টিংখাঙত একেখন গাঁৱৰে তিনি যুৱতী নিৰুদ্দেশ

By

Published : Aug 30, 2022, 1:17 PM IST

thumbnail

টিংখাঙত চাঞ্চল্যকৰ ঘটনা (Sensational incident in Tingkhang Dibrugarh) । একেখন গাঁৱৰে তিনিগৰাকী যুৱতী নিৰুদ্দেশ (three girl missing from tingkhang) । টিংখাঙৰ বামুণবাৰী আৰক্ষীচকীৰ অন্তৰ্গত ৪ নং ঘূগুলনী গাঁৱৰ তিনিগৰাকীকৈ যুৱতী শনিবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে । ইয়াৰে এগৰাকী স্থানীয় লেঙেৰী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী । গাঁওখনৰ জোন চালুক আৰু ব'হাগী চালুকৰ কন্যা অষ্টমী চালুক (১৭) শনিবাৰে বিদ্যালয়লৈ গৈছিল । কিন্তু বিদ্যালয় ছুটীৰ পাছৰে পৰা সন্ধানহীন হৈ আছে ছাত্ৰীকেইগৰাকী (girl student missing after school) । বহু বিচাৰ-খোঁচাৰ কৰাৰ পাছতো অদ্যাপি পৰিয়ালৰ লোকে অষ্টমী চালুকৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই । ইতিমধ্যে পৰিয়ালৰ লোকে এই সন্দৰ্ভত বামুণবাৰী আৰক্ষীচকীত এজাহাৰ দাখিল কৰিছে (missing FIR to police) । আনহাতে, একে দিনাই গাঁওখনৰ চমাৰি টুটি (১৬ ) আৰু মমী টুটি (২২) নামৰ আন দুগৰাকী যুৱতীও নিৰুদ্দেশ হৈছে । একেখন গাঁৱৰে তিনিগৰাকীকৈ যুৱতী নিৰুদ্দেশ হোৱা কাণ্ডত অঞ্চলজুৰি গভীৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.