশ কৰা নাই ।

আনহাতে ইউ পি পি এলৰ মূৰব্বী নেতা প্ৰমোদ বড়োৱেও এই প্ৰসংগত প্ৰকাশ কৰা নাই কোনোধৰণৰ প্ৰতিক্ৰিয়া । ইউ পি পি এলৰ যুৱ নেতাৰ টকাৰ এই ভাইৰেল ফটোৱে কেৱল বি টি আৰতে নহয়, সমগ্ৰ ৰাজ্যতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

চিৰাঙত কোকৰাঝাৰ লোকসভা সমষ্টিৰ এন ডি এ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত টকাৰ উজান উঠা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁলোকৰ নিজস্ব জীৱন শৈলী আছে ৷ এইবিলাক কথা বেছিকৈ পাতি থকাৰ বাবে তেওঁলোক খঙাল হৈ পৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এনেকুৱাধৰণৰ বাতৰি কৰিব নালাগে ৷

এই সন্দৰ্ভত ইউপিপিএলৰ সভাপতি তথা বি টি চি প্ৰধান প্ৰমোদ বড়োক সোধা হয় যদিও তেওঁ কোনো মন্তব্য নিদিয়ে ৷ বিপৰীতে প্ৰমোদ বড়োৰ ৰাজনৈতিক সচিব তথা পাৰিষদ মাধৱ ছেত্ৰীয়ে কয় যে এয়া বি পি এফৰ ৰাজনৈতিক ষড়যন্ত্ৰ ৷

লগতে পঢ়ক: বিজেপি-ইউ পি পি এলৰ বিৰুদ্ধে অৰুণোদয় আঁচনিৰ প্ৰ-পত্ৰ বিতৰণৰ অভিযোগ

Last Updated : April 28, 2024 at 9:55 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.