ETV Bharat / state

কাজিৰঙাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

author img

By

Published : Aug 30, 2022, 9:12 AM IST

kmss protest in kaziranga
কাজিৰঙাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

কাজিৰঙাৰ দাঁতিকাষৰীয়া অঞ্চলসমূহৰ থলুৱা লোকসকলক উচ্ছেদ আৰু অত্যাচাৰ বন্ধৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তীব্ৰ প্ৰতিবাদ(Protest in Kaziranga) । কঁহৰা বনাঞ্চলৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি ৰাজ্যৰ বনমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ প্ৰতিবাদকাৰীৰ ।

কাজিৰঙা,৩০ আগষ্ট: KMSS ৰ বোকাখাত মহকুমা সমিতিয়ে ঘেৰাও কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলৰ বনাঞ্চলিক বিষয়াৰ কাৰ্য্যালয়(Protest in Kaziranga) । দাঁতিকাষৰীয়া থলুৱা লোকক উচ্ছেদ আৰু অত্যাচাৰ বন্ধৰ দাবীত সাব্যস্ত কৰে এই প্ৰতিবাদ(KMSS protests in Kaziranga with various demands) ।

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে কৃষক মুক্তিৰ সদস্যসকলৰ লগতে ৰাষ্ট্ৰীয় উদ্যানখনৰ দাঁতিকাষৰীয়া অঞ্চলৰ শতাধিক লোকে ৷ উল্লেখ যে,কিছুদিন পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ১নং শিলডুবিৰ নিবাসী ধিৰো গোৱালা নামৰ এজন লোকৰ নিৰ্মাণৰত অৱস্থাত থকা এটা বাসগৃহ ভাঙি পেলোৱাৰ ভাবুকি দিছিল । লগতে, বন বিভাগে লোকজনৰ ওপৰত ব্যৱস্থা লোৱাৰো হুংকাৰ দিছিল বুলি অভিযোগ উত্থাপিত কৰিছে প্ৰতিবাদকাৰী সকলে ।

কাজিৰঙাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

সেই ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি সোমবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ঘেৰাও কৰে কঁহৰা বনাঞ্চলিক বিষয়ৰ কাৰ্য্যালয় । পৰৱৰ্তী সময়ত বোকাখাত মহকুমা দণ্ডাধীশৰ উপস্থিতিত বনাঞ্চলিক বিষয়াৰ যোগেদি ৰাজ্যৰ বনমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰীসকলে । ইফালে, প্ৰতিবাদকাৰীসকলক বনাঞ্চলিক বিষয়াই আশ্বাস দিয়ে যে, বৰ্তমানলৈকে উচ্ছেদ সন্দৰ্ভত কোনো সিদ্ধান্ত লোৱা হোৱা নাই ।

লগতে পঢ়ক: মই মোগলক লৈ গৌৰৱান্বিত যিয়ে আমাক হিন্দুস্তানৰ পৰিচয় দিছিল, কংগ্ৰেছ সাংসদ আব্দুল খালেক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.