অসম

assam

Lok Sabha Election 2024: বদৰুদ্দিন আজমল হিমন্ত বিশ্ব শৰ্মাৰ বিশ্বস্ত বন্ধু; ৰকিবুল হুছেইন

By ETV Bharat Assamese Team

Published : Sep 24, 2023, 10:55 PM IST

বদৰুদ্দিন আজমল হিমন্ত বিশ্ব শৰ্মাৰ বিশ্বস্ত বন্ধু ৷ এই কথা কংগ্ৰেছে কোৱা নাই এই কথা স্বীকাৰ কৰিছে খোদ হিমন্ত বিশ্ব শৰ্মাই ৷ হিমন্ত বিশ্ব শৰ্মাই যি কয় তাকে কৰে বদু ভাই অৰ্থাৎ বদৰুদ্দিন আজমলে ৷ হিমন্ত বিশ্বই আজমলক মৰমতে বদু ভাই বুলি উল্লেখ কৰি বদৰুদ্দিন আজমলক বন্ধু বুলি কৈছে বুলি মন্তব্য কৰে বিধায়ক ৰকিবুল হুছেইনে ৷

Rokibul Hussain slams AIUDF and BJP
বদৰুদ্দিন আজমল হিমন্ত বিশ্ব শৰ্মাৰ বিশ্বস্ত বন্ধু; ৰকিবুল হুছেইন

বদৰুদ্দিন আজমল হিমন্ত বিশ্ব শৰ্মাৰ বিশ্বস্ত বন্ধু; ৰকিবুল হুছেইন

তেজপুৰ, ২৪ ছেপ্টেম্বৰ: "আগন্তুক লোকসভা নিৰ্বাচনত বদৰুদ্দিন আজমল অভিলেখ সংখ্যক ভোটত পৰাস্ত হ’ব ৷ ধুবুৰীৰ ৰাইজে তেওঁক প্ৰত্যাখ্যান কৰিব ৷ কেৱল আজমলেই নহয়, এইবাৰ সমগ্ৰ দেশৰ লগতে ৰাজ্যত বিৰোধী ৰাজনৈতিক মিত্ৰজোঁট ইণ্ডিয়াই নিৰ্বাচনত পৰাস্ত কৰিব বিজেপিক ৷" দেওবাৰে তেজপুৰত সংবাদমাধ্যমৰ আগত এই দাবী কৰে কংগ্ৰেছ বিধায়িনী দলৰ উপদলপতি ৰকিবুল হুছেইনে ৷

উল্লেখ্য যে, অহা ২৯ অক্টোবৰত তেজপুৰত শোণিতপুৰত জিলাভিত্তিক এখন বিশাল ৰাজহুৱা সভা অনুষ্ঠিত কৰাৰ লক্ষ্য লৈছে আৰু এই সভাৰ বাবেই এক প্ৰস্তুতি সভা আজি অনুষ্ঠিত হয় তেজপুৰস্থিত জিলা কংগ্ৰেছৰ কাৰ্যালয়ত ৷ এই সভাত অংশ লোৱা উপদলপতি তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে এ আই ইউ ডি এফৰ বিজেপিৰ বিশেষকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সম্পৰ্ক থকা বুলি প্ৰকাশ কৰে ৷

আনহাতে ধুবুৰীত হুছেইন বিৰোধী দলৰ প্ৰাৰ্থী হ’ব নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত হুছেইনে কংগ্ৰেছ তথা বিৰোধী মিত্ৰজোঁটে উমৈহতীয়া প্ৰচেষ্টাৰে আজমলক বিপুল ভোটত পৰাভূত কৰিব পাৰিব বুলি মন্তব্য কৰি লগতে কয় যে, বিজেপিৰ মিত্ৰজোঁট অগপ আৰু ইউপিপিএলক কিমান আসন বিজেপিয়ে এৰি দিব সেই প্ৰশ্ন কোনেও নকৰে ৷ অগপই পাঁচখন আৰু ইউপিপিএলে বিজেপিৰ পৰা দুখন আসন বিচাৰিছে ৷

আনহাতে, এক দেশ এক নিৰ্বাচনৰ বিৰোধিতা কংগ্ৰেছে কৰি অহা বুলি মন্তব্য কৰি প্ৰাক্তন মন্ত্ৰী হুছেইনে কয় যে, প্ৰথমতে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ইয়াৰ সমৰ্থন কৰিছিল যদিও এতিয়া তেওঁ এয়া বিচৰা নাই ৷ হুছেইনে কয় যে, এনে হ’লে মুখ্যমন্ত্ৰীয়েই পদত্যাগ কৰিব লাগিব ৷ সকলো শ্ৰেণীৰ লোকৰ ওপৰতে এতিয়া অত্যাচাৰ চলিছে ৷ উজনিৰ চাহশ্ৰমিকৰ বিদ্যুৎ সংযোগ সমূহীয়াভাৱে কৰ্তন কৰি দিয়া হৈছে ৷

লগতে হুছেইনে কয় যে, এটা অঞ্চলৰ পাঁচজনে বিদ্যুৎ বিল আদায় নিদিলে আদায় দিয়া ৪৫ জনৰো সংযোগ কৰ্তন কৰে ৷ বদৰুদ্দিন আজমল হিমন্ত বিশ্ব শৰ্মাৰ বিশ্বস্ত বন্ধু ৷ এই কথা কংগ্ৰেছে কোৱা নাই এই কথা স্বীকাৰ কৰিছে খোদ হিমন্ত বিশ্ব শৰ্মাই ৷ হিমন্ত বিশ্ব শৰ্মাই যি কয় তাকে কৰে বদু ভাই অৰ্থাৎ বদৰুদ্দিন আজমলে ৷ মৰমতে আজমলক বদু ভাই বুলি উল্লেখ কৰি এই কথা হিমন্ত বিশ্বই কৈছে যে বদৰুদ্দিন আজমল তেওঁৰ বন্ধু ৷

"ইতিমধ্যে বদৰুদ্দিন আজমল বা তেওঁৰ দলৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা নহয় বুলি নতুন দিল্লীত ৰাহুল গান্ধীয়ে ঘোষণা কৰাৰ পিচতে সকলো স্পষ্ট হৈ পৰিল যে, বদৰুদ্দিন আজমল কাৰ বন্ধু ৷ মুখ্যমন্ত্ৰীৰ পত্নীয়ে সাংসদ গৌৰৱ গগৈৰ বিৰূদ্ধে ১০ কোটি টকাৰ যি মানহানি গোচৰ তৰিছে তাক গগৈৰ লগতে কংগ্ৰেছ দলে স্বাগতম জনাইছে ৷ আদালতত কংগ্ৰেছ দলে বা গৌৰৱ গগৈয়ে প্ৰমাণ দাখিল কৰিব ৷ " ৰকিবুল হুছেইনে সদৰী এইদৰে মন্তব্য প্ৰকাশ কৰে ৷

আনহাতে প্ৰশ্নোত্তৰ কালত বিষয়টোকলৈ কংগ্ৰেছে পাঁচবাৰকৈ প্ৰশ্ন উত্থাপন কৰিবলৈ বিচৰা সত্বেও নজিৰবিহীনভাৱে ইয়াৰ অনুমতি দিয়া নহ’ল বুলি ক্ষোভ উজাৰে হুছেইনে ৷

লগতে পঢ়ক:Assam BJP Slams Congress : বৰ্তমান সময়ত কংগ্ৰেছৰ ওচৰত কোনো ৰাজনৈতিক ইচ্ছ্যু নাই; ৰঞ্জীৱ কুমাৰ শৰ্মা

ABOUT THE AUTHOR

...view details