নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে নাওবৈচাত আছুৰ সমদল

author img

By

Published : Aug 30, 2022, 4:40 PM IST

AASU Harmuti branch

ড্ৰাগছসহ অন্যান্য নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল আছু ৷ ছাত্ৰ সংগঠনটোৱে লখিমপুৰৰ হাৰমতীত সমদল উলিয়াই নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে (AASU protest at Harmuti)৷

নাওবৈচা, ৩০ আগষ্ট: সদৌ লখিমপুৰ ছাত্ৰ সন্থাৰ হাৰমতী আঞ্চলিকে(AASU Harmuti branch) মঙলবাৰে হাৰমতীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ হাৰমতী বজাৰৰ মাজেৰে সমদল বাহিৰ কৰি নিচাজাতীয় দ্ৰব্যৰ অবৈধ ব্যৱসায় বন্ধ আৰু ঘাটি উচ্ছেদৰ দাবীৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে (AASU protest at Harmuti)।

নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে নাওবৈচাত আছুৰ সমদল

হাৰমতী-বান্দৰদেৱাত মাদক দ্ৰব্যৰ ঘাটি দৈনিক স্থাপন হোৱাৰ লগতে লখিমপুৰৰ বিভিন্ন অঞ্চলত ভয়াবহ ড্ৰাগছ, গাঞ্জা আৰু অৰুণাচলীৰ অবৈধ বেপাৰে চানি ধৰাত পৰিৱেশ বিনষ্ট হৈ আহিছে (Drugs in Lakhimpur)। সমান্তৰালভাৱে মাৰাত্মক ড্ৰাগছ আৰু গাঞ্জা সেৱনৰ প্ৰতি যুৱ প্ৰজন্মৰ আৰু আন আন ব্যক্তিৰ আসক্তিও বৃদ্ধি পাইছে বুলি দাবী কৰে ছাত্ৰ সংগঠনটোৱে । এইসমূহ অবৈধ ব্যৱসায় উচ্ছেদ তথা বন্ধ কৰাৰ দাবীৰে প্ৰায় তিনি শতাধিক ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণেৰে মঙলবাৰে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ছাত্ৰ সংগঠনটোৱে ।

ইয়াৰোপৰি লখিমপুৰৰ বিভিন্ন ঠাইত হাউচি নামৰ এবিধ জুৱা খেল চলি থকাৰ অভিযোগ ৰাইজে বিভিন্ন সময়ত উত্থাপন কৰি আহিছে যদিও আৰক্ষী-প্ৰশাসন এই ক্ষেত্ৰত সম্পূৰ্ণ নীৰৱ ভূমিকা পালন কৰি আহিছে বুলি ছাত্ৰ সংগঠনটোৱে অভিযোগ তোলে । যদিহে অনাগত দিনত এই অবৈধ ব্যৱসায়সমূহ বন্ধ তথা উচ্ছেদ কৰাৰ ক্ষেত্ৰত আৰক্ষী-জিলা প্ৰশাসনে গুৰুত্বপূৰ্ণ ভূমিকা পালন নকৰে তেন্তে ছাত্ৰ সংগঠনটোৱে ইয়াতকৈও জংগী আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰে (AASU protest against intoxicants)।

লগতে পঢ়ক: কাজিৰঙাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.