ETV Bharat / state

পুৱতি নিশা মাকুমৰ দুই স্থানত ডকাইতিকাণ্ড - Robbery at Makum

Robbery at Makum: মাকুমত পুৱতি নিশা দুটাকৈ স্থানত ডকাইতিকাণ্ড । প্ৰায় চাৰিজনীয়া এটা দলে ট্ৰাকচালকৰ পৰা লুটি নিলে মোবাইলসহ নগদ ধন । ভুক্তভোগীৰ চালকৰ মাকুম আৰক্ষী থানাত এজাহাৰ দাখিল ।

Robbery at two places in Makum at last night
পুৱতি নিশা মাকুমৰ দুই স্থানত ডকাইতিকাণ্ড
author img

By ETV Bharat Assamese Team

Published : March 30, 2024 at 8:03 PM IST

2 Min Read
Choose ETV Bharat
পুৱতি নিশা মাকুমৰ দুই স্থানত ডকাইতিকাণ্ড

তিনিচুকীয়া,৩০ মাৰ্চ: অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে তিনিচুকীয়া জিলাৰ মাকুম । প্ৰায় প্ৰতিদিনে সংঘটিত হৈছে বিভিন্ন অপৰাধজনিত ঘটনা । তিনিচুকীয়া জিলাৰ মাকুমত শনিবাৰে পুৱতি নিশা সংঘটিত হয় দুটাকৈ ডকাইতিৰ ঘটনা । প্ৰায় চাৰিজনীয়া এটা দুৰ্বৃত্তৰ দলে দুলীয়াজানৰ আলাউদ্দীন কুৰেছি নামৰ লোকজনে AS06 BC3310 নম্বৰৰ বলেৰ' পিকআপ বাহনত শনিবাৰে পুৱতি নিশা ঢলা অভিমুখে গৈ থকা অৱস্থাত গংগাবাৰীত দাৰে আক্ৰমণ কৰি নগদ ধন ৫০ হাজাৰ টকা লুট কৰি লৈ যায় । আক্ৰমণৰ ফলত চালকজন হাতত আৰু মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ।

ইপিনে, পুনৰ মাকুম বাইপাছৰ উৰণীয়া সেতুত কয়লাভর্তি দুখন ট্ৰাকৰ চকা পামচাৰ হোৱাত সলনি কৰি থকাৰ সময়তে চালকৰ পৰা তিনিটা ম'বাইল ফোনসহ নগদ ১১ হাজাৰ টকা নগদ ধন লুট কৰি লৈ যায় । ট্ৰাক দুখনৰ নম্বৰ ক্ৰমে AS01RC2518 আৰু AS12CC3887 ৷ ট্ৰাক দুখনত চালকসহ হেণ্ডিমেন ক্ৰমে হোজাইৰ চানা সিং আৰু বাবু ধন, জাগীৰোডৰ নাগেশ বড়ো, ডিমা হাছাওৰ কাৰ্তিক বসুমতাৰী আৰু দ্বীপ ব্ৰক্ষ্ম নামৰ মুঠ ৫ গৰাকী লোক আছিল বুলি জানিব পৰা গৈছে ।

ঘটনাক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্র মাকুম অঞ্চলত । পৰৱৰ্তী সময়ত উক্ত দুয়োটা ডকাইতি ঘটনাৰ সন্দৰ্ভত আটাইকেইজনে মাকুম আৰক্ষী থানাত উপস্থিত হৈ এজাহাৰ দাখিল কৰাৰ লগতে আৰক্ষীক উচিত তদন্তৰ দাবী উত্থাপন কৰিছে । উল্লেখযোগ্য যে, উক্ত স্থানত দীৰ্ঘদিনৰ পৰা নিশা হ'লেই বাইপাছেৰে অহা-যোৱা কৰা বাহনত শিলগুটি মৰাৰ লগতে ডকাইতি কাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷

লগতে পঢ়ক: ডিমা হাছাওত পথ দুৰ্ঘটনাত নিহত দুজন - Road Accident In Dima Hasao