নলবাৰীৰ ভেলেঙীমাৰী চৰত ভূমিকেন্দ্ৰিক সংঘাত

By

Published : Aug 30, 2022, 2:59 PM IST

thumbnail

বৰক্ষেত্ৰীৰ ভেলেঙীমাৰী চৰত দুই পৰিয়ালৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা(Land conflict in Nalbari) । এডোখৰ ভূমিক কেন্দ্ৰ কৰি দুই পৰিয়ালৰ মাজত সংঘটিত হয় মাৰপিটৰ ঘটনা । দুয়ো পৰিয়ালৰ মাৰপিটৰ ঘটনাত চাৰিজনকৈ লোক গুৰুতৰভাৱে আহত হয়(4 seriously injured in land conflict) । আহত চাৰিওজনক মুকালমুৱা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । আহত কেইজনৰ নাম ক্ৰমে নিলচান আলী, নুৰুল হ'ক, জমেলা খাতুন আৰু জাহানাৰা বেগম । জানিব পৰা মতে এডোখৰ ভূমিক কেন্দ্ৰ কৰি জামাল আলীৰ পৰিয়াল আৰু দাৰোগ আলীৰ পৰিয়ালৰ মাজত পূৰ্বৰে পৰা বিবাদ চলি আছিল । প্ৰায় ৭ বিঘা ১ কঠা পৰিমাণৰ ভূমি ডোখৰৰ বিবাদ সন্দৰ্ভত নলবাৰী আদালতত দুয়োটা পৰিয়ালৰ মাজত গোচৰো চলি আছে । কিন্তু গোচৰাধীন ভূমি ডোখৰত দাৰোগ আলীৰ পৰিয়ালে ট্ৰেক্টৰেৰে হাল বাবলৈ যোৱাত জামাল আলীৰ পৰিয়ালে বাধা দিওতেই সংঘটিত হয় সংঘাতৰ । ইতিমধ্যে সমগ্ৰ ঘটনাৰ উচিত তদন্ত বিচাৰি ভাংনামাৰী আৰক্ষী থানাত এজাহাৰ দাখিলে কৰিছে ভুক্তভোগী জামাল আলীৰ পৰিয়ালে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.