মাকুম বাইপাছত নিশা ধন লুটিবলৈ চেষ্টা কৰোতেই ডকাইত গ্ৰেপ্তাৰ - Robbery At Makum

By ETV Bharat Assamese Team

Published : Apr 28, 2024, 10:50 PM IST

thumbnail

তিনিচুকীয়া, ২৮ এপ্ৰিল: নিশা হ'লেই মাকুম বাইপাছত আৰম্ভ হয় ডকাইতৰ সন্ত্ৰাস । বিভিন্ন বাহন ৰখাই দীৰ্ঘদিন পৰাই ডকাইতে চলাই আহিছে লুটপাট । এই ডকাইতৰ দলে পূৰ্বেও কেইবাগৰাকী ট্ৰাক চালকৰ লগতে বিভিন্ন বাহনৰ চালকক প্ৰহাৰ কৰি লুটি নিছিল নগদ ধনসহ মোবাইল ফোন আদি । ইয়াৰ মাজতেই শনিবাৰে নিশা চাৰিজনীয়া ডকাইতৰ দল এটাই মাকুম ডিগবৈ ৰ’ডৰ যুগল কিশোৰ কেষাণ ভৱনৰ সমীপত এখন ট্ৰাক ৰখাই নদগ ধন লুটি নিবলৈ লওঁতেই আৰক্ষীৰ জালত পৰে দুটা ডকাইত ।

ধন লুটি নিবলৈ লওঁতেই উক্ত ঘটনাস্থলীত মাকুম থানাৰ আৰক্ষীৰ দল উপস্থিত হৈ দুটা ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় যদিও দলটোৰ দুজন সদস্য় ঘটনাস্থলীৰ পৰা পলায়ন কৰে । ধৃত ডকাইত দুটা হৈছে বাৰেকুৰি মতাপুং গাঁৱৰ অভিনাশ চুতীয়া (২৬) আৰু দীঘলসাঁকো গাঁৱৰ সৌৰভ দুৱৰা (২৭) ৷ ইতিমধ্যে আৰক্ষীয়ে ডকাইত দুটাক আদালতত হাজিৰ কৰোৱাত আদালতে দুয়োকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক :পুৱতি নিশা মাকুমৰ দুই স্থানত ডকাইতিকাণ্ড - Robbery At Makum

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.