ETV Bharat / state

মই মোগলক লৈ গৌৰৱান্বিত যিয়ে আমাক হিন্দুস্তানৰ পৰিচয় দিছিল, কংগ্ৰেছ সাংসদ আব্দুল খালেক

author img

By

Published : Aug 30, 2022, 7:10 AM IST

বৰপেটা সমষ্টিৰ লোকসভাৰ সাংসদ আব্দুল খালেকৰ বিতৰ্কিত মন্তব্য (MP Abdul Khaleque controversy comment on Mughal)৷ মোগলে ভাৰতক এখন ৰোডমেপ দিয়া আৰু ইয়াক 'হিন্দুস্তান' নাম দিয়া বুলি উল্লেখ কৰি সাংসদগৰাকীয়ে কয়, মোগলৰ অবিহনে দেশৰ স্বাধীনতা সংগ্ৰাম অসম্পূৰ্ণ হৈয়ে থাকিলহেঁতেন (I am proud of Mughals) ।

I am proud of Mughals who gave us Hindustan identity
মই মোগলক লৈ গৌৰৱান্বিত যিয়ে আমাক হিন্দুস্তানৰ পৰিচয় দিছিল

নিউজ ডেস্ক,30 আগষ্ট: বৰপেটা সমষ্টিৰ লোকসভাৰ সাংসদ আব্দুল খালেকে (Lok Sabha MP Abdul Khaleque ) এক বিতৰ্কিত মন্তব্যৰে দাবী কৰিছে যে, মোগলে ভাৰতক এখন ৰোডমেপ দিছিল আৰু ইয়াক নাম দিছিল 'হিন্দুস্তান' (Mughals gave Hindustan identity says Cong MP) ৷ মই মোগলক লৈ গৌৰৱান্বিত বুলি উল্লেখ কৰি কংগ্ৰেছ নেতাজনে ক’লে, মোগলৰ অবিহনে দেশৰ স্বাধীনতা সংগ্ৰাম অসম্পূৰ্ণ হৈয়ে থাকিলহেঁতেন ।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ (Assam Chief Minister Himanta Biswa Sarma) লক্ষ্য কৰি তেওঁ কয়, "আমাৰ মুখ্যমন্ত্ৰীৰ মোগলৰ প্ৰতি এলাৰ্জি আছে ; অৱশ্যে, শৰ্মাইও দাবী কৰিছিল যে মোগল যুগৰ পৰাই দিল্লী ভাৰতৰ ৰাজধানী আছিল । যদিও তেওঁ ইয়াক মুকলিকৈ প্ৰকাশ কৰিবলৈ অস্বস্তি অনুভৱ কৰে; কিন্তু সেয়াই বাস্তৱ ৷"

"কংগ্ৰেছৰ সাংসদজনে লগতে উল্লেখ কৰিলে যে, মোগলসকলে ভাৰতত লালকিল্লা আৰু তাজমহলৰ দৰে স্মাৰক নিৰ্মাণ কৰিছিল আৰু সেয়েহে দেশলৈ তেওঁলোকে দি যোৱা অৱদান কেতিয়াও উপেক্ষা কৰিব নোৱাৰি । মুখ্যমন্ত্ৰী শৰ্মাই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক লক্ষ্য কৰি লোৱাৰ প্ৰসংগত ক’লে, মোগলৰ সময়ৰ পৰাই ভাৰতৰ ৰাজধানী দিল্লী আছিল (Assam cm targeted Delhi CM Arvind Kejriwal) ।

লোকসভাৰ সাংসদজনে লগতে কয় যে, দেশৰ প্ৰতিগৰাকী প্ৰধানমন্ত্ৰীয়ে স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাতহে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি আহিছে ।" যদি আমি মোগলক ইমানেই বেয়াই পাওঁ, তেন্তে লালকিল্লাত ত্ৰিৰংগা উত্তোলন কৰাটো কেতিয়াও সঠিক কাম হ'ব নোৱাৰে," তেওঁ লগতে এইদৰে উল্লেখ কৰে ।

লগতে পঢ়ক: ভাৰতৰ ৰাজধানী পাঁচটা স্থানত হোৱাটো বিচাৰে হিমন্ত বিশ্ব শৰ্মাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.